ভূপেন বৰাক আৰক্ষীয়ে তলব কৰাৰ বিৰুদ্ধে বৃহস্পতিবাৰৰ পৰা প্ৰতিবাদ

author img

By ETV Bharat Assamese Desk

Published : Jan 31, 2024, 7:55 PM IST

Assam Congress

Assam Congress: ভূপেন বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাক লৈ প্ৰতিবাদমুখৰ হ’ল ৰাজীৱ ভৱন ৷ সভাপতিগৰাকীৰ বিৰুদ্ধে চৰকাৰে ষড়যন্ত্ৰ কৰাৰ অভিযোগ তুলিছে কংগ্ৰেছৰ নেতা-কৰ্মীসকলে ৷ কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ মতে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ‌ সময়ত কোনো আইন ভংগ কৰা নাছিল ৷

বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম কংগ্ৰেছ

গুৱাহাটী, ৩১ জানুৱাৰী: ভাৰত জোড়ো ন্যায় আন্দোলনৰ সময়ত আইন‌ ভংগৰ অভিযোগ তুলি গোচৰ ৰুজু কৰা হ’ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে ৷ যোৰহাট আৰক্ষীৰ তলব অনুসৰি বুধবাৰে যোৰহাট আৰক্ষী থানাত উপস্থিত হ’ল প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী ৷ থানাত ভূপেন বৰাক আৰক্ষীয়ে হাৰাশাস্তি কৰাৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজীৱ‌ ভৱনত সৰৱ হৈ পৰে কংগ্ৰেছৰ নেতা-কৰ্মীসকল ।

উল্লেখ্য যে ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ‌ সময়ত যোৰহাটত আইন ভংগ কৰাৰ অভিযোগ তুলি যোৰহাট থানাত ভূপেন বৰাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ৰুজু কৰিছিল গোচৰ । উক্ত গোচৰৰ ভিত্তিত আজি ভূপেন বৰা যোৰহাট থানাত হাজিৰ হোৱাৰ সমান্তৰালকৈ অসম চৰকাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ অভিযোগ তুলি গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ নেতা‌-কৰ্মীসকল প্ৰতিবাদমুখৰ হৈ পৰে ।

উল্লেখ্য যে ভূপেন বৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ আশংকা কৰি প্ৰদেশ কংগ্ৰেছৰ নেতা‌-কৰ্মীসকল গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰতিবাদ কৰাৰ বাবে পুৱা মিলিত হৈছিল । কিন্তু আৰক্ষীয়ে বৰাক যোৰহাট আৰক্ষী থানাত সোধা-পোছা কৰি যাবলৈ দিয়াৰ‌ বাবে পিচত ৰাজীৱ ভৱনত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দ্বিজেন শৰ্মাই সংবাদমেল সম্বোধন কৰে ।

সংবাদ মেল সম্বোধন কৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দ্বিজেন শৰ্মাই কয়, ‘‘ কংগ্ৰেছ দলে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ‌ সময়ত কোনো আইন ভংগ কৰা নাই । কংগ্ৰেছ দলে কেতিয়াও আইন ভংগ নকৰে । সদায় আইন কানুন মানি চলে ।’’ তেওঁ কয়, ‘‘ এয়া মুখ্যমন্ত্ৰীৰ ষড়যন্ত্ৰ । মুখ্যমন্ত্ৰীয়ে আৰক্ষীৰাজৰ জৰিয়তে কংগ্ৰেছৰ মুখ বন্ধ কৰিব নোৱাৰে ।’’

ইয়াৰোপৰি দ্বিজেন শৰ্মাই কয়, ‘‘বিজেপিৰ শাসনত গণতন্ত্ৰৰ মৃত্যু হৈছে । গণতন্ত্ৰক বিজেপিয়ে হত্যা কৰিব বিচাৰিছে ।’’

লগতে পঢ়ক: পুনৰ ১২ ফেব্ৰুৱাৰীত যোৰহাট সদৰ থানাত উপস্থিত হ’ব লাগিব ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.