ETV Bharat / politics

কোকৰাঝাৰত জি এছ পিৰ প্ৰাৰ্থী হ'ব বিনীতা ডেকা - LOK SABHA ELECTION 2024

Kokrajhar Lok Sabha constituency: অন্তিম দিনা কোকৰাঝাৰ লোকসভা সমষ্টিৰ তিনি প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ ৷ মনোনয়ন প্ৰত্যাহাৰ জি এছ পিৰ ঘনশ্যাম দাস আৰু দুই নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে নন্দদেৱ ব্ৰহ্ম আৰু শৈলেন্দ্ৰ নাথ ব্ৰহ্মৰ ৷

Kokrajhar Lok Sabha constituency
কোকৰাঝাৰ লোকসভা সমষ্টি
author img

By ETV Bharat Assamese Team

Published : April 22, 2024 at 7:52 PM IST

2 Min Read
Choose ETV Bharat
কোকৰাঝাৰ লোকসভা সমষ্টি

কোকৰাঝাৰ, ২২ এপ্ৰিল : বিগত ১০ বছৰজুৰি কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ হিচাপে আধিপত্য় বিস্তাৰ কৰাৰ পিচত এইবাৰো এঘঁড়ী যুঁজিবলৈ সাজু হোৱাৰ সময়তে আইনী মেৰপেচৰ বাবে সেই আশা নিৰ্বাপিত হ'ল নৱ কুমাৰ শৰণীয়াৰ । নৱ কুমাৰ শৰণীয়াৰ মনোনয়ন বাতিল হোৱাৰ পিচতো অৱশ্য়ে এই আসনখন যাতে জি এছ পিৰ হাততেই অক্ষুন্ন থাকে তাৰ বাবে বিনীতা ডেকাক কৌশলেৰে আগবঢ়াই দিছে যুঁজৰ পৰিকল্পনাৰে । এতিয়া নৱ কুমাৰ শৰণীয়াৰ দলীয় উত্তৰাধিকাৰী হিচাপে জি এছ পিৰ প্ৰাৰ্থী হ'ব বিনীতা ডেকা ৷

জি এছ পিৰ আন এগৰাকী ডেমী প্ৰাৰ্থী তথা বি টি আৰৰ পাৰিষদ ঘনশ্যাম দাসে আজি মনোনয়ন প্ৰত্যাহাৰ কৰাৰ পিচতে বিনীতা ডেকাই কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাটো স্পষ্ট হৈ পৰিছে ৷ উল্লেখ্য যে কোকৰাঝাৰৰ বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়াই নিজৰ মনোনয়ন যে নাকচ হ'ব সেয়া শংকা কৰিয়ে ঘনশ্যাম দাস আৰু বিনীতা ডেকাক জি এছ পিৰ ডেমী প্ৰাৰ্থী হিচাপে কোকৰাঝাৰ লোকসভা সমষ্টিত মনোনয়ন দাখিল কৰোৱাইছিল ৷

শংকা কৰা অনুসৰিয়েই নৱ কুমাৰ শৰণীয়াৰ মনোনয়ন বাতিল হোৱাত আৰু জি এছ পিৰ এগৰাকী ডেমী প্ৰাৰ্থী ঘনশ্যাম দাসে নিজা মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাত এতিয়া বিনীতা ডেকাই জি এছ পিৰ প্ৰাৰ্থী হিচাপে কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্বাচনী যুঁজত অবতীৰ্ণ হ'ব ৷

উল্লেখ্য যে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি অৰ্থাৎ সোমবাৰে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন আছিল ৷ মনোনয়ন প্ৰত্যাহাৰৰ শেষ দিনা আজি জনজাতিৰ বাবে সংৰক্ষিত এক নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ তিনি প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰে ৷ জি এছ পিৰ ঘনশ্যাম দাস আৰু দুই নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে নন্দদেৱ ব্ৰহ্ম আৰু শৈলেন্দ্ৰ নাথ ব্ৰহ্মই নিজৰ মনোনয়ন প্ৰত্যাহাৰ কৰে ৷ কোকৰাঝাৰৰ ৰিটাৰ্ণিং বিষয়া প্ৰদীপ কুমাৰ দ্বিবেদীয়ে আজি সংবাদ মাধ্যমৰ আগত এই বিষয়ে সদৰী কৰে ৷

আজি নিৰ্বাচনী বিষয়াগৰাকীয়ে প্ৰাৰ্থীসকলৰ মাজত নিৰ্বাচনী প্ৰতীক সমূহ আনুষ্ঠানিকভাৱে ঘোষণা কৰে ৷ উল্লেখ্য যে কোকৰাঝাৰ লোকসভা সমষ্টিত মুঠ ১৬ গৰাকীয়ে মনোনয়ন দাখিল কৰিছিল ৷ ইয়াৰে ভিতৰত সাংসদ নৱ কুমাৰ শৰণীয়াৰ মনোনয়ন বাতিল হোৱাৰ বিপৰিতে আজি তিনিজনে মনোনয়ন প্ৰত্যাহাৰ কৰাত সমষ্টিটোত এতিয়া ১২ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব ৷

লগতে পঢ়ক;আমি আমাৰ সিদ্ধান্তত অটল আছো : মনোনয়ন খাৰিজৰ পাচত নৱ শৰণীয়াৰ প্ৰতিক্ৰিয়া - Lok Sabha Election 2024