ETV Bharat / politics

আমেঠি আৰু ৰায়বেৰেলীৰ প্ৰসংগত কি ক'লে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে - LOK SABHA ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 5:56 PM IST

AMIT SHAH IN GUWAHAT
গুৱহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

আমেঠি আৰু ৰায়বেৰেলীত ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাহস কৰিবনে নাই, তাক লৈ সন্দেহ প্ৰকাশ অমিত শ্বাহৰ ৷ মঙলবাৰে গুৱাহাটীত সংবাদমেল আয়োজন কৰি এই মন্তব্য গৃহমন্ত্ৰী গৰাকীৰ ৷

গুৱহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

গুৱাহাটী, ৩০ এপ্ৰিল : কংগ্ৰেছৰ দুৰ্গৰূপে পৰিচিত আমেঠি আৰু ৰায়বেৰেলীত কংগ্ৰেছৰ প্ৰাৰ্থী এতিয়াও নিশ্চিত হোৱা নাই । এই দুই সমষ্টিত কংগ্ৰেছৰ স্থিতিক লৈ মঙলবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত এই সন্দৰ্ভত প্ৰশ্ন কৰাত কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে সমষ্টি দুটাত গান্ধী পৰিয়ালৰ দুই উত্তৰাধিকাৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাহস কৰিবনে নাই, তাক লৈ সন্দেহ ব্যক্ত কৰে ।

উল্লেখ্য যে, ৩ মে’ত তৃতীয় পৰ্যায়লৰ লোকসভা নিৰ্বাচনৰ বাবে মনোননয়ন পত্ৰ দাখিলৰ অন্তিম দিন যদিও এতিয়াও বহুচৰ্চিত আমেঠি আৰু ৰায়বেৰেলীত কংগ্ৰেছে ঘোষণা কৰা নাই তেওঁলোকৰ প্ৰাৰ্থীৰ নাম । এই দুয়োটা সমষ্টিয়েই কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত আছিল, যদিও আমেঠি সমষ্টি ২০১৯ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ হাতৰ পৰা বিজেপিৰ দখললৈ যায় ।

এনে পৰিস্থিতিত এতিয়া চৰ্চা চলিছে এই দুই সমষ্টিত কংগ্ৰেছে দলৰ দুই নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীকেই প্ৰক্ষেপ কৰিব । কিন্তু দুয়োটা সমষ্টিতে গান্ধী পৰিয়ালৰ দুই উত্তৰাধিকাৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাহস কৰিবনে নাই, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে । এই সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়- ‘‘মই নাজানো মিডিয়াই যি দেখুৱাইছে, সেয়া সত্য হয়নে নহয় । তেওঁলোকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবনে নাই সেয়াও মই নাজানোঁ’’ ৷

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, তেওঁলোকৰ এনে বিভ্ৰান্তিয়েই দেখুৱাই দিছে যে তেওঁলোকৰ আত্মবিশ্বাস নাই । উত্তৰ প্ৰদেশত আজি যেনেকুৱা পৰিস্থিতিৰ সূচনা হৈছে তেওঁলোকে নিজৰ পৰম্পৰাগত আসন এৰি পলাইছে । তেওঁ কয় যে, তেওঁ বিশ্বাস নকৰে যে তেওঁলোকে যুঁজিবলৈ সাহস কৰিব ।

লক্ষণীয় বিষয় যে, উত্তৰ প্ৰদেশৰ আমেঠি আৰু ৰায়বেৰেলী লোকসভা সমষ্টিত ৩ মে’ত মনোনয়ন দাখিলৰ অন্তিম দিন । ইয়াৰে আমেঠি সমষ্টিত বিজেপিয়ে প্ৰক্ষেপ কৰিছে সমষ্টিটোৰ বৰ্তমানৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীক । ৰায়বেৰেলীৰ সাংসদ ছোনিয়া গান্ধীয়ে এইবাৰ সমষ্টিটোত প্ৰতিদ্বন্দ্বিতাৰ পৰা বিৰত আছে । তেওঁ লোকসভা এৰি ইতিমধ্যে ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে ।

এই সমষ্টিটোৰ বাবে বিজেপিয়েও ঘোষণা কৰা নাই প্ৰাৰ্থী । ৰায়বেৰেলী আৰু আমেঠিৰ পৰা ২০০৪ চনৰ পৰা ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী সাংসদ হিচাপে নিৰ্বাচিত হৈ আহিছে । ২০১৯ ত আমেঠিত অৱশ্যে ৰাহুল গান্ধী পৰাস্ত হৈছিল । সেইবাৰ তেওঁ কেৰালাৰ ৱাইনাড লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈ সংসদলৈ গৈছিল । এইবাৰো তেওঁ এই সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে । তেনেস্থলত বিশেষভাৱে চৰ্চাত আছে ৰায়বেৰলী আৰু আমেঠি সমষ্টি ।

লগতে পঢ়ক: ভুৱা ভিভিঅ’ বনাই অপপ্ৰচাৰত লিপ্ত হৈছে কংগ্ৰেছ : অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.