ETV Bharat / politics

উত্তৰ প্ৰদেশত বিজেপিয়ে ইতিমধ্যে পৰাজয় স্বীকাৰ কৰিছে : অখিলেশ যাদৱ

author img

By ANI

Published : Feb 4, 2024, 6:05 PM IST

Akhilesh Yadav slam BJP: উত্তৰ প্ৰদেশত বিজেপিয়ে লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থী তালিকা প্ৰকাশ নকৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱে । যাদৱৰ মতে বিজেপিৰ মাজত হতাশাই বিৰাজ কৰিছে । ৰাজ্যখনত ইতিমধ্যে শাসকীয় দলে পৰাজয় স্বীকাৰ কৰিছে ।

Akhilesh Yadav slam BJP
উত্তৰ প্ৰদেশত বিজেপিয়ে ইতিমধ্যে পৰাজয় স্বীকাৰ কৰিছে

নেশ্যনেল ডেস্ক,৪ ফেব্ৰুৱাৰী : সমাগত লোকসভা নিৰ্বাচন । বিভিন্ন ৰাজ্যত শাসক-বিৰোধীয়ে ৰণনীতি প্ৰস্তুত কৰিছে । উত্তৰ প্ৰদেশতো লোকসভা নিৰ্বাচনক লৈ ব্যাপক ৰাজনৈতিক তৎপৰতা দেখা গৈছে । অৱশ্যে শাসকীয় বিজেপিয়ে এতিয়ালৈ প্ৰাৰ্থীসকলৰ নাম স্পষ্ট কৰা নাই । যাক লৈ বিৰোধী সমাজবাদী পাৰ্টীয়ে বিজেপিক তীব্ৰ আক্ৰমণ কৰিছে । দলটোৰ সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱে দেওবাৰে দাবী কৰিছে যে শাসকীয় দলৰ টিকট গ্ৰহণ কৰি কোনেও পৰাজয়ৰ সন্মুখীন হ'ব নিবিচাৰে ।

তেওঁ লগতে দাবী কৰিছে যে ৰাজ্যখনত বিজেপি কেডাৰৰ মাজত হতাশাৰ স্পষ্ট হৈছে । আনকি নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে উত্তৰ প্ৰদেশত পৰাজয় স্বীকাৰ কৰিছে বুলিও অখিলেশ যাদৱে দাবী কৰে । এক্সৰ এটা পোষ্টত সমাজবাদী পাৰ্টীৰ নেতাগৰাকীয়ে শেহতীয়া এক জৰীপৰ উদ্ধৃতি দি দাবী কৰিছে যে ৰাজ্যখনৰ ৯০ শতাংশ পিছপৰা শ্ৰেণী, দলিত আৰু সংখ্যালঘু সকলে একত্ৰিত হৈ পিডিএক ভোট দিব ।

আগন্তুক সাধাৰণ নিৰ্বাচনত বিজেপিয়ে ৰাজ্যখনত গুৰুত্বপূৰ্ণ লোকচানৰ দিশে আগবাঢ়িছে বুলি দাবী কৰি অখিলেশে কয় যে শেহতীয়া এক সমীক্ষা মতে ৰাজ্যখনৰ ৪৯ শতাংশ পিছপৰা শ্ৰেণী, ১৬ শতাংশ দলিত, ২১ শতাংশ সংখ্যালঘু, ৪ শতাংশ পিছপৰা শ্ৰেণীৰ লোক পিডিএৰ সৈতে আছে । তেওঁলোকে এইবাৰ পিডিএৰ বাবে ঐক্যবদ্ধভাৱে ভোট দিব ।

তেওঁ লগতে দাবী কৰে যে এইবাৰ বিজেপিৰ পূৰ্বৰ সকলো নিৰ্বাচনী ৰণনীতি বিফল হৈছে । যাৰ বাবে শাসকীয় দলে ৰাজ্যখনৰ বাবে লোকসভাৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিবলৈ পৰিশ্ৰম কৰি আছে ।

অখিলেশ যাদৱৰ মতে বিজেপিয়ে নিযুক্তিৰ প্ৰতিশ্ৰুতি পালন কৰাত বিফল হৈছে । যুৱক-যুৱতীসকলে তেওঁলোকৰ শাসনৰ অধীনত প্ৰতাৰিত আৰু মোহভঙ্গ অনুভৱ কৰিছে । বিজেপিৰ বহুতে এইবাৰ দলৰ প্ৰাৰ্থীসকলক পৰাজিত কৰিবলৈ ভোট দিব বুলিও তেওঁ দাবী কৰে । ঝাৰখণ্ডৰ শেহতীয়া ৰাজনৈতিক অস্থিৰতা আৰু চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত বিজেপিৰ ৰণনীতিকলৈও তেওঁ সমালোচনা কৰে ।

অখিলেশ যাদৱে দাবী কৰিছে যে কৃষকসকলৰ মাজত বিজেপি বিৰোধী ঢৌ আছে । কেৱল উত্তৰ প্ৰদেশতে নহয় সমগ্ৰ দেশতে এই ঢৌ বিয়পি পৰিছে । তেওঁ লগতে অভিযোগ কৰে যে এই চৰকাৰে তেওঁলোকৰ কোটিপতি বন্ধুবৰ্গৰ পক্ষত শ্ৰমিক বিৰোধী আইন আনি কঠোৰ পৰিশ্ৰমী পেছাদাৰীসকলক দৰিদ্ৰতালৈ ঠেলি দিছে । কৃষক আৰু শ্ৰমিকসকল বিজেপিৰ বিৰোধী হৈ পৰিছে । চাৰিওফালে হতাশাৰ বতাহ বলিছে আৰু বিজেপিক এক শিক্ষা দিবলৈ লোকসকল সাজু হৈছে ।

লগতে পঢ়ক :ভাৰতীয়সকলৰ সুখী জীৱনেই হৈছে বিজেপি চৰকাৰখনৰ মূল লক্ষ্য: প্ৰধানমন্ত্রী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.