ETV Bharat / politics

বি টি আৰ দখলৰ বাবে বিজেপিৰ ৰণনীতি কি?

author img

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 6:43 AM IST

Loksabha election 2024 Assam: সমাগত লোকসভা নিৰ্বাচন ৷ বি টি আৰৰ দুই সমষ্টিকলৈ বিজেপিৰ নতুন অংক ৷ বি টি আৰত তিনিকোণীয়া যুঁজ হোৱাৰ সম্ভাৱনা ৷ ইণ্ডি মৰ্চা হঠাৎ দুৰ্বল হোৱাৰ পাচত বি টি আৰত বাকী দলবিলাকৰ উৎসাহ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ৷

BJPs new Strategy for BTR ahead of Lok Sabha elections 2024

গুৱাহাটী, 4 ফেব্ৰুৱাৰী: ইণ্ডি মৰ্চা হঠাৎ দুৰ্বল হোৱাৰ পাচত বি টি আৰত বাকী দলবিলাকৰ উৎসাহ বৃদ্ধি পাইছে । বি টি আৰৰ দুই প্রধান আঞ্চলিক দল ইউ পি পি এল আৰু বি পি এফৰ উপৰি কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ গণ সুৰক্ষা পাৰ্টী, বিজেপি নেতৃত্বাধীন মিত্রজোঁট, কংগ্ৰেছ সকলোৱে এই দুখন আসন নিজৰ দখললৈ নিবলৈ নিজা নিজা ৰাজনৈতিক অংক আৰম্ভ কৰিছে ।

লোকসভা নিৰ্বাচনত বি টি আৰৰ দুই লোকসভা সমষ্টি কোকৰাঝাৰ আৰু দৰং ওদালগুৰি সমষ্টিত বিজেপি আৰু ইউ পি পি এল মিত্ৰজোট নিৰ্বাচনত অৱতীৰ্ণ হ'ব । কিন্তু এতিয়াও কাৰ বেনাৰত প্ৰাৰ্থী দিব সেয়া চূড়ান্ত হোৱা নাই ।‌ ইপিনে, বি পি এফ আৰু গণ সুৰক্ষা পাৰ্টীয়ে নিজাকৈ দুই সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব ।‌ যাৰ‌ বাবে এতিয়া বি টি আৰৰ দুই সমষ্টিত তিনিকোণীয়া যুঁজ হোৱাৰ সম্ভাৱনা আছে ।

জানব পৰা মতে, এতিয়া বি টি আৰৰ শাসন ইউ পি পি এল দলৰ অধীন যদিও দলটো বিভিন্ন কাৰণত সকলোৰে প্ৰিয়ভাজন হ’ব পৰা নাই । অভিযোগ মতে, যি ধৰণে বি টি আৰৰ উন্নয়নৰ কাম হ'ব লাগিছিল সেইধৰণে হোৱা নাই ।

তদুপৰি প্ৰতিটো কাম আবণ্টনত কমিছনৰ বাবেও ৰাইজ অসন্তুষ্ট । তাৰ সৈতে যোগ হৈছে বি টি আৰত অসমীয়া ভাষাৰ প্ৰতি অৱহেলাৰ কাৰণো । সেই কাৰণেই এতিয়াও বি টি আৰৰ বেছিভাগ অঞ্চলতেই হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলৰ স্থিতি ইউ পি পি এলতকৈ শক্তিশালী বুলি ধাৰণাৰ সৃষ্টি হৈছে । বিজেপিৰ এক সূত্ৰই প্ৰকাশ কৰা মতে বিজেপিয়ে ইউ পি পি এলক কোকৰাঝাৰ সমষ্টিটো এৰি দিব ।

কিন্তু বিজেপিয়ে বিজয় নিশ্চিত কৰিবলৈ প্ৰাক্তন মন্ত্রী, বি পি এফৰ জ্যেষ্ঠ নেতা চন্দন ব্ৰহ্মক ইউ পি পি এলত যোগদান কৰাই মিত্ৰজোঁটৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিবলৈ বিচাৰিছে । ইউ পি পি এলৰ নিজা প্ৰাৰ্থীক টিকট দিবলৈ বিচৰা নাই । জানিব পৰা মতে, ইউ পি পি এল দলত চন্দন ব্রহ্মই যোগ দিয়াৰ পাচতহে তেওঁক প্রার্থিত্ব দিয়াৰ গুণাগাঁথা চলিছে ।

অৱশ্যে বিজেপিৰ প্রতীকতহে তেওঁক নিৰ্বাচনত অৱতীৰ্ণ কৰিবলৈ বিচৰা হৈছে । অর্থাৎ ব্ৰহ্মই বি পি এফৰপৰা আহি ইউ পি পি এলত যোগ দিয়াৰ সম্ভাৱনা বেছি যদিও তেওঁ বিজেপিৰ প্রতীকতহে ৰাইজৰ মাজলৈ যাব লাগিব ।

অৱশ্যে ইউ পি পি এলে বিজেপিৰ এই প্ৰস্তাৱ একে আষাৰে মানি ল'বলৈ বিচৰা নাই । বি টি আৰত বিজেপিৰ প্ৰৱেশ আৰু সৰু সৰু আঞ্চলিক শক্তিক নিশকতীয়া কৰাৰ উদ্দেশ্যেই বিজেপিয়ে এই চেষ্টা চলোৱা বুলি জানিব পৰা গৈছে । বিজেপিয়ে যিকোনো প্ৰকাৰে বি পি এফকো ‘বশ’ কৰিবলৈ চেষ্টা চলাইছে যদিও এই পর্যন্ত সফল হ’ব পৰা নাই ।

বি পি এফে কোকৰাঝাৰ আৰু দৰং ওদালগুৰি দুয়োটা সমষ্টিতে প্রার্থী দিব । কোকৰাঝাৰত খাম্ফা বৰগয়াৰী আৰু দৰং ওদালগুৰিত দলৰ এজন উপ-সভাপতিক প্রার্থিত্ব দিয়াটো প্ৰায় খাটাং । বি পি এফৰ জ্যেষ্ঠ নেতাই জনোৱা মতে বি পি এফে নির্বাচনত অকলেই প্রতিদ্বন্দ্বিতা কৰিব ।

ওদালগুৰি লোকসভা সমষ্টিটোৰ সংখ্যালঘু লোকৰ ভোটৰ আশা কৰিছে বি পি এফ দলে । কাৰণ এইসকল লোকে বিজেপি আৰু কংগ্ৰেছক ভোট নিদিয়ে বুলি ধাৰণা কৰিছে বি পি এফে । ইপিনে, কোকৰাঝাৰৰ দুবাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ গণ সুৰক্ষা পাৰ্টীয়ে এইবাৰ কোকৰাঝাৰৰ উপৰি দৰং-ওদালগুৰি আৰু ডিফুত প্ৰাৰ্থী দিয়াৰ চিন্তা-চৰ্চা কৰিছে ।

দলটোৰ মুৰব্বী তথা সাংসদ শৰণীয়াই কয়, "উন্নয়ন আৰু অবড়ো ৰাইজৰ অধিকাৰৰ বিষয় লৈয়েই আমি ৰাইজৰ ওচৰলৈ যাম । মই ভূমিৰ অধিকাৰক লৈ সংসদত বহুবাৰ সৰব হৈছো । বিজেপিয়ে অধিকাৰ দিব নোখোজা বাবেহে ৰাইজৰ সমস্যা হৈছে ।"

আগৰ দুবাৰৰ দৰে এইবাৰো ৰাইজে শৰণীয়াক কোকৰাঝাৰত বিজয়ী কৰাব বুলিও তেওঁ আশাবাদী । বি টি আৰৰ দুয়োটা সমষ্টিৰ দুয়োখন আসন বিজেপি নেতৃত্বাধীন মিত্রজোঁটে যিকোনো প্ৰকাৰে দখল কৰিবলৈ সৰ্বতোপ্ৰকাৰে চেষ্টা চলাইছে । লগে লগে বি টি আৰত বিজেপিৰ সাংগঠনিক ভেঁটি সবল কৰিবলৈও চেষ্টা চলাইছে বিজেপিয়ে । আগন্তুক লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তলৈ সকলো কথা স্পষ্ট হৈ পৰিব ।

লগতে পঢ়ক : বিজয়ৰ লক্ষ্য: কোকৰাঝাৰত বিজেপি-ইউপিপিএলৰ যৌথ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.