ETV Bharat / politics

লুৰীণজ্যোতি গগৈ নতুনকৈ ৰাজনীতিলৈ আহিছে, তেওঁ ৰাজনীতি নাজানে: মুখ্যমন্ত্ৰী - CM reaction on Lurinjyoti Gogoi

Assam CM reaction on Lurinjyoti Gogoi : ডিব্ৰুগড়ত ষ্টাৰ কেম্পেইনাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চমক ৷ মুখ্যমন্ত্ৰীগৰাকীৰ লগত এখন ফটো ল’বলৈ বিশাল জনসমুদ্ৰ ৷ জনসভাত মামাৰ গেৰাণ্টী বুলি দাবী কৰি কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Assam CM reaction on Lurinjyoti Gogoi
লুৰীণজ্যোতি গগৈ নতুনকৈ ৰাজনীতিলৈ আহিছে, তেওঁ ৰাজনীতি নাজানে: মুখ্যমন্ত্ৰী
author img

By ETV Bharat Assamese Team

Published : April 5, 2024 at 10:45 PM IST

2 Min Read
Choose ETV Bharat
লুৰীণজ্যোতি গগৈ নতুনকৈ ৰাজনীতিলৈ আহিছে, তেওঁ ৰাজনীতি নাজানে: মুখ্যমন্ত্ৰী

মৰাণ, 5 এপ্ৰিল : "সৰ্বানন্দ সোণোৱাল সাংসদ হ'লে ডিব্ৰুগড়ৰ গৌৰৱ বাঢ়িব । সৰ্বানন্দ সোণোৱাল সা‍ংসদ হ’লে আমি বহুত কাম কৰিব পাৰিম । লুৰীণজ্যোতি গগৈ কেনেবাকৈ সাংসদ হ'লে, আমি উন্নয়নৰ ৰে’লখন আগলৈ টানিম , লুৰীণজ্যোতিয়ে পাচলৈ টানিব ৷" ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ঔগুৰিত শুকুৰবাৰে এক নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ঔগুৰিত সৰ্বানন্দ সোণোৱালৰ হৈ এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰাগৰাকীয়ে ৷ প্ৰায় ৬ সহস্ৰাধিক লোকৰ উপস্থিতিত বিশাল জনসভা সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে বিৰোধীক সমালোচনা কৰি কয় যে, যি কংগ্ৰেছ দলে খৰ্গেশ্বৰ তালুকদাৰৰ দৰে লোকক গুলীয়াই হত্যা কৰিছিল তেনে কংগ্ৰেছৰ পিঠিত উঠি কৰা জাতীয়তাবাদ আমাক নালাগে ।

লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূয়সী প্ৰশংসা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, নৰেন্দ্ৰ মোদীৰ আগতে ভাৰতৰ কোনজন প্ৰধানমন্ত্ৰীয়ে অসমৰ গামোচাখন ডিঙিত লৈছিল ? কাজিৰঙাত নৰেন্দ্ৰ মোদীৰ আগতে কোনজন প্ৰধানমন্ত্ৰীয়ে নৈশ যাপন কৰিছিল ? ভাৰতবৰ্ষত পূৰ্বে কোনগৰাকী প্ৰধানমন্ত্ৰী ২৬ বাৰ অসমলৈ আহিছে বুলি প্ৰশ্ন কৰে ।

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে অতি শীঘ্ৰেই নতুনকৈ পঞ্চাশ হাজাৰ নিৱনুৱাক চাকৰি দিয়া হ'ব বুলি ঘোষণা কৰে । লগতে সকলো মেট্ৰিক পাছ ছাত্ৰীৰ নামভৰ্তি বিনামূলীয়া হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে । এইয়া মোদী কি গেৰান্টী, মামা কি গেৰান্টী বুলি অভিহিত কৰে ।

আনহাতে সভাত উপস্থিত হাজাৰ হাজাৰ মহিলাক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰীয়ে কয়, "কথা দিলো টিংখাঙত সকলোকে অৰুণোদয় দিয়াৰ দায়িত্ব মো ৰ। অতি শীঘ্ৰে লাখপতি বাইদেউৰ একাউণ্টত ধন সোমাব ৷" বাইদেউসকলে মোক পিঠা-পনা আৰু মৰম- আশীৰ্বাদৰ ঘোচ দিব লাগিব বুলি ৰসিকতা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে সাংবাদিকৰ আগত মুখামুখি হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ সম্পৰ্কত কয়, "লুৰীণজ্যোতি গগৈ নতুনকৈ ৰাজনীতিলৈ আহিছে, তেওঁ ৰাজনীতি নাজানে ।"

সভাত মুখ‍্যমন্ত্ৰীক সংগ দিয়ে ৰামেশ্বৰ তেলী, মন্ত্ৰী বিমল বড়াৰ লগতে ডিব্ৰুগড় জিলা বিজেপিৰ সভাপতি উজ্জ্বল কাশ‍্যপৰ লগতে বহু কেইজন দলীয় নেতা কৰ্মীয়ে ৷

লগতে পঢ়ক: যোৰহাটত যথেষ্ট আকৰ্ষণীয় হ'ব দুই 'গগৈ'ৰ যুঁজ; প্ৰচাৰত নামিছে ৰথী-মহাৰথী - Lok Sabha election 2024