ETV Bharat / politics

প্ৰদ্যুৎ বৰদলৈক লৈ আপত্তি নাই বৰপেটা জিলা কংগ্ৰেছৰ

author img

By ETV Bharat Assamese Team

Published : Jan 27, 2024, 3:36 PM IST

Barpeta Congress: হাইকমাণ্ডে যাকেই টিকট নিদিয়ক, বৰপেটা জিলা কংগ্ৰেছৰ ক’বলগীয়া একো নাই ৷ কেৱল সমষ্টিটো কংগ্ৰেছৰ হাততেই থকাটো বিচাৰে ৷ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ নাম এইবাৰ বৰপেটা লোকসভা সমষ্টিত চৰ্চা হৈ থকাৰ বিপৰীতে আব্দুল খালেকৰ নাম নথকাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বৰপেটা জিলা কংগ্ৰেছে ৷

Barpeta Congress
প্ৰদ্যুৎ বৰদলৈক লৈ আপত্তি নাই বৰপেটা জিলা কংগ্ৰেছৰ
প্ৰদ্যুৎ বৰদলৈক লৈ আপত্তি নাই বৰপেটা জিলা কংগ্ৰেছৰ

বৰপেটা, ২৭ জানুৱাৰী: আনুষ্ঠানিক নহ’লেও কংগ্ৰেছৰ কোনো এক সূত্ৰই প্ৰকাশ কৰিছে সমাগত লোকসভা নিৰ্বাচনৰ বাবে দলটোৰ একাংশ সম্ভাব্য প্ৰাৰ্থীৰ তালিকা ৷ ইয়াকে লৈ সৰব চৰ্চা চলিছে ৰাজনৈতিক মহলত ৷

ভাৰত জোড়ো ন্যায় যাত্ৰা অসমত সমাপ্ত হোৱাৰ পিচতে হাতে হাতে পৰিছে কংগ্ৰেছৰ সম্ভাব্য প্ৰাৰ্থী তালিকাখন ৷ তালিকাখনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি ৰফিকুল হকে ৷ তালিকা অনুসৰি বৰপেটা আৰু ধুবুৰী সমষ্টিত যি দুগৰাকী প্ৰাৰ্থীৰ নাম ওলাইছে দুয়োগৰাকী কংগ্ৰেছৰ যোগ্য প্ৰাৰ্থী ৷

উক্ত প্ৰাৰ্থী তালিকাক লৈ বৰপেটা জিলা কংগ্ৰেছৰ কোনো আপত্তি নাই বুলি মন্তব্য কৰিছে জিলা কংগ্ৰেছৰ সভাপতি ৰফিকুল হকে ৷ অৱশ্যে প্ৰাৰ্থিত্বৰ সন্দৰ্ভত দলৰ হাইকমাণ্ডকে দায়িত্ব অৰ্পন কৰিছে বৰপেটা জিলা কংগ্ৰেছে৷ হাইকমাণ্ডেই ল’ব সকলো সিদ্ধান্ত ৷

হাইকমাণ্ডে যাকেই টিকট দিব তেওঁক লৈয়েই নিৰ্বাচন খেলিব বুলি সভাপতি ৰফিকুল হকে মন্তব্য কৰে৷ তালিকাত অন্তৰ্ভুক্ত প্ৰদ্যুৎ বৰদলৈ এগৰাকী যোগ্য প্ৰাৰ্থী বুলি মন্তব্য কৰি বৰপেটা জিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে তেওঁক লৈ নিৰ্বাচন খেলিবলৈ সাজু ৷

ইফালে বৰপেটা সমষ্টিত এইবেলি প্ৰাৰ্থীৰ তালিকা নাম দেখা নাই সাংসদ আব্দুল খালেকে ৷ কিন্তু আব্দুল খালেকো এগৰাকী যোগ্য প্ৰাৰ্থী বুলি মন্তব্য কৰিছে বৰপেটা জিলা কংগ্ৰেছে ৷ বিগত ৫ বছৰত খালেকে ভাল কাম কৰিছে বুলি মন্তব্য কৰে দিলা কংগ্ৰেছৰ সভাপতি ৰফিকুল হকে ৷

আনহাতে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক বৰপেটাবাসীয়ে আদৰণি জনোৱা বুলিও মন্তব্য কৰে সভাপতিগৰাকীয়ে ৷ ইপিনে ইণ্ডি মৰ্চাৰ অন্যতম সহযোগী দল CPIMএ বৰপেটা সমষ্টি দাবী কৰি থকাক লৈয়ো বৰপেটা জিলা কংগ্ৰেছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

ৰফিকুল হকে কয়, ‘‘ বৰপেটা জিলা কংগ্ৰেছে বিচাৰে, বৰপেটা সমষ্টিটো কংগ্ৰেছৰ হাতত থাকক ৷’’ বৰপেটা সমষ্টিটো কংগ্ৰেছৰ হাতত ৰখাৰ বাবে দলৰ হাইকমাণ্ডক অনুৰোধ জনায় জিলা কংগ্ৰেছে ৷ সৰভোগ যিহেতু যোৱা বিধানসভা নিৰ্বাচনত CPIMক এৰি দিয়া হৈছিল আৰু তাত কংগ্ৰেছে মনোৰঞ্জন তালুকদাৰক জয়ী কৰোৱাছিল সেয়ে বৰপেটা লোকসভা সমষ্টিৰ প্ৰতিগৰাকী কংগ্ৰেছ কৰ্মীয়ে বিচাৰে বৰপেটা লোকসভা সমষ্টিত এগৰাকী কংগ্ৰেছ প্ৰাৰ্থী ৷

লগতে পঢ়ক: দেওবাৰ-সোমবাৰ: বাজপেয়ী ভৱন-আমবাৰী হ’ব তোলপাৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.