ডায়েবেটিচৰ পৰা পৰিত্ৰাণ লাভ কৰাত যোগাভ্যাসে কিদৰে সহায় কৰে ?
যোগাভ্যাসৰ দ্বাৰা কেনেদৰে ডায়েবেটিচৰ পৰা পৰিত্ৰাণ পাব পাৰি ? এই সন্দৰ্ভত জনালে যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ মূৰব্বী অধ্যাপক ড৹ শেখৰ বড়োই-

Published : May 23, 2025 at 5:00 PM IST
বৰ্তমান সময়ত প্ৰতিগৰাকী লোকেই নিজকে সুস্থ আৰু সবল কৰি ৰাখিবলৈ বিভিন্ন ধৰণে শৰীৰ চৰ্চা কৰা পৰিলক্ষিত হয় ৷ শৰীৰচর্চাৰ মাধ্যম সকলোৰে বেলেগ বেলেগ, কোনোবাই যদি জিমলৈ যায়, কোনোবা আৰু যোগ, প্ৰণায়ম আদিৰে নিজকে সুস্থ আৰু সৱল কৰি ৰাখিবলৈ চেষ্টা কৰে ৷ এই আটাইবোৰৰ ভিতৰত যোগক আটাইতকৈ শ্ৰেষ্ঠ বুলি ক'ব পাৰি ৷ কাৰণ যোগে আমাক মানসিকভাৱে, শৰীৰিকভাৱে, তথা বৌদ্ধিকভাৱে সকলোক্ষেত্ৰতে সুস্থ কৰি ৰাখে ৷ আজিৰ পৰা ৫০০০ বছৰ পূৰ্বৰে পৰা যোগ পদ্ধতি চলি আছে ৷
যোগ আৰু প্ৰণায়মে বহুৰোগ উপশম কৰাটো সহায় কৰে ৷ বহুসময়ত চিকিৎসকে যোগ চিকিৎসা পদ্ধতিৰ দ্বাৰা ৰোগীক চিকিৎসা কৰাই দেখা যায় ৷
যোগৰ দ্বাৰা ডায়েবেটিচ কেনেদৰে পৰিত্ৰাণ পাব পাৰি ?
বৰ্তমান সময়ত ডায়েবেটিছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ৷ ডায়েবেটিছত আক্ৰান্ত লোকৰ সংখ্যাৰ দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ৷ যিবোৰ মূল কাৰণ আছে তাৰে ভিতৰত এটা অন্যতম কাৰণ হৈছে মানসিক চিন্তা ৷ মানসিক চিন্তাৰ ফলত আমাৰ শৰীৰৰ হ'ৰমনৰ ভাৰসাম্য হয় ৷ ইয়াৰোপৰি ডায়েবেটিচৰ মূল কাৰণ হৈছে আমাৰ খাদ্যভ্যাস ৷ আমাৰ শৰীৰত থকা অগ্নাশয় গ্ৰন্থিত এবিধ হৰমন থাকে যাক ইনচুলিন বুলি কোৱা হয় ৷ এই ইনচুলিনে আমাৰ খাদ্যৰ পৰা লাভ কৰা যিসমূহ গ্লু'কজ তেজত মিহলি হৈ থাকে সেই সমূহ নিয়ন্ত্ৰণ কৰে ৷ যেতিয়া আমাৰ শৰীৰত ইনচুলিনৰ উৎপাদন কমি যায় যাৰ ফলত ডায়েবেটিচ ৰোগৰ সৃষ্টি হয় ৷
যোগৰ মাধ্যমেৰে আমাৰ শৰীৰৰ ইনচুলিনৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰিব পাৰি ৷ এই পদ্ধতিৰ দ্বাৰা ৰোগী গৰাকী পুনৰ সেই অৱস্থালৈ উভতি আহিব পাৰে ৷
কোনকেইটা যোগ কৰিলে ডায়েবেটিচ নিৰাময় হোৱাত সহায় হ'ব ?
১) অর্দ্ধমৎস্যেন্দ্ৰাসন: এই পদ্ধতিৰ বাবে আপুনি প্ৰথমে দণ্ডআসনত বহিব লাগিব ৷ তাৰ পাছত আপোনাৰ বাওঁ ভৰিখন ভাঁজ কৰি, সোঁ ভৰিখন বাওঁ ভৰিখনৰ আঁঠুটো পাৰ কৰি নিব লাগিব ৷ তাৰ পাছত সোঁ হাতখন পিছফালে কঁকালৰ ওচৰত ৰাখিব লাগিব ৷বাওঁ হাতখন লাহেকৈ উশাহ লৈ ওপৰত উঠাই শৰীৰটো টুইষ্ট কৰি বাওঁ ভৰিৰ বাহিৰেৰে নি আঠুত ধৰিবলৈ চেষ্টা কৰিব আৰু পিছফালে ঘূৰিবলৈ চেষ্টা কৰিব ৷
২) অৰ্ধকটিচক্ৰাসন: এই আসনটোৰ বাবে দুটা ভৰি একেলগ কৰি উশাহ লৈ হৈ আপোনাৰ সোঁ হাত খন লাহে লাহে ওপৰলৈ উঠাব নিব লাগিব ৷ তাৰ পাছত উশাহ এৰি লাহে লাহে বাওঁ ফালে হালি দিব ৷ তেনেদৰে কিছু সময় থাকি লাহে লাহে পুনৰ আগৰ অৱস্থালৈ উভতি আহিব লাগিব ৷ এনেদৰে দুয়োফালে কৰিব লাগিব ৷
৩) কটিচক্ৰাসন: ভৰি দুখন ২/৩ ফুট বা কান্ধৰ সমান্তৰালত অৱস্থান কৰি ল'ব লাগিব ৷ হাত দুখন বুকুৰ সমান্তৰালকৈ তলুৱা দুখন পৰস্পৰ মুখামুখিকৈ ৰাখিব লাগিব ৷ ভৰি পতা দুখনো সমুখলৈ পোনকৈ ৰাখিব লাগিব ৷ এইয়া আসনৰ স্থিতি অৱস্থা ৷ এতিয়া দীঘলকৈ উশাহলৈ উশাহ এৰি এৰি বাওঁফাললৈ ৰাজহাড়ত চাপ পৰাকৈ গাটো ঘূৰাব লাগিব যাতে সোঁহাতৰ তলুৱা আহি বাওঁ কান্ধ স্পর্শ কৰে ৷ বাওঁহাত পোন হৈ থাকিব ৷ ৫ চেকেণ্ডমান বাহ্যিক কুম্ভক কৰি থাকি পুনৰাই পূৰ্বৰ স্থিতিলৈ আহিব লাগে ৷ এতিয়া অনুৰূপভাবে সোঁফালে কৰিব ৷
৪) উষ্ট্রাসন: এই আসনটোৰ বাবে আঁঠু কাঢ়ি অর্ধদণ্ডায়মান অৱস্থাত থিয় হব লাগিব ৷ শ্বাস ত্যাগ কৰি কৰি বক্ষদেশ ওপৰলৈ ফিন্দাই মূৰৰ পিছফালে অৱনত কৰিব লাগিব ৷ এতিয়া বাওঁ হাতেৰে বাওঁ ভৰিৰ আৰু সোঁ হাতেৰে সোঁ ভৰিৰ সৰুগাঁঠিৰ সামান্য ওপৰত ধৰিব লাগিব ৷ এনেকুৱা কৰোঁতে বুক্ ফিন্দ খাই দেহটিয়ে অর্ধচক্রাকাৰৰূপ ধাৰণ কৰিব ৷ শ্বাস বন্ধ ৰাখি ১০/১৫ চেকেণ্ড এনেকৈ আসনাবদ্ধ হৈ থাকিব লাগিব ৷ তাৰ পিছত উশাহ লৈ লৈ পুনৰ পোন হৈ অর্ধ-দণ্ডায়মান অৱস্থাত উপনীত হ'ব লাগিব ৷ ইয়াৰোপৰি আন কেইবাটাও আসনেৰে ডায়েবেটিচ ৰোগৰ পৰা পৰিত্ৰাণ পোৱাত সহায় হ'ব ৷
লগতে পঢ়ক

