ETV Bharat / politics

ভাৰতবৰ্ষত নৱ প্ৰভাতৰ সূচনা হ’ল : মুখ্যমন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 5:50 PM IST

Updated : Jan 23, 2024, 11:36 AM IST

Ram Mandir Consecration : ভাৰতবৰ্ষৰ নৱ প্ৰভাতৰ সূচনা হ’ল- হৰিজন কলনিত এক বিশেষ অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰে ৷ 500 বছৰীয়া দাসত্বৰ পৰা ভাৰতবৰ্ষ মুক্ত হ’ল বুলি মন্তব্য কৰে তেওঁ ৷

Ram Mandir Consecration
দাসত্বৰ পৰা ভাৰতবৰ্ষ মুক্ত হ’ল বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ
ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, 22 জানুৱাৰী : "আজি ভাৰতবৰ্ষৰ নৱ প্ৰভাতৰ সূচনা হ’ল ৷ 500 বছৰীয়া দাসত্বৰ পৰা ভাৰতবৰ্ষ মুক্ত হ’ল ৷ এতিয়া ভাৰত বিশ্বগুৰুৰ পথত ধাৱমান হ’ব ৷" এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে গুৱাহাটীৰ ফটাশিল আমবাৰীৰ হৰিজন কলনীত সোমবাৰে আয়োজন কৰা বিশেষ অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰে ৷

হৰিজন কলনীৰ এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে, আজি ভাৰতত নৱ প্ৰভাতৰ সূচনা হৈছে ৷ এতিয়া ভাৰত বিশ্বগুৰু হোৱাৰ পথত ধাৱমান হ’ব ৷ ভাৰতত এতিয়া নৱ প্ৰভাতৰ সৃষ্টি হ'ব ৷

ৰামৰ জন্মভূমি অযোধ্যাত ৰাম মন্দিৰত সোমবাৰে প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে সমগ্ৰ দেশৰ লগতে অসমতো ব্যাপক উৎসাহ পৰিলক্ষিত হয় ৷ ৰাম মন্দিৰৰ শুভ উদ্বোধন অনুষ্ঠানক কেন্দ্ৰ কৰি ঠায়ে ঠায়ে দেখা গ’ল উখল-মাখল পৰিৱেশ, ব্যাপক প্ৰস্তুতি ৷ গুৱাহাটীতো ৰাম মন্দিৰ প্ৰতিষ্ঠাক কেন্দ্ৰ কৰি দেখা গ’ল উৎসৱমুখৰ পৰিৱেশ ৷ অযোধ্যাত অনুষ্ঠিত বহু প্ৰত্যাশিত এই কাৰ্যসূচী উপলক্ষে মহানগৰীৰ ফটাশিল আমবাৰীৰ হৰিজন কলনিত অনুষ্ঠিত হয় এক বিশেষ অনুষ্ঠান ৷ এই অনুষ্ঠানত ৰাম ভক্ত তথা ধৰ্মপ্ৰাণ ৰাইজৰ ব্যাপক সমাগম হোৱা পৰিলক্ষিত হয় ৷ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷

এই অনুষ্ঠানতে অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ কাৰ্যসূচী মুখ্যমন্ত্ৰীৰ উপস্থিতিত পোনপটীয়াকৈ সম্প্ৰচাৰণ কৰা হয় ৷ জয় শ্ৰী ৰাম ধ্বনিৰে মুখৰিত হৈ পৰে হৰিজন কলনি ৷ অনুষ্ঠান মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু মন্ত্ৰী অশোক সিংহল উপস্থিত আছিল ৷ ইফালে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিছতেই গুৱাহাটীৰ বিভিন্ন ৰাজপথত একাংশ ভগৱান ৰামৰ ভক্তই বাইক ৰেলী উলিয়াই, জয় শ্ৰীৰাম ধ্বনিৰে ৰাজপথ মুখৰিত কৰি তোলা দেখা যায় ৷

উল্লেখ্য যে 22 জানুৱাৰী অৰ্থাৎ সোমবাৰে অযোধ্যাৰ ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কৰা হয় ৷ এই প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান পৰিচালনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতৰ উপস্থিতিত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান সম্পন্ন কৰা হয় ৷

লগতে পঢ়ক : পৰম্পৰাগত পোছাকত প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ নেতৃত্ব প্ৰধানমন্ত্ৰী মোদীৰ; গৃহ মন্ত্ৰী- প্ৰতিৰক্ষা মন্ত্ৰীৰ প্ৰাৰ্থনা

Last Updated : Jan 23, 2024, 11:36 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.