ETV Bharat / politics

আপৰ লক্ষ্য কেৱল ডিব্ৰুগড় লোকসভা সমষ্টি; বিৰোধী ঐক্য মঞ্চক সহযোগ কৰিবলৈ আহ্বান

author img

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 12:09 PM IST

Lok Sabha Election 2024: আপৰ লক্ষ্য কেৱল ডিব্ৰুগড় লোকসভা সমষ্টি ৷ বিৰোধী ঐক্য মঞ্চক সহযোগ কৰিবলৈ আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ আহ্বান ৷ মংগলবাৰে ডিব্ৰুগড়ৰ গ্ৰাহাম বজাৰ অঞ্চলত মুকলি কৰা হয় আম আদমী পাৰ্টীৰ অস্থায়ী নিৰ্বাচনকেন্দ্ৰিক কাৰ্যালয়ৰ দুৱাৰ ৷

AAP Assam urge INDI Alliance to give up Dibrugarh Lok Sabha constituency
বিৰোধী ঐক্য মঞ্চক সহযোগ কৰিবলৈ আহ্বান
বিৰোধী ঐক্য মঞ্চক সহযোগ কৰিবলৈ আহ্বান

মৰাণ, 21 ফেব্ৰুৱাৰী: সমাগত লোকসভা নিৰ্বাচনত শাসক দল বিজেপিয়ে 12 খন আসনত জয়লাভ কৰাৰ কথা ঘোষণা কৰাৰ মাজতে শেহতীয়াকৈ বিৰোধী ঐক্য মঞ্চত থকা আপে ৰাজ্যৰ তিনিটা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে । ইয়াৰ পাছতে ডিব্ৰুগড় লোকসভা সমষ্টিত আপে মনোজ ধানোৱাৰৰ নাম ঘোষণা কৰিলে । ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা মনোজ ধানোৱাৰে আপৰ প্ৰাৰ্থীত্ব লাভ কৰি আৰম্ভ কৰিছে নিৰ্বাচনী কাম-কাজ ।

ডিব্ৰুগড় লোকসভা সমষ্টিত বিভিন্ন কাৰ্যসূচী লৈ ৰাইজৰ কাষলৈ যোৱাৰ চেষ্টা চলাইছে আপ, অসমে । মংগলবাৰৰ সন্ধিয়া ডিব্ৰুগড়ৰ গ্ৰাহাম বজাৰ অঞ্চলত মুকলি কৰা হয় আম আদমী পাৰ্টীৰ অস্থায়ী নিৰ্বাচনকেন্দ্ৰিক কাৰ্যালয়ৰ দুৱাৰ ৷ দুৱাৰ মুকলি কৰে আপৰ ৰাজ্যিক তত্বাৱধায়ক ৰাজেশ শৰ্মা আৰু আম আদমী পাৰ্টীৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে । এই অনুষ্ঠানত বিৰোধী ঐক্য মঞ্চক লৈ বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় মনোজ ধানোৱাৰে ।

বিৰোধী ঐক্য মঞ্চত আপ আজিও অন্তভুৰ্ক্ত হৈ থকা বুলি উল্লেখ কৰি আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে কয়, "দিল্লীৰ নেতৃত্ব ডিব্ৰুগড় সমষ্টিক লৈ বহু আশাবাদী । বহু জৰীপ চলোৱাৰ অন্তত ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰতিদ্বন্দিতা কৰাৰ বাবে ঠিৰাং কৰা হৈছে । বিজেপিৰ বিৰুদ্ধে ডিব্ৰুগড়ত শক্তিশালী কেৱল আপহে বুলি উল্লেখ কৰি ডিব্ৰুগড়ত দলটোৰ প্ৰতি সহযোগিতা আগবঢ়াবলৈ বিৰোধী ঐক্য মঞ্চক আহ্বান জনায় সমষ্টিটোৰ আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ ।

লগতে বিৰোধী ঐক্য মঞ্চই ডিব্ৰুগড় লোকসভা সমষ্টি অসম জাতীয় পৰিষদক এৰি দিয়াৰ সিদ্ধান্ত সন্দৰ্ভত প্ৰকাশ পোৱা খবৰত প্ৰতিক্ৰিয়া আগবঢ়াই মনোজ ধানোৱাৰে কয়, "এনেকুৱা হঠকাৰী সিদ্ধান্ত (বিৰোধী ঐক্য মঞ্চই) নলয় । কাৰণ আমি ৰাইজৰ ওচৰলৈ গৈ ৰাইজে কি বিচাৰিছে সেয়া বুজিহে প্ৰাৰ্থীত্ব আগবঢ়াইছো ।"

লগতে পঢ়ক: বিৰোধী ঐক্যত ফাঁট; ডিব্ৰুগড় লোকসভা সমষ্টিত আপৰ প্ৰাৰ্থীৰ সৈতে ৰাজনৈতিক যুঁজত নামিব INDI ঐক্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.