ETV Bharat / politics

হোজাইত দলীয় নেতা-কৰ্মীক সাক্ষাৎ কামাখ্যা প্ৰসাদ তাছাৰ

author img

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 5:55 PM IST

Kamakhya Prasad Tasa in Hojai
হোজাইত দলীয় নেতা-কৰ্মীক সাক্ষাৎ কামাখ্যা প্ৰসাদ তাছাৰ

Kamakhya Prasad Tasa in Hojai: কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত হোজাইৰ লংকাত উপস্থিত বিজেপিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা । দলৰ নেতা-কৰ্মীসকলৰ সৈতে মত-বিনিময় তাছাৰ । কেইবাগৰাকী কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান ।

হোজাইত দলীয় নেতা-কৰ্মীক সাক্ষাৎ কামাখ্যা প্ৰসাদ তাছাৰ

হোজাই,১৬ মাৰ্চ : অসমৰ প্ৰতিটো লোকসভা সমষ্টিতে ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰস্তুতি চলাই আছে । ইতিমধ্যে ৰাজনৈতিক দলসমূহে প্ৰাৰ্থী তালিকাও প্ৰকাশ কৰিছে । বিজেপি দলে অসমৰ বাবে আটাইকেইখন আসনৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে । নতুনকৈ গঠন হোৱা কাজিৰঙা লোকসভা সমষ্টিত কামাখ্যা প্ৰসাদ তাছাক দলে মনোনীত কৰিছে । নাম প্ৰকাশৰ পিচতে বিজেপি প্ৰাৰ্থীগৰাকীয়ে সমষ্টিৰ বিভিন্ন প্ৰান্তলৈ গৈ দলীয়া কাৰ্যকৰ্তাক সাক্ষাৎ কৰিছে আৰু নিৰ্বাচন সম্পৰ্কীয় আলোচনাত মিলিত হৈছে । তাৰ অংশ হিচাপে কামাখ্যা প্ৰসাদ তাছাই শনিবাৰে হোজাই জিলাত উপস্থিত হয় আৰু দলৰ কাৰ্যকৰ্তাৰ সৈতে মত-বিনিময় কৰে ।

মনোনীত প্ৰাৰ্থীগৰাকী লংকাত উপস্থিত হোৱাৰ পিচতে লংকা বিজেপি মণ্ডলৰ কৰ্মকৰ্তাই তেওঁ ফুলাম গামোচা আৰু ফুলেৰে উষ্ম আদৰণি জনায় । লংকাত অনুষ্ঠিত এক দলীয় সভাত প্ৰাৰ্থীগৰাকীয়ে অংশগ্ৰহণ কৰে । য'ত হোজাই জিলা বিজেপিৰ সভাপতি অনুপ দে, বিজেপি অসম প্ৰদেশ এছ.চি মৰ্চাৰ সম্পাদক অৰ্জুন মজুমদাৰকে ধৰি বিজেপি কৰ্মকৰ্তাসকল উপস্থিত থাকে ।

উক্ত সভাতেই উদালী ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰাজ কিশোৰ যাদৱে ২০ গৰাকী কংগ্ৰেছ কৰ্মীৰ সৈতে বিজেপি দলত যোগদান কৰে । কামাখ্যা প্ৰসাদ তাছা আৰু বিজেপিৰ নেতাসকলে কংগ্ৰেছ নেতা-কৰ্মীসকলক দললৈ আদৰণি জনায় । সভাৰ অন্তত বিজেপি কৰ্মকৰ্তাসকলে কামাখ্যা প্ৰসাদ তাছাক লৈ লংকাত এক শোভাযাত্রা উলিয়ায় । মা লংকেশ্বৰী নাট্য মন্দিৰৰ পৰা লংকা বজাৰ হৈ লংকা বাছ ষ্টেণ্ডলৈ এই শোভাযাত্ৰাৰ আয়োজন কৰা হয় । লংকাত দলীয়া কৰ্মীসকলৰ ব্যাপক আদৰণি লাভ কৰি আনন্দিত হৈ পৰে কামাখ্যা প্ৰসাদ তাছা ।

দলীয় কৰ্মীৰ এনে উছাহ দেখি তেওঁ কয় যে হোজাই জিলাখনৰ লামডিং সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ কাকী, লংকা আদি বিভিন্ন ঠাইত দলীয় কৰ্মীৰ সৈতে তেওঁ মতবিনিময় কৰিছে । সকলোতে দলীয়া কৰ্মীসকলৰ বহু উছাহ আছে বুলি তেওঁ দাবী কৰে ।

লগতে পঢ়ক :কংগ্ৰেছ ত্যাগী দাদু টায়ে আৰু আপত্যাগী জিতুল ডেকাৰ বিজেপিত যোগদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.