ETV Bharat / politics

এবছৰত ৰাজ্যত নিবনুৱাৰ সংখ্যা বৃদ্ধি ১০ লাখ; অখিল গগৈয়ে দিলে তথ্য

author img

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 12:07 PM IST

Assam Unemployment Rate : Economic Survey, Assam-ৰ ২০২৩-২৪ বৰ্ষৰ তথ্য দাঙি ধৰি বিধায়ক অখিল গগৈয়ে কয় যে এবছৰত ৰাজ্যত নিবনুৱাৰ সংখ্যা প্ৰায় ১০ লাখ বৃদ্ধি পাইছে ।

ৰাজ্যৰ নিবনুৱাৰ তথ্য দিলে অখিল গগৈয়ে
ৰাজ্যৰ নিবনুৱাৰ তথ্য দিলে অখিল গগৈয়ে
ৰাজ্যৰ নিবনুৱাৰ তথ্য দিলে অখিল গগৈয়ে

গুৱাহাটী, ২১ জানুৱাৰী : চলিত অসম বিধানসভাৰ বাজেট অধিবেশনৰ বুধবাৰে নৱম দিন । এই নৱম দিনটোত বিধানসভাত প্ৰৱেশৰ পূৰ্বে সংবাদমেল ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ । সংবাদমেলত অসমৰ অৰ্থনীতিৰ দুৰৱস্থা আৰু নিৱনুৱাৰ সমস্যাক লৈ সদনত প্ৰৱেশৰ প্ৰাক-মুহূৰ্তত চৰকাৰী তথ্যৰেই চৰকাৰক তুলা-ধূনা বিধায়ক অখিল গগৈৰ ।

অখিল গগৈয়ে Economic Survey, Assam-ৰ ২০২৩-২৪ বৰ্ষৰ তথ্য দাঙি ধৰি কয় যে অসমৰ মুঠ নিবনুৱা সংখ্যা ২০২১ চনত আছিল ২২,০০,১২৫ গৰাকী । আনহাতে, ২০২২ চনৰ তথ্য মতে, ৰাজ্যত নিবনুৱাৰ সংখ্যা হৈছে ৩২,৩৪,৭৩৮ গৰাকী । ইয়াৰ অৰ্থ হৈছে এবছৰত ৰাজ্যত নিবনুৱাৰ সংখ্যা বাঢ়িল প্ৰায় ১০ লাখ । উল্লেখ্য যে কোভিডৰ সময়ত কৰ্মসংস্থাপন হেৰুৱাই বহুতেই বহিঃৰাজ্যৰ পৰা ৰাজ্যলৈ প্ৰস্থান কৰাৰ কথাটোও উত্থাপন কৰে বিধায়ক অখিল গগৈয়ে ।

আনহাতে, Economic Survey, Assam-ৰ ২০২৩-২৪ বৰ্ষৰ তথ্য অনুসৰি, অসমত মুঠ শিক্ষিত নিবনুৱাৰ সংখ্যা ২০২১ চনত ১৮,০৫,৪৪১ গৰাকীৰ বিপৰীতে ২০২২ চনত ১৭ ,৪৬,৬৭১ গৰাকী । অৰ্থাৎ ৰাজ্যত এবছৰত শিক্ষিত নিবনুৱাৰ সংখ্যা বৃদ্ধি হৈছে ৫৮,৭৭০ গৰাকী । এতিয়া এই বৃদ্ধিৰ হাৰ হৈছেগৈ ৩.৩৬% ।

ইফালে ব্যক্তিগত আৰু ৰাজহুৱা প্ৰতিষ্ঠানত ২০২২ চনত নিয়োগ হৈছে ১১,০০,৩৫৫ গৰাকী । ইয়াৰে ভিতৰত ব্যক্তিগত খণ্ডত ৬,৩৫,১২৮ গৰাকীয়ে নিযুক্তি লাভ কৰিছে । আনহাতে, ৰাজহুৱা খণ্ডত ৪,৮৭,১১৮ গৰাকীয়ে নিযুক্তি লাভ কৰিছে । লগতে ২০২১ চনৰ পৰা ২০২২ চনলৈ নিয়োগ কৰিলে ২০,৩২৩ গৰাকী ।

ইয়াৰ উপৰি ৰাজ্যত আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও উল্লেখ কৰে অখিল গগৈয়ে । তথ্য অনুসৰি, ২০২২-২৩ বৰ্ষৰ ডায়েচ মতে নিম্ন প্ৰাথমিক শ্ৰেণীত আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে ২০২১-২২ চনত ৬.০২% । ২০২২-২৩ বৰ্ষত এই পৰিসংখ্যা হৈছে ৮.৪৯ % । ইয়াৰ বিপৰীতে ২০১৯-২০ বৰ্ষত এই পৰিসংখ্যা আছিল ৪.৩% ।

আনহাতে, উচ্চ প্ৰাথমিক শ্ৰেণীত আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ হাৰ হৈছে ২০২১-২২ বৰ্ষত ৪.৪১% । একেদৰে ২০২২-২৩ বৰ্ষত এই হাৰ হৈছে ২০.৩৩% ।

উল্লেখ্য যে শেহতীয়াভাৱে কংগ্ৰেছ এৰি একাংশ নেতা-কৰ্মীৰ বিজেপি গমনক লৈও প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়ক অখিল গগৈয়ে । তেওঁ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াও বিজেপি গমনক লৈ সংবাদ মাধ্যমত হৈ থকা চৰ্চা সন্দৰ্ভত মন্তব্য কৰি কয় এয়া এক অতি লজ্জাজনক ঘটনা । আনহাতে, ৰাজ্যৰ উন্নয়নৰ প্ৰকৃত ছবিখন সংবাদ মাধ্যমে প্ৰকাশ নকৰা সন্দৰ্ভতো তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক অখিল গগৈয়ে ।

লগতে পঢ়ক :উৰণসেতুৰ নিৰ্মাণকাৰ্যৰ ফলত গুৱাহাটীত অভাৱনীয় যানজঁট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.