ETV Bharat / politics

ঝাৰখণ্ডত সংখ্যাগৰিষ্ঠতা প্ৰমাণ চম্পাই চৰকাৰৰ, আস্থা ভোটত জয়ী

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 4:19 PM IST

Champai Soren government: ঝাৰখণ্ডৰ নৱগঠিত চম্পাই ছোৰেন চৰকাৰ আস্থা ভোটত জয়ী হৈছে । ঝাৰখণ্ড বিধানসভাৰ বিশেষ অধিৱেশনত তেওঁ সংখ্যাগৰিষ্ঠতা নিশ্চিত কৰি চৰকাৰ সুৰক্ষিত কৰিছে ।

Champai Soren government
আস্থা ভোটত জয়ী চম্পাই ছোৰেন চৰকাৰ

নিউজ ডেস্ক, 5 ফেব্ৰুৱাৰী : মুখ্যমন্ত্ৰী চম্পাই ছোৰেনৰ নেতৃত্বত ঝাৰখণ্ডৰ নৱগঠিত চৰকাৰখনে সদনত সংখ্যাগৰিষ্ঠতা প্ৰামাণ কৰিছে ৷ ঝাৰখণ্ড বিধানসভাৰ বিশেষ অধিৱেশনত তেওঁ আস্থা ভোটত জয়ী হৈছে ৷

উল্লেখ্য যে, হেমন্ত ছোৰেনৰ পদত্যাগৰ পিছত চম্পাই ছোৰেনে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল ৷ ইয়াৰ পিছতে ৰাজ্যপালে তেওঁক 10 দিনৰ ভিতৰত সদনত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ আহ্বান জনাইছিল ৷ 5 ফেব্ৰুৱাৰীত তেওঁ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ বিধানসভাৰ এক বিশেষ অধিৱেশন আহ্বান কৰিছিল আৰু এই বিশেষ অধিৱেশনত, চম্পাই চৰকাৰ আস্থা ভোটত জয়ী হয় ৷

চম্পাই ছোৰেনে ইতিমধ্যে বিধানসভাত স্পষ্ট কৰি দিছিল যে তেওঁৰ চৰকাৰৰ সংখ্যাগৰিষ্ঠ সংখ্যা আছে ৷ এই ক্ৰমত, তেওঁ আহ্বান কৰা বিশেষ অধিৱেশনতো তেওঁৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিছে ৷ বিধানসভাত অনুষ্ঠিত ভোটদানত শাসকীয় দলটোৱে 47 টা ভোট লাভ কৰাৰ বিপৰীতে বিৰোধীয়ে 29 টা ভোট লাভ কৰে ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনো এই বিশেষ অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ উপস্থিত হৈছিল সদনত ৷ সদনত সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত, মুখ্যমন্ত্ৰী চম্পাই ছোৰেনক অতি সুখী আৰু আনন্দিত দেখা গৈছিল ৷

বৰ্তমান ঝাৰখণ্ড মুক্তি মৰ্চাত 29 জন, কংগ্ৰেছৰ 19 জন, চিপিআই(এম এল) আৰু ৰাষ্ট্ৰীয় জনতা দলৰ (আৰ জে ডি) এজনকৈ বিধায়ক আছে ৷ ৰাষ্ট্ৰীয় জনতা দলৰ (আৰ জে ডি) বিধায়ক সত্যানন্দ ভোগতাই মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে ৷ কংগ্ৰেছৰ 17 জন বিধায়ক আছে, যাৰ ভিতৰত আলমগীৰ আলমেও মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে ৷ ঝাৰখণ্ড মুক্তি মৰ্চাৰ 29 জনৰ ভিতৰত চম্পাই ছোৰেনে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৷ এই তিনিজন লোকে শপত গ্ৰহণ কৰি চৰকাৰ গঠন কৰে আৰু তাৰ পিছত তেওঁলোকক ৰাজ্যপালে তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ আহ্বান জনাইছিল ৷ ইয়াৰ বাবে ঝাৰখণ্ড বিধানসভাৰ এক বিশেষ অধিৱেশন আহ্বান কৰা হৈছিল ৷

লগতে পঢ়ক : কেচিআৰে তেলেংগানাৰ ৰাইজক বিশ্বাসঘাতকতা কৰাৰ অভিযোগ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.