ETV Bharat / politics

অসমত দৌৰিছে বিকাশৰ অশ্বমেধৰ ঘোঁৰা: প্ৰধানমন্ত্ৰীৰ সন্মুখত দাবী মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ

author img

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 5:24 PM IST

Himanta Biswa Sarma: নৰেন্দ্ৰ মোদী অসমপ্ৰেমৰ বাবে অসম দোপতদোপে উন্নতিৰ দিশত অগ্ৰসৰ হৈছে ৷ বিজেপিৰ শাসন কালত অসমে আকাশমুখী উন্নয়নৰ পথত বাট বুলিছে ৷ প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসাৰে উপচাই এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷

Narendra Modi
হিমন্ত বিশ্ব শৰ্মা
প্ৰধানমন্ত্ৰী মোদীৰ সভাত মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ উদাত্ত ভাষণ

গুৱাহাটী, ৪ ফেব্ৰুৱাৰী : ‘‘আপোনাৰ সপোন, মোদীৰ সংকল্প’, ‘৪৯৮ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া কামাখ্যা ক’ৰিডৰে পৰ্যটকময় কৰি তুলিব অসমক...’’, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বাণীৰে গুৱাহাটীৰ খানাপাৰাত বিশাল জনসভাত সম্বোধন কৰি ১১,৫৯৯ কোটি টকাৰ বহুকেইটা প্ৰকল্পৰ আধাৰশিলা আৰু উন্মোচন কৰিলে দেওবাৰে দুপৰীয়া ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এক লাখৰো অধিক বিশাল জনসমাগমত আদৰণি জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । নিজৰ আদৰণি ভাষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত বিজেপিৰ শাসন কালত বিকাশৰ গংগা বোৱা বুলি দাবী কৰি প্ৰশংসাৰে উপচাই পেলালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৷ প্ৰধানমন্ত্ৰীৰ সন্মুখত আজি বিশাল জনসমাৱেশত ‘জয় শ্ৰীৰাম’ ধ্বনিৰে নিজৰ ভাষণ আৰম্ভ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে । প্ৰধানমন্ত্ৰী মোদীক নিজৰ ভাষণত আদৰণি জনাই মোদীৰ নেতৃত্বত অসমক দেশৰ ভিতৰতে এখন শ্ৰেষ্ঠ ৰাজ্যৰূপে প্ৰতিষ্ঠা কৰাৰ সংকল্প ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷

নিজৰ ভাষণত মুখ্যমন্ত্ৰীগৰাকীৰ দাবী যে প্ৰধানমন্ত্ৰীৰ অসমপ্ৰেমৰ বাবে ৰাজ্যখনে দোপতদোপে উন্নতিৰ দিশত অগ্ৰসৰ হৈছে ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে বিজেপিৰ শাসন কালত অসমে আকাশমুখী উন্নয়নৰ পথত বাট বুলিছে ৷

মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ সমুখত বিশাল জনতাক সম্বোধন কৰি কয় যে কোনেও এসময়ত কল্পনা কৰিব নোৱাৰিছিল যি অসমত ২৩ খনকৈ মেডিকেল কলেজ হ’ব, কোনেও কল্পনা কৰিব পৰা নাছিল যে অসমত এইমছ স্থাপন হ’ব ৷ লগতে ড৹ শৰ্মাই কয় যে কোনেও কল্পনা কৰিব পৰা নাছিল যে এটা দিনতে ১১০০০ কোটি টকাতকৈয়ো অধিক টকাৰ প্ৰকল্পৰ আধাৰশিলা বা উন্মোচন হ’ব ৷ কোনেও কল্পনা কৰি পৰা নাছিল ঢলা-শদিয়াত দলং হ’ব, বগীবিলত দলং হ’ব, নুমলীগড়-গহপুৰত ব্ৰহ্মপুত্ৰত সুৰংগ হ’ব, মাজুলীলৈ দলং হ’ব ৷

ব্ৰহ্মপুত্ৰৰ ওপৰত আজি ৯ খনকৈ দলং কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবেই সম্ভৱপৰ হৈ উঠিল বুলি হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে । নিজৰ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে বহু বছৰৰ মূৰত অসমলৈ গুলী-বাৰুদৰ পৰিৱৰ্তে শান্তিৰ পৰিৱেশ ঘূৰি আহিছে ৷ হাজাৰ হাজাৰ যুৱকে সন্ত্ৰাসবাদ ত্যাগ কৰি মূল সূঁতিলৈ ঘূৰি আহিছে ।

মন কৰিবলগীয়া যে, যোৱা তিনিটা বছৰ ৰাজ্যখনত কোনোধৰণৰ এটাও আন্দোলন নোহোৱাকৈ ৰাজ্যখন বিকাশৰ অশ্বমেধৰ ঘোঁৰা আগবাঢ়িছে বুলি প্ৰধানমন্ত্ৰীৰ সন্মুখত মুখ্যমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰে ৷ আন্দোলনবৰ্জিত পৰিৱেশৰ বাবে মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীলৈ ধন্যবাদো জ্ঞাপন কৰে নিজৰ ভাষণ প্ৰসংগত ৷

কেৱল সেয়াই নহয়, নিজৰ ভাষণৰ মাজতে 'মোদী, মোদী’ শ্ল’গানেৰে গণ সমাৱেশথলী উপচাই পেলায় ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে সমৱেত লক্ষাধিক জনতাই মোদী মোদী ধ্বনিৰে অভিবাদন জনাই মোদীময় কৰি তোলে খানাপাৰা ৷

নমস্কাৰ কৰি মূৰ দোঁৱাই এই অভিবাদন গ্ৰহণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । “আন্দোলন নহয়, আমাৰ পৰিচয় বিকাশ ৷ ধ্বংস নহয়৷ আমাৰ পৰিচয় সৃষ্টি ৷” প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত আমি বিকাশৰ গংগা আনিম বুলি সংকল্প ল’বলৈ সমৱেত জনতালৈ আহ্বান জনায় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক: ভাৰতীয়সকলৰ সুখী জীৱনেই হৈছে বিজেপি চৰকাৰখনৰ মূল লক্ষ্য: প্ৰধানমন্ত্রী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.