ETV Bharat / health

চকীত বহি মাত্ৰ ১০ মিনিটৰ বাবে কৰক এই ব্যায়াম আৰু পাওক এই লাভ - Chair Exercises

Chair Exercises: দৈনন্দিন জীৱন প্ৰায়ে এনেকুৱা হয় যে যেতিয়া আমি কাৰ্যালয়ত দিনটো একেৰাহে চকীত বহি কাম কৰিবলগীয়া হয় যাৰ ফলত আমি কঁকাল তথা পিঠিৰ বিষ আৰু মেদবহুলতাৰ দৰে সমস্যাত ভুগিবলগীয়া হয় ৷ সেয়ে আজি আমি আপোনালোকৰ বাবে যোগগুৰু প্ৰিয়ংকা সিঙে আগবঢ়োৱা এনে কিছুমান ব্যায়াম লৈ আহিছো যাক আপুনি সহজে আপোনাৰ ডেস্কত থাকিয়েই কৰিব পাৰে-

Great Yoga Stretches You Can Do at Your Desk
চকীত বহি মাত্ৰ ১০ মিনিটৰ বাবে কৰক এই ব্যায়াম আৰু পাওক এই লাভ (ETV Bharat)
author img

By ETV Bharat Health Team

Published : September 18, 2024 at 4:45 PM IST

3 Min Read
Choose ETV Bharat

চকীৰ সহায়ত কৰা ব্যায়ামে আপোনাৰ মজ্জাক শক্তিশালী কৰাত সহায় কৰে আৰু কঁকাল বিষৰ পৰাও সকাহ প্ৰদান কৰে । আপুনি কামৰ পৰা কিছু সময় উলিয়াই এই ব্য়ায়ামসমূহ কৰিব পাৰে । এনেকুৱা প্ৰায়ে হয় যে আমি একে ঠাইতে অবিৰতভাৱে বহি থকাৰ ফলত কঁকাল, পিঠি আৰু কেতিয়াবা নিতম্বতো বিষ হয়, গতিকে এই ব্যায়ামবোৰ কৰিলে এই বিষৰ পৰা সকাহ দিব পাৰে । গতিকে আৰু পলম নকৰি এই ব্যায়ামবোৰৰ বিষয়ে এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক-

চেয়াৰ স্কোৱাট

একে ঠাইতে ঘণ্টাৰ পিছত ঘণ্টা বহি কাম সময়মতে সম্পূৰ্ণ কৰিব পাৰে, কিন্তু বুজিব যে এই অভ্যাস আপোনাৰ স্বাস্থ্যৰ বাবে ভাল নহয় । গতিকে এটা নিয়ম আছে যে যদি আপুনি চকী এখনত ৩০ মিনিট বহি থাকে তেন্তে ৩ মিনিটৰ বিৰতি লওক । যিটো সক্ৰিয় হৈ থকাৰ এক সহজ আৰু ফলপ্ৰসূ উপায় । ইয়াক আৰু এখোজ আগুৱাই নিলে ইয়াত স্কুৱাট যোগ কৰিব পাৰি । ইয়াৰ ফলত পেটৰ চৰ্বী কম হোৱাৰ লগতে গ্লুট পেশীবোৰো শক্তিশালী হ’ব । ইয়াৰ দ্বাৰা কম সময়ত বহুত কেলৰি বাৰ্ণ কৰিব পাৰে আৰু আপুনি আপোনাৰ শৰীৰটোক এক সঠিক আকাৰ দিব পাৰে ।

চেয়াৰ স্কোৱাট কেনেকৈ কৰিব লাগে ?

  • থিয় হৈ চকীত বহি থকাৰ দৰে বহিবলৈ চেষ্টা কৰক কিন্তু আপোনাৰ নিতম্ব চকীখনত স্পৰ্শ কৰাৰ লগে লগে উঠিব লাগিব ।
  • এই কাম কৰি থাকোঁতে আপোনাৰ পিঠি পোন কৰি ৰাখিবলৈ চেষ্টা কৰক ।
  • এনেদৰে এই কাম ৮ৰ পৰা ১০ বাৰ কৰক ।
  • চৰ্বি কম কৰাৰ উপৰিও ই আপোনাক শাৰীৰিকভাৱে ফিট কৰি ৰাখিব ।

ক্ৰছ-লেগড স্কোৱাট

চকীত বহি কৰা ব্যায়ামৰ ভিতৰত এটি ব্যায়াম হৈছে ক্ৰছ-লেগড স্কোৱাট ৷ ই আপোনাৰ ওজন কমোৱা আৰু আপোনাৰ এবছ টোন কৰাত সহায় কৰে ।

ক্ৰছ লেগ স্কোৱাট কেনেকৈ কৰিব লাগে ?

  • ইয়াৰ বাবে সোঁ ভৰিখন বাওঁ ভৰিৰ ওপৰত ৰাখক আৰু তাৰ পিচত বহিবলৈ চেষ্টা কৰক । এখন ভৰিৰে ৪ৰ পৰা ৫ বাৰ কৰাৰ পিছত আনখন ভৰিৰে একেটা ব্যায়াম পুনৰাবৃত্তি কৰক ।
  • চকীৰে ব্যায়াম কৰি থাকোঁতে মনত ৰাখিব যে পিঠিখন যাতে আপুনি পোন কৰি ৰাখে । এই ব্যায়ামে ভৰিৰ শক্তিও বৃদ্ধি কৰে ।

লেগ লিফটিং ব্যায়াম

ঘৰতে সহজে কৰিব পৰা তৃতীয়টো ব্যায়াম হ’ল এৰোবিক ব্যায়াম বা লেগ লিফটিং ব্যায়াম । যিটোৱে ওজন আৰু পেট কমোৱাৰ উপৰিও আন বহু দিশত উপকাৰী ।

লেগ লিফটিং ব্যায়াম কেনেকৈ কৰিব

  • ইয়াৰ বাবে চকীখনৰ সন্মুখত থিয় হৈ ভৰি দুখন আঁতৰাই ৰাখক আৰু ভৰিৰ আঙুলিত থিয় হওক ।
  • প্ৰথমে সোঁ ভৰিখন চকীখনত ৰাখিব লাগিব তাৰ পিছত বাওঁ ভৰিখন । দুয়োখন ভৰি চকীখনত পাল পাতি ৰাখক ।
  • এই ব্যায়ামৰ দ্বাৰা ভৰি দুখন মজবুত হৈ উঠে আৰু ওজনো নিয়ন্ত্ৰিত হয় ।
লগতে পঢ়ক: পুৱা নহয় সন্ধিয়া ব্যায়াম কৰিলেহে হ্ৰাস হয় ওজন...জানি লওক প্ৰকৃত সত্যতা - Weight Loss Myth And Facts