ETV Bharat / politics

ইয়ো বোলে যাওঁ, সিয়ো বোলে যাওঁ : যাত্ৰা আগুৱাইছে, সংগীহে আঁতৰিছে

author img

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 5:06 PM IST

Bharat Jodo Nyay Yatra: অথন্তৰেই অথন্তৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ কালছোৱাত ৷ যাত্ৰা যিমানেই আগুৱাই গৈছে সিমানেই যেন লগ এৰিছে সহযোগী দলসমূহে ৷ বংগত মমতা বেনাৰ্জীৰ পিচত বিহাৰত নীতিশ কুমাৰে যি কৰিলে, ইণ্ডি এলায়েন্সৰ ভৱিষ্যৎ যেন একেবাৰেই শুভ নহয় ৷

Bihar Political Crisis
ভাৰত জোড়ো ন্যায় যাত্ৰা

নিউজ ডেস্ক, 26 জানুৱাৰী: পাঁচটা বিশেষ দিশত ন্যায় বিচাৰি ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ কৰা হৈছিল ভাৰত জোড়ো ন্যায় যাত্ৰা ৷ ন্যায় বিচাৰি দেশজুৰি কৰা যাত্ৰাত যেন ইটোৰ পিচত সিটো অথন্তৰে আগভেটি ধৰিছে ৷ মণিপুৰৰ হিংসাত্মক ঘটনা প্ৰবাহৰ প্ৰতি প্ৰধানমন্ত্ৰী মোদী অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তুলি ৰাজ্যখনৰ পৰাই ন্যায় বিচাৰি যাত্ৰা আৰম্ভ কৰা ভাৰত জোড়ো ন্যায় যাত্ৰাই পদে পদে বাধাৰ সন্মুখীন হ’ল অসমত ৷

অসমত প্ৰৱেশৰ পূৰ্বেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ন্যায় যাত্ৰাৰ যাত্ৰীসকলক বান্ধি দিলে বিভিন্ন নীতি-নিয়ম ৷ আৰম্ভণিতে কেণা লাগিলেও অসমত অব্যাহত আছিল যুৱনেতা ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰা ৷ অৱশ্যে মুখ্যমন্ত্ৰী তথা আৰক্ষী-প্ৰশাসনে বান্ধি নিয়া নিৰ্দেশনা নমনাৰ অভিযোগত গোচৰো ৰুজু হ’ল ৰাহুল গান্ধীসহ ভূপেন বৰা আদি কেইবাগৰাকীও নেতাৰ বিৰুদ্ধে ৷ তাৰ মাজতে আহত হ’ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাও ৷ বৃহস্পতিবাৰে ভূপেন বৰালৈ যোৰহাট থানাৰ পৰা আহিল চমন, 31 ডিচেম্বৰৰ ভিতৰত হাজিৰ হ’ব লাগিব থানাত ৷ মুঠতে অসমত শান্তিৰে যাত্ৰাটো অব্যাহত ৰাখিব নোৱাৰিলে কংগ্ৰেছে ৷

বৃহস্পতিবাৰে অসমত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অন্তিমটো দিনৰ পূৰ্বে কংগ্ৰেছৰ এই যাত্ৰাত লাগিল আন এটা অথন্তৰ ৷ ইণ্ডি এলায়েন্সৰ অন্যতম সহযোগী তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে ঘোষণা কৰিলে যে বাকী ৰাজ্যৰ কথা সুকীয়া, কিন্তু পশ্চিম বংগত তৃণমূল কংগ্ৰেছ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব অকলে ৷ অৰ্থাৎ একপ্ৰকাৰে I.N.D.I.Aৰ পৰা ওলাল তৃণমূল কংগ্ৰেছ ৷ এই মোক্ষম আঘাতৰ পিচতে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে সম্বোধন কৰা এক সংবাদমেলত কয় যে মমতা বেনাৰ্জী অবিহনে ইণ্ডিয়া জোঁটবন্ধন কল্পনাই কৰিব নোৱাৰি ৷ পশ্চিম বংগতো ইণ্ডি এলায়েন্স হিচাপেই যুঁজিব সমাগত লোকসভা নিৰ্বাচনত ৷ অৰ্থাৎ জোৰ কৰিহে যেন মমতাক এলায়েন্সত ৰাখিবলৈ বিচাৰিছে এলায়েন্সৰ মূল উদ্যোক্তা কংগ্ৰেছে ৷ তথাপিও যেন আশাবাদী কংগ্ৰেছ ৷ যিয়েই নহওক, বৃহস্পতিবাৰে অসম এৰি পশ্চিম বংগত প্ৰৱেশ কৰে ভাৰত জোড়ো ন্যায় যাত্ৰাই ৷

মমতা বেনাৰ্জীৰ ৰাজ্যত প্ৰৱেশৰ সময়তো লাগিল কেণা ৷ ভাৰত জোড়ো ন্যায় যাত্ৰাই কোচবিহাৰত প্ৰৱেশ কৰাৰ লগেলগে ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে তৃণমূল কংগ্ৰেছ কৰ্মীসকলে ৷ তৃণমূল কংগ্ৰেছৰ কৰ্মীসকলে প্ৰতিবাদৰ কাৰণ যিয়েই নদৰ্শাওক কিয়, মমতা বেনাৰ্জীয়ে আৰম্ভণীৰে পৰা কংগ্ৰেছৰ এই যাত্ৰাক সমৰ্থন নকৰাৰ কথা প্ৰমাণিত হ’ল ৷ ক’লা পতাকাৰ সন্মুখীন হোৱাৰ পিচতে যেন কংগ্ৰেছৰ লগতে ইণ্ডি এলায়েন্সৰ সন্মুখলৈ আহিল আন এক বিপদ ৷

পশ্চিম বংগত কংগ্ৰেছৰ বিশাল ৰেলী অব্যাহত থকাৰ সময়তে খবৰ আহিল বিহাৰৰ ৰাজনীতিলৈ আহিছে প্ৰলয় ৷ ইণ্ডি এলায়েন্সৰ অন্যতম সহযোগী নীতিশ কুমাৰ নেতৃত্বাধীন জেডিইউ আৰু লালু প্ৰসাদ যাদৱ নেতৃত্বাধীন আৰজেডিৰ মাজত লাগিল ঘমঘণ্ট ৷ ফলত স্পষ্ট হৈ পৰিল উক্ত দুই দলৰ মিত্ৰতাৰে চলি থকা চৰকাৰখনৰ পতনৰ সম্ভাৱনা ৷ ৰাজ্যখনৰ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্পূৰী ঠাকুৰক ‘ভাৰতৰত্ন’ প্ৰদানৰ পিচতে নীতিশ কুমাৰে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনোৱাক লৈ ফাঁট মেলে দুই দলৰ মাজৰ সম্পৰ্কত ৷ ফলত নীতিশ কুমাৰৰ জেডিইউ বিজেপিৰ লগত কেনেবাকৈ চামিল হৈ বিহাৰত চৰকাৰ গঠন কৰাৰ সম্ভাৱনাই দেখা দিছে ৷ কংগ্ৰেছ তথা ইণ্ডি এলায়েন্সৰ শক্তি অধিক কমি অহাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷

বিহাৰৰ পৰা কংগ্ৰেছৰ বাবে অহা এই দুঃখবৰৰ লগেলগে বৃহস্পতিবাৰে দিল্লীলৈ উৰা মাৰিলে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ধ্বজা বহনকাৰী ৰাহুল গান্ধী ৷ উল্লেখ্য যে পশ্চিম বংগৰ হাচিমাৰা বিমানবন্দৰৰ পৰা সেনা বাহিনীৰ বিমানেৰে ততাতৈয়াকৈ দিল্লীলৈ ৰাহুল গান্ধীয়ে উৰা মৰাৰ সময়তে নীতিশ কুমাৰো দিল্লীত ব্যস্ত আছিল বিজেপিৰ শীৰ্ষ নেতৃত্বৰে আলোচনা কৰাত ৷ পশ্চিম বংগত আধাতে যাত্ৰা ৰখাই ৰাহুল গান্ধী দিল্লীলৈ ঢপলিওৱা ঘটনা স্বাভাৱিকতেই চৰ্চিত হৈছে ৰাজনৈতিক মহলত ৷

মন কৰিবলগীয়া যে, এপ্ৰিলত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে লোকসভা নিৰ্বাচন ৷ নিৰ্বাচনৰ প্ৰাকক্ষণত সমগ্ৰ দেশৰ জনতাৰ আস্থা ঘূৰাই অনাৰ প্ৰয়াস কৰি আছে কংগ্ৰেছে ৷ বিজেপিক পৰাভূত কৰাৰ বাবে সহযোগী শক্তি হিচাবে লৈছিল অন্যান্য বিৰোধী দলসমূহক ৷ কিন্তু সেয়া কৰিবলৈ যাওতে যেন পদে পদে বাধাৰ সন্মুখীন হৈছে কংগ্ৰেছ দল ৷ সহযোগী দলসমূহৰ ইটোৰ পিচত সিটোৱে যেন গা এৰা দিছে ৷ তেনেক্ষেত্ৰত ভাৰত জোড়ো ন্যায় যাত্ৰা লক্ষ্যত উপনীত হ’ব পাৰিবনে নাই তাক লৈ প্ৰশ্নৰ অৱতাৰণা হোৱাই নহয়, বিজেপিৰ বিৰুদ্ধে ইণ্ডি এলায়েন্সে কি শক্তি প্ৰদৰ্শন কৰিব সেয়াও আছে অনিশ্চয়তাৰ মাজত ৷

লগতে পঢ়ক: বিহাৰত প্ৰৱল জোকাৰণি ! বিজেপিত যোগদানৰ সম্ভাৱনা নীতিশ কুমাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.