ETV Bharat / politics

ইউ পি পি এলত চন্দন ব্ৰহ্মৰ যোগদানে ক্ষতি কৰিব বি পি এফক : প্ৰমোদ বড়ো - Pramod Boro slams Hagrama Mohilary

author img

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 10:34 PM IST

UPPL joining
বিটিআৰ মুখ্য় কাৰ্যবাহী সদস্য় প্ৰমোদ বড়ো

Pramod Boro on BPF: বড়োভূমিত চাফা হ'ব বি পি এফ । নাঙলৰ প্ৰতীকত আৰু নিৰ্বাচন খেলিবলৈ কোনেও ইচ্ছা নকৰিব বুলি মন্তব্য় বি টি আৰ প্ৰধান প্ৰমোদ বড়োৰ ।

বিটিআৰ মুখ্য় কাৰ্যবাহী সদস্য় প্ৰমোদ বড়ো

নলবাৰী, ১৩ এপ্ৰিল: লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে আৰম্ভ হৈছে নেতাসকলৰ দল বাগৰা ৰাজনীতি । তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগা লোকসভা নিৰ্বাচনৰ সমষ্টি সমূহতো দল বাগৰা ৰাজনীতিৰ লগতে নেতাসকলৰ মাজত চলিছে আক্ৰমণ-প্ৰতি আক্ৰমণ । ক'ৰবাত আন দললৈ নেতা গৈছে যদি আন ক'ৰবাত এজনে আনজনৰ সমালোচনাৰে চলাইছে নিৰ্বাচনী প্ৰচাৰ । এনে প্ৰচাৰৰ সময়তেই একালৰ বি পি এফৰ প্ৰভাৱশালী নেতা তথা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই ইউ পি পি এলত যোগদান কৰে দুদিন পূৰ্বে । এই সন্দৰ্ভত আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বি টি আৰৰ মুখ্য় কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োৱে কয় যে চন্দন ব্ৰহ্মৰ ইউ পি পি এলত যোগদানে দলটোক অধিক শক্তিশালী কৰিব ।

  • " class="align-text-top noRightClick twitterSection" data="">

বিটিআৰ মুখ্য় কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োৱে পুনৰ কয় যে চন্দন ব্ৰহ্মৰ ইউপিপিএলত যোগদানে ক্ষতি কৰিব বিপিএফক । চন্দন ব্ৰহ্মৰ যোগদানে বড়োভূমিৰ পৰা লাহে লাহে বিপিএফ আৰু নাইকিয়া কৰিব । নলবাৰীত প্ৰধানমন্ত্ৰীৰ জনসভাথলী পৰিদৰ্শন কৰিবলৈ আহি এইদৰে মন্তব্য কৰে বিটিআৰ মুখ্য় কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োৱে । ইউপিপিএল নেতাগৰাকীয়ৈ লগতে কয় যে ২০২৬ ৰ বিধানসভা নিৰ্বাচনলৈ বড়োভূমিত চাফা হৈ যাব বিপিএফ আৰু হাগ্ৰামা মহিলাৰী । "২৬ৰ বিধানসভা নিৰ্বাচনলৈ বড়োভূমিত বিপিএফক কোনো ভোটাৰেই বিচাৰি নাপাব বুলিও মন্তব্য কৰে প্ৰমোদ বড়োৱে ।

আনহাতে, বিটিআৰত বড়ো-অবড়ো ৰাজনীতি কেৱল হাগ্ৰমাৰ লুণ্ঠনৰাজেহে সৃষ্টি কৰা শব্দ বুলি মন্তব্য় আগবঢ়ায় নেতাগৰাকীয়ে । বৰ্তমান হাগ্ৰামা মহিলাৰী বিটিআৰত ক্ষমতাত নথকাত বড়োভূমিত হত্যা- হিংসা আঁতৰি সকলোৰে মাজত সম্প্ৰীতিৰ সৃষ্টি হৈছে বুলিও মন্তব্য কৰে প্ৰমোদ বড়োৱে । ইপিনে, সাংসদ নৱ শৰণীয়াৰ প্ৰৰ্থিত্ব সন্দৰ্ভত চলি থকা দোমোজাক লৈ কোনো মন্তব্য নকৰিলে প্ৰমোদ বড়োৱে । নৱ শৰণীয়াৰ প্ৰাৰ্থিত্ব সন্দৰ্ভত উচ্চ ন্যায়ালয়েহে জানিব বুলি উল্লেখ কৰি এইক্ষেত্ৰত ইউপিপিএল প্ৰধানগৰাকীয়ে একো মন্তব্য নিদিলে । আনহাতে, অহা ১৭ এপ্ৰিলত নলবাৰীত অনুষ্ঠিত হ'বলগা প্ৰধানমন্ত্ৰীৰ জনসভাত কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা মুখ্যমন্ত্ৰীয়ে যিমান মানুহ আনিবলৈ দিয়ে সিমানেই আনিব বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে ।

লগতে পঢ়ক:ইউ পি পি এলত যোগদান প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মৰ - Chandan Brahma Joins UPPL

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.