মা কামাখ্যাৰ আশীৰ্বাদ লৈ লোকসভা নিৰ্বাচনৰ ৰণক্ষেত্ৰত নামিবলৈ সাজু আপ অসম
AAP candidates of Assam: কামাখ্যা ধামত উপস্থিত হ’ল আপ অসমৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীসকল ৷ দেওবাৰে পুৱা আপৰ কেইবাজনো ৰাষ্ট্ৰীয় নেতাৰ সৈতে ডাঃ ভবেন চৌধুৰী, মনোজ ধানোৱাৰ লগতে আপ অসমৰ একাংশ স্বেচ্ছাসেৱকে উপস্থিত হয় কামাখ্যাত ৷

Published : February 11, 2024 at 7:34 PM IST
গুৱাহাটী, 11 ফেব্ৰুৱাৰী : মা কামাখ্যাৰ আশীৰ্বাদ লৈ আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰচাৰত নামিব আপ ৷ আজি আশীৰ্বাদ ল’বলৈ কামাখ্যা ধামত উপস্থিত হ’ল আপ অসমৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী সকল ৷ দেওবাৰে পুৱা আপ অসমৰ ৰাষ্ট্ৰীয় তত্ত্বাৱধায়ক ৰাজেশ শৰ্মা, ৰাষ্ট্ৰীয় নেতা জেছমিন শ্বাহ, আপৰ গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী ডাঃ ভবেন চৌধুৰী, ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰ লগতে আপ অসমৰ একাংশ স্বেচ্ছাসেৱকে আশীৰ্বাদ গ্ৰহণৰ উদ্দেশ্যেৰে উপস্থিত হয় কামাখ্যা ধামত ৷
আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে মা কামাখ্যাৰ আশীৰ্বাদ গ্ৰহণ কৰে আপৰ এই নেতাসকলে ৷ কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ পিছতেই সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰ আৰু লাচিত বৰফুকন প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনায় তেওঁলোকে ৷
উল্লেখ্য যে, সমাগত লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যত এতিয়া তীব্ৰ প্ৰস্তুতি চলাইছে শাসকীয় দল বিজেপিৰ লগতে বিৰোধী দলসমূহে ৷ সমষ্টিয়ে সমষ্টিয়ে দলসমূহে এতিয়া আৰম্ভ কৰিছে ব্যাপক নিৰ্বাচনী তৎপৰতা ৷ সমান্তৰালভাৱে দলসমূহত বিশেষকৈ বিৰোধী দল সমূহত পৰিলক্ষিত হৈছে প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত ৷
ইফালে লোকসভা নিৰ্বাচনত বিজেপিক ৰোধিবলৈ কেন্দ্ৰত ইণ্ডি এলায়েন্স গঠন কৰাৰ সমান্তৰালকৈ অসমতো কংগ্ৰেছৰ নেতৃত্বত 15 টা বিৰোধী ৰাজনৈতিক দল একগোট হৈ গঠন হৈছিল বিৰোধী ঐক্যমঞ্চ ৷ কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদৰ লগতে কেইবাটাও ৰাজনৈতিক দল অন্তৰ্ভুক্ত থকা এই ঐক্যমঞ্চৰ আন এক অন্যতম দল আছিল আপ ৷ ঐক্যমঞ্চৰ আটাইকেইটা দলে বিজেপিক পৰাভূত কৰিবলৈ অসমৰ আটাইকেইটা লোকসভা সমষ্টিতে উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ ক্ষেত্ৰত ঐক্যমতত উপনীত হৈছিল ৷
কিন্তু বৃহস্পতিবাৰে হঠাৎ দিল্লীত অসমৰ তিনিটা লোকসভা সমষ্টিৰ বাবে আম আদমি পাৰ্টীয়ে প্ৰাৰ্থী ঘোষণা কৰি কুঠাৰঘাত কৰে ঐক্য মঞ্চৰ মিত্ৰতাত ৷ আপে ঘোষণা কৰা অনুসৰি গুৱাহাটী লোকসভা সমষ্টিত ডাঃ ভবেন চৌধুৰী, তেজপুৰত ঋষিৰাজ কৌণ্ডিন্য আৰু ডিব্ৰুগড়ত মনোজ ধানোৱাৰক প্ৰাৰ্থিত্ব দিয়া হৈছে ৷ এই প্ৰাৰ্থী তালিকা প্ৰকাশৰ পাছতে বিৰোধী ঐক্য মঞ্চত জোকাৰণিৰ সৃষ্টি হৈছে ৷ এই তালিকা প্ৰকাশৰ পিচতেই ৰাজ্যজুৰি সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷
লগতে পঢ়ক : ন্যায় যাত্রাৰ প্ৰভাৱ: সোমবাৰে যোৰহাট থানাত অকলেই হাজিৰ হ’ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

