ETV Bharat / politics

চণ্ডিগড়ৰ মেয়ৰ নিৰ্বাচনক লৈ বিতৰ্ক, আপৰ কেইবাজনো নেতা-কৰ্মীক আটক

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 1:25 PM IST

Chandigarh mayor election 2024 : চণ্ডিগড়ৰ মেয়ৰ নিৰ্বাচনৰ ফলাফলক লৈ সন্তুষ্ট নহয় আম আদমি পাৰ্টী আৰু ইণ্ডিয়া ব্লক । দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত আম আদমি পাৰ্টীৰ প্ৰতিবাদী কাৰ্যসূচী । হাৰিয়ানা আম আদমি পাৰ্টীৰ সভাপতি সুশীল গুপ্তাকে ধৰি ২০ৰো অধিক আপ কৰ্মীক আটক ।

Chandigarh mayor election 2024
চণ্ডিগড়ৰ মেয়ৰ নিৰ্বাচনক লৈ বিতৰ্ক

নেশ্যনেল ডেস্ক, ২ ফেব্ৰুৱাৰী : চণ্ডিগড়ৰ মেয়ৰ নিৰ্বাচনৰ ফলাফলক লৈ বিতৰ্ক অব্যাহত আছে । মেয়ৰ নিৰ্বাচনত বিজেপি প্ৰাৰ্থীৰ জয়ৰ পিচতে আম আদমি পাৰ্টী আৰু কংগ্ৰেছ মিত্ৰজোঁটে প্ৰতিবাদ অব্যাহত ৰাখিছে । মিত্ৰজোঁটে ইতিমধ্যে বিষয়টোক লৈ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে । এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰো আজি শুনানি হ'ব ।

সম্প্ৰতি আম আদমি পাৰ্টীৰ নেতাসকলে দিল্লীলৈ যাত্ৰা কৰিছে । এনে পৰিস্থিতিত দিল্লী সিঙঘু সীমান্তত আম আদমি পাৰ্টীৰ বহু সংখ্যক কৰ্মী উপস্থিত হৈছে । ইফালে দিল্লী বিজেপিৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে হাৰিয়ানা আম আদমি পাৰ্টীৰ সভাপতি সুশীল গুপ্তাক মঙলবাৰে আৰক্ষীয়ে আটক কৰিছে ।

দিল্লী আৰক্ষীৰ সূত্ৰৰ মতে আৰক্ষীয়ে এতিয়ালৈকে সিঙ্ঘু সীমান্তৰ পৰা আম আদমি পাৰ্টীৰ ২৫ জন কৰ্মীক আটক কৰিছে । তেওঁলোকৰ আটাইকেইজন পাঞ্জাব আৰু হাৰিয়ানাৰ আম আদমি পাৰ্টিৰ কৰ্মী । আৰক্ষীয়ে সন্দেহ কৰিছে যে তেওঁলোকে শুকুৰবাৰে দলৰ প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ কথা আছিল ।

ইয়াৰ উপৰিও আন কিছুমান কৰ্মকো বাধা দিয়া হৈছে । আৰক্ষীয়ে কৈছে যে যি সকলক সীমান্তত আটক কৰা হৈছে তেওঁলোকক প্ৰমাণীকৰণৰ পিচত যাবলৈ অনুমতি দিয়া হ'ব । সীমান্তত বাহনসমূহৰ ওপৰতো চোকা দৃষ্টি ৰখা হৈছে ।

উল্লেখ্য যে, চণ্ডিগড়ৰ মেয়ৰ নিৰ্বাচনত ৰিগিং কৰাৰ অভিযোগত আম আদমি পাৰ্টীয়ে শুকুৰবাৰে অৰ্থাৎ আজি দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত প্ৰতিবাদ কৰাৰ প্ৰস্তুতি চলাইছে । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পাঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানেও প্ৰতিবাদত অংশগ্ৰহণৰ কথা আছে ।

এই ক্ষেত্ৰত দিল্লীৰ মন্ত্ৰী তথা আম আদমি পাৰ্টীৰ নেতা গোপাল ৰায়ে কয় যে চণ্ডিগড়ত বিজেপি যিধৰণে উন্মোচিত হৈছে আৰু তেওঁলোকে যিধৰণে ষড়যন্ত্ৰ কৰিছে তাৰ বিৰুদ্ধে আপে প্ৰতিবাদ সাব্যস্ত কৰিছে । শান্তিপূৰ্ণ প্ৰতিবাদৰ পূৰ্বে তেওঁৰ দলৰ বিধায়ক আৰু কাউঞ্চিলাৰসকলক গৃহবন্দী কৰি ৰখা হৈছে । তেওঁ কয় যে বিজেপিয়ে কেতিয়াও তেওঁলোকৰ প্ৰকৃত চৰিত্ৰ ৰাইজৰ আগত উন্মোচিত হোৱাটো নিবিচাৰে ।

চণ্ডিগড়ৰ মেয়ৰ নিৰ্বাচনত বিজেপিৰ মনোজ সোনকাৰে আম আদমি পাৰ্টী-কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থী কুলদীপ তিতাক পৰাস্ত কৰিছে । বিজেপিৰ মনোজ কুমাৰে আসনখনত ১৬ টা ভোটত জয়ী হয় । ইণ্ডিয়া ব্লকৰ প্ৰাৰ্থী কুলদীপে ১২ টা ভোট লাভ কৰিছিল । একে সময়তে, ৮ টা ভোট অবৈধ বুলি ঘোষণা কৰা হৈছিল ।

লগতে পঢ়ক : বিজেপিৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত প্ৰতিবাদত বহিব মুখ্যমন্ত্ৰী কেজৰিৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.