ETV Bharat / politics

পশ্চিম অৰুণাচল প্ৰদেশত তুংগত নিৰ্বাচনী প্ৰচাৰ, বিজেপিৰ শক্তি প্ৰদৰ্শন - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 5, 2024, 9:20 PM IST

BJP ELECTION CAMPAIGN
বৃহৎ ৰেলীৰে বিজেপিৰ শক্তি প্ৰদৰ্শন

অৰুণাচলত তীব্ৰতৰ হৈছে শাসক-বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰ ৷ টাৱাং বিধানসভা সমষ্টিত বৃহৎ ৰেলীৰে নেচনেল পিপলছ পাৰ্টী আৰু বিজেপিৰ শক্তি প্ৰদৰ্শন ৷

পশ্চিম অৰুণাচলত তুংগত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ

তেজপুৰ, 5 এপ্ৰিল : পাহাৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত তুংগত উঠিছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ৷ হিমালয়ৰ পাদ দেশৰ ৰাজ্যখনত সংসদীয় নিৰ্বাচনৰ সমান্তৰালভাৱে বিধানসভা নিৰ্বাচনো অনুষ্ঠিত হ’ব ৷ ইতিমধ্যে ৰাজ্যখনৰ মুঠ 60 জনীয়া বিধানসভাৰ 10 খন আসনত বিজেপিয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় লাভ কৰিছে ৷ মুখ্যমন্ত্ৰী পেমা খাণ্ডু এতিয়া ব্যস্ত লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ প্ৰচাৰত ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ইফালে পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং, বমডিলা, ৰূপা, ডিৰাং আৰু ভালুকপুঙত তীব্ৰতৰ হৈছে শাসক-বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰ ৷ শুকুৰবাৰে টাৱাং বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী চেৰিং নৰবোৰ সমৰ্থনত বৃহৎ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী অনুষ্ঠিত হয় ৷ বিভিন্ন অঞ্চলৰ পৰা বিজেপিৰ কৰ্মকর্তা সকলে এই নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰে ৷ কিন্ত এই নিৰ্বাচনী ৰেলীক লৈ কিছু লোকৰ অসন্তুষ্টিও দেখা যায় ৷ কাৰণ ভোটাধিকাৰ নথকা লোকক লৈ আজি বিজেপিয়ে গণভিত্তি দেখুওৱা বুলি বিভিন্ন সামাজিক মাধ্যমত অভিযোগ উত্থাপন হৈছে ৷

শুকুৰবাৰে 2 নং টাৱাং বিধানসভা সমষ্টিত বৃহৎ ৰেলীৰে নেচনেল পিপলছ পাৰ্টী আৰু বিজেপিয়ে প্ৰচাৰ চলায় ৷ এন পি পিৰ নামগে চেৰিং আৰু বিজেপিৰ চেৰিং দৰ্জীয়ে নিজৰ নিজৰ গনভিত্তি প্ৰদৰ্শন কৰে ৷ এন পি পিয়ে নিৰ্বাচনী ৰেলীত শক্তি প্ৰদৰ্শন কৰাৰ লগতে বিজেপিয়ে লুমলা, জং আদি অঞ্চলৰ পৰা সমৰ্থক আনি টাৱাং চহৰত শক্তি প্ৰদৰ্শন কৰা দেখা গৈছে ৷ সমান্তৰালভাৱে পশ্চিম অৰুণাচল প্ৰদেশত বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰো চলিছে নিৰ্বাচনী প্ৰচাৰ ৷

60 টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সমষ্টি ৷ তেও টাৱাং জিলাৰ 3 নং মুকটো বিধানসভা সমষ্টিৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে ৷ ৰাজ্যখনত ভাৰতীয় জনতা পাৰ্টিৰ এইকেইজন প্ৰাৰ্থীৰ বিৰুদ্ধে কোনো মনোনয়ন দাখিল নহ’ল ৷ আনহাতে ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী চৌনা মিন 46 নং চৌখাম সমষ্টিৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে ৷ আন এক উল্লেখযোগ্য বিধানসভা সমষ্টিৰ হায়ুলিয়াঙৰ পৰা মহিলা প্ৰাৰ্থী ডাচাঙলু প'লয়ে বিজয় সবাস্ত কৰিছে ৷ প’ল হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী কালিক প’লৰ পত্নী ৷

লগতে পঢ়ক : লোকসভা নিৰ্বাচন 2024 : কংগ্ৰেছৰ ইস্তাহাৰত চাকৰি, জাতিগত লোকপিয়ল, নিশ্চিত এম এছ পিৰ প্ৰতিশ্ৰুতি - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.