ETV Bharat / politics

ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ পোনপটীয়া সম্প্ৰচাৰ নিষিদ্ধ, ডিএমকে চৰকাৰৰ বিৰুদ্ধে আদালতৰ কাষ চাপিল বিজেপি

author img

By ANI

Published : Jan 22, 2024, 11:30 AM IST

Updated : Jan 23, 2024, 11:15 AM IST

Ram Mandir Pran Pratishtha: তামিলনাডুৰ ডিএমকে চৰকাৰে মন্দিৰ আৰু অন্যান্য ৰাজহুৱা স্থানত ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ নিষিদ্ধ কৰাৰ অভিযোগ বিজেপিৰ । বিষয়টোৰ জৰুৰী শুনানিৰ বাবে আদালত বিজেপিয়ে আবেদন দাখিল কৰে । বিজেপিৰ অভিযোগ নস্যাৎ তামিলনাডু চৰকাৰৰ ।

BJP moves SC against Tamil Nadu govt
ডিএমকে চৰকাৰৰ বিৰুদ্ধে আদালতৰ কাষ চাপিল বিজেপি

নেশ্যনেল ডেস্ক,২২ জানুৱাৰী : আজি ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচী । দেশজুৰি ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে । ইয়াৰ মাজতে তামিলনাডু চৰকাৰৰ এক সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈছে বিজেপি । সোমবাৰে মন্দিৰ আৰু অন্যান্য ৰাজহুৱা স্থানত ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ নিষিদ্ধ কৰাৰ অভিযোগত ইতিমধ্যে আদালতৰ কাষ চাপিছে বিজেপি দল। তামিলনাডুৰ ডিএমকে চৰকাৰৰ বিৰুদ্ধে অভিযোগটোৰ জৰুৰী শুনানি বিচাৰি উচ্চতম ন্যায়ালয়ত বিজেপিয়ে আবেদন জনাইছে । তামিলনাডু বিজেপিৰ সম্পাদক বিনোজ পি চেলভামৰ হৈ অধিবক্তা জি বালাজীয়ে এই আবেদন দাখিল কৰিছে ।

আবেদনখনত কোৱা হৈছে যে ডিএমকে দলৰ দ্বাৰা পৰিচালিত ৰাজ্য চৰকাৰে তামিলনাডুৰ সকলো মন্দিৰত অযোধ্যাত ভগৱান ৰামৰ পবিত্ৰ অনুষ্ঠান প্ৰাণ প্ৰতিষ্ঠাৰ পোনপটীয়া প্ৰচাৰ নিষিদ্ধ কৰিছে । চৰকাৰে এই পবিত্ৰ অনুষ্ঠানত সকলো ধৰণৰ পূজা, অৰ্চনা আৰু অন্নদান আদি নিষিদ্ধ কৰিছে । আবেদন অনুসৰি ৰাজ্য চৰকাৰে আৰক্ষীৰ জৰিয়তে এনেধৰণৰ ক্ষমতাৰ প্ৰয়োগে সংবিধানৰ অধীনত নিশ্চিত মৌলিক অধিকাৰ উলংঘা কৰিছে বুলি বিজেপিয়ে দাবী কৰে ।

এনে পৰিস্থিতিত বিজেপিয়ে বিষয়টোত তাৎক্ষণিক ন্যায়িক হস্তক্ষেপৰ বাবে আবেদন জনাইছে । আবেদনকাৰীৰ মতে যেতিয়ালৈকে আদালতৰ দ্বাৰা তাৎক্ষণিক ন্যায়িক হস্তক্ষেপ নহয় তেতিয়ালৈকে আইন-শৃংখলাৰ সমস্যা আৰু সাংবিধানিক যন্ত্ৰৰ বিফলতা থাকিব । সেয়েহে ন্যায়ৰ স্বাৰ্থত নিশা মুখ্য ন্যায়াধীশ আদালত বা আন যিকোনো আদালতৰ সন্মুখত শুনানিৰ বাবে ৰিট আবেদনখন তালিকাভুক্ত কৰাৰ বাবে আবেদনখনত উল্লেখ কৰা হৈছে ।

ইয়াৰ পূৰ্বে দেওবাৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে অভিযোগ কৰে যে ডিএমকে নেতৃত্বাধীন তামিলনাডু চৰকাৰে ৰাজ্যিক আৰক্ষীক ২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ বাবে অনুমতি নিদিবলৈ নিৰ্দেশ দিছে ।

অৱশ্যে, ৰাজ্য চৰকাৰে কেন্দ্ৰীয় মন্ত্ৰীৰ এই দাবী খণ্ডন কৰিছে আৰু মিছা প্ৰচাৰক গৰিহণা দিছে । তামিলনাডুৰ মন্ত্ৰী পিকে চেকাৰ বাবুয়ে কয় যে ভগৱান ৰামৰ নামত কাৰ্যসূচী অনুষ্ঠিত কৰাৰ সৈতে সম্পৰ্কিত সীতাৰমণে কৰা অভিযোগ সম্পূৰ্ণৰূপে মিছা ।

মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমৰ পোষ্টত কয় যে চালেমত অনুষ্ঠিত ডিএমকে যুৱ সন্মিলনৰ পৰা জনসাধাৰণৰ মনোযোগ আঁতৰোৱাৰ প্ৰচেষ্টাত মিছা তথ্য প্ৰচাৰ কৰা হৈছে । এই কাৰ্যক তেওঁ তীব্ৰ গৰিহণা দিছে । হিন্দু ধৰ্মীয় আৰু দাতব্য এণ্ডোমেণ্ট বিভাগে ভক্তসকলৰ খাদ্য আগবঢ়োৱা, শ্ৰী ৰামৰ নামত পূজা কৰাৰ বা তামিলনাডু মন্দিৰত প্ৰসাদ প্ৰদান কৰাৰ স্বাধীনতাৰ ওপৰত কোনো সীমাবদ্ধতা আৰোপ কৰা নাই ।

লগতে পঢ়ক :ভূপেন বৰাক আক্ৰমণৰ ঘটনাৰ ন্যায়িক তদন্ত দাবী প্ৰদেশ কংগ্ৰেছৰ

Last Updated : Jan 23, 2024, 11:15 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.