ETV Bharat / international

বিশ্ব কিশোৰ মানসিক সুস্থতা দিৱস 2024

author img

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 7:56 AM IST

বিশ্ব কিশোৰ মানসিক সুস্থতা দিৱস 2024
বিশ্ব কিশোৰ মানসিক সুস্থতা দিৱস 2024

Teen Mental Wellness Day 2024 : বিশ্ব কিশোৰ মানসিক সুস্থতা দিৱস প্ৰতিবছৰে ২ মাৰ্চত পালন কৰা হয় । এই দিৱস পালন হৈছে সকলোকে মানসিক স্বাস্থ্যৰ বিষয়ে শিক্ষিত কৰাৰ এক প্ৰচেষ্টা । এই দিৱসৰ উদ্দেশ্য হৈছে কিশোৰ-কিশোৰীসকলে মোকাবিলা কৰা মানসিক স্বাস্থ্যৰ সমস্যাবোৰৰ বিষয়ে সজাগতা বৃদ্ধি কৰা ।

বিশেষ প্ৰতিবেদন, ২ মাৰ্চ : প্ৰতিবছৰে ২ মাৰ্চত সমগ্ৰ বিশ্বতে বিশ্ব কিশোৰ মানসিক সুস্থতা দিৱস পালন কৰা হয় । এই দিৱসটো পালনৰ উদ্দেশ্য হৈছে কিশোৰ-কিশোৰীসকলে মোকাবিলা কৰা মানসিক স্বাস্থ্যৰ সমস্যাবোৰৰ বিষয়ে সজাগতা বৃদ্ধি কৰা ।

এই দিনটো হৈছে মানসিক স্বাস্থ্য সন্দৰ্ভত সকলোকে শিক্ষিত কৰিবলৈ প্ৰচেষ্টা কৰা আৰু ক্ৰমান্বয়ে বৃদ্ধি পাই অহা আৰু প্ৰায় সাধাৰণ হৈ পৰা মানসিক চাপৰ বিষয়ে সজাগতা সৃষ্টি কৰা । এই দিনটো পালনৰ আন এক উদ্দেশ্য হৈছে কিশোৰসকলক এনে প্ৰকাৰে সমৰ্থন আৰু যত্ন লোৱা যাতে তেওঁলোকে মানসিক সুস্থতা ৰক্ষাত নিশ্চিতভাৱে উপকৃত হয় ।

ইতিহাস : হলিষ্টাৰে 2020 চনত বিশ্ব কিশোৰ মানসিক সুস্থতা দিৱসৰ সূচনা কৰে । কিশোৰৰ মানসিক সুস্থতা পৰ্যবেক্ষণৰ বাবে উৎসৰ্গিত এইটো হৈছে প্ৰথম দিন । ৰাষ্ট্ৰীয় দিৱস কেলেণ্ডাৰৰ পঞ্জীয়কে প্ৰতিবছৰে 2 মাৰ্চত পালন কৰিবলগা এই দিৱসটো ঘোষণা কৰে ।

হলিষ্টাৰ আত্মবিশ্বাস প্ৰকল্পৰ বিষয়ে : হলিষ্টাৰ কনফিডেন্স প্ৰজেক্ট বা হলিষ্টাৰ আত্মবিশ্বাস প্ৰকল্প হৈছে বিশ্বজুৰি সকলো কিশোৰ-কিশোৰীক বছৰৰ ৩৬৫ দিনে তেওঁলোকৰ আটাইতকৈ আত্মবিশ্বাসী, আৰামদায়ক আৰু সক্ষম অনুভৱ কৰাত সহায় কৰাৰ বাবে সমৰ্পিত জনশক্তিচালিত এক পদক্ষেপ । হলিষ্টাৰ আত্মবিশ্বাস পুঁজিয়ে কিশোৰৰ মানসিক স্বাস্থ্য, যুৱ বাইপ'ক (Black, Indigenous and People of Color, BIPOC) লোকসকলৰ বাবে সমতা, এলজিবিটিক+ যুৱসকলৰ বাবে সুৰক্ষা আৰু অন্তৰ্ভুক্তি, উৎপীড়ন-বিৰোধী প্ৰচেষ্টা আৰু স্থিৰতাসহ ক্ষেত্ৰবোৰৰ ওপৰত গুৰুত্ব দিয়া অনা-লাভজনক গ্ৰুপ আৰু প্ৰকল্পবোৰক অনুদান প্ৰদান কৰে ।

মানসিক স্বাস্থ্য ফাউণ্ডেচনৰ প্ৰতিবেদন অনুসৰি :

  • 20 শতাংশ কিশোৰে যিকোনো বয়সত মানসিক স্বাস্থ্যৰ সমস্যা অনুভৱ কৰিব পাৰে ।
  • 14 বছৰ বয়সৰ ভিতৰত 50 শতাংশ আৰু ২৪ বছৰ বয়সলৈ 75 শতাংশ মানসিক স্বাস্থ্য সমস্যা হ'ব পাৰে ।
  • 10 শতাংশ শিশু আৰু যুৱ লোকৰ (5-16 বছৰ বয়সৰ) নিদানিকভাৱে নিৰ্ণয়যোগ্য মানসিক সমস্যা আছে । কিন্তু মানসিক স্বাস্থ্যৰ সমস্যা অনুভৱ কৰা 70 শতাংশ শিশু আৰু কিশোৰে প্ৰাৰম্ভিক সময়ত পৰ্যাপ্ত হস্তক্ষেপ লাভ কৰা নাই ।

কিশোৰৰ মানসিক স্বাস্থ্যৰ বাবে অতিৰিক্ত মনোযোগৰ প্ৰয়োজন : কিয়নো এইটো এনে এক বয়স, য'ত যুৱসকল অধিক স্বতন্ত্ৰ আৰু সম্ভাৱনাপূৰ্ণ হৈ থাকে । কিশোৰ-কিশোৰীসকলে তেওঁলোকৰ শাৰীৰিক আৰু আৱেগিক অৱস্থাত পৰিৱৰ্তন অনুভৱ কৰাৰ মাজেৰে তেওঁলোকৰ জীৱনৰ আৰম্ভণিৰ বছৰবোৰ পাৰ কৰি থাকে । এনে সময়ত তেওঁলোকক সমৰ্থন, উৎসাহ আৰু এক আৰামদায়ক, সুৰক্ষিত পৰিৱেশৰ প্ৰয়োজন, যাতে তেওঁলোকে নিজকে মুক্তভাৱে প্ৰকাশ কৰিব পাৰে । কিন্তু দুৰ্ভাগ্যবশতঃ বহু কিশোৰৰ এনেধৰণৰ পৰিৱেশ নাই আৰু সেয়েহে আৱেগিকভাৱে নিজকে প্ৰকাশ কৰিবলৈ সংগ্ৰাম কৰে । ইয়াৰ বহুতো নেতিবাচক প্ৰভাৱ থাকিব পাৰে, বিশেষকৈ তেওঁলোকৰ মানসিক স্বাস্থ্যৰ ওপৰত । ইয়াৰ উপৰি কম বয়সৰ পৰাই মানসিক স্বাস্থ্যৰ সমস্যাবোৰ চিনাক্ত কৰা আৰু সমাধান কৰা আৰম্ভ কৰাটো ব্যক্তিগৰাকীৰ বাবে যথেষ্ট লাভজনক হ'ব পাৰে ।

বিশ্ব স্বাস্থ্য সংস্থাৰ সঁহাৰি : বিশ্ব স্বাস্থ্য সংস্থাই কিশোৰসকলৰ স্বাস্থ্যৰ প্ৰয়োজনীয়তাৰ প্ৰতি সঁহাৰি জনোৱাত চৰকাৰক সহায় কৰাৰ বাবে ৰণনীতি, কাৰ্যসূচী আৰু সঁজুলিৰ ওপৰত অগ্ৰাধিকাৰ প্ৰদান কৰিছে । হেল্পিং এড'লছেণ্টছ থ্ৰীভ চমুকৈ এইচএটি উদ্যোগ হৈছে কিশোৰসকলৰ মানসিক স্বাস্থ্যৰ বাবে নীতি আৰু কাৰ্যসূচী শক্তিশালী কৰাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা আৰু ইউনিচেফৰ এক যুটীয়া প্ৰচেষ্টা । তাতোকৈ নিৰ্দিষ্টভাৱে ক'বলৈ গ'লে এই উদ্যোগৰ জৰিয়তে কৰা প্ৰচেষ্টাবোৰ হৈছে মানসিক স্বাস্থ্যৰ প্ৰচাৰ কৰা আৰু মানসিক স্বাস্থ্যৰ স্থিতি প্ৰতিৰোধ কৰা । এইবোৰৰ উদ্দেশ্য হৈছে আত্ম-ক্ষতি আৰু অন্যান্য বিপজ্জনক আচৰণ প্ৰতিৰোধ কৰাত সহায় কৰা । যেনে সুৰা আৰু ড্ৰাগছৰ ক্ষতিকাৰক ব্যৱহাৰ, যিয়ে মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ক্ষতি কৰে ।

বিশ্ব স্বাস্থ্য সংস্থাই এমএইচজিএপি হস্তক্ষেপ নিৰ্দেশনা 2.0-ৰ অংশ হিচাপে শিশু আৰু কিশোৰ মানসিক আৰু আচৰণগত বিকাৰৰ ওপৰত এটা মডিউলো বিকশিত কৰিছে । এই নিৰ্দেশনাই অনা-বিশেষ যত্ন ব্যৱস্থাত বিভিন্ন মানসিক স্বাস্থ্যৰ স্থিতিৰ মূল্যাঙ্কন আৰু ব্যৱস্থাপনাৰ বাবে প্ৰমাণ-ভিত্তিক নিদানিক প্ৰটোকল প্ৰদান কৰে ।

বিশ্ব স্বাস্থ্য সংস্থাই কিশোৰসকলৰ আৱেগিক বিকাৰ আৰু কিশোৰসকলৰ বাবে মানসিক স্বাস্থ্য সেৱাৰ ওপৰত নিৰ্দেশনা ৰক্ষা কৰিবলৈ বিস্তৃত পৰিসৰত মানসিক হস্তক্ষেপৰ বিকাশ আৰু পৰীক্ষা কৰি আছে ।

ভাৰতত যুৱ মানসিক স্বাস্থ্য সজাগতা : চেপিয়েন লেবছ চেণ্টাৰ ফৰ দ্য হিউমেন ব্ৰেইন এণ্ড মাইণ্ডৰ এক প্ৰতিবেদন অনুসৰি, ভাৰতত 50 শতাংশতকৈও অধিক যুৱক-যুৱতীৰ (18-24 বছৰ) মানসিক স্বাস্থ্য দুৰ্বল । 'মেণ্টেল ষ্টেট অব ইণ্ডিয়া : ইণ্টাৰনেট-ইনেবল য়ুথ' শীৰ্ষক প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে যে মহামাৰীৰ সময়ত দেশৰ যুৱসকলৰ মানসিক স্বাস্থ্যৰ অৱনতি ঘটিছে ।

2020 চনত, যুৱসকলৰ গড় এমএইচকিউ (মানসিক স্বাস্থ্য স্থানাংক) আছিল 28 । আনহাতে, 2023 চনত ই 20-লৈ হ্ৰাস পায় । চেপিয়েন লেবে এইটো বিচাৰি পায় যে যুৱসকলৰ গড় এমএইচকিউ উপাৰ্জন গোটত কম আছিল । বছৰি 1 লাখ টকাতকৈ কম উপাৰ্জন কৰা এগৰাকী যুৱৰ এমএইচকিউ আছিল 10 । আনহাতে, 45-54 বছৰীয়া লোকৰ এমএইচকিউ আছিল 73 । একেদৰে, 10 লাখ টকাতকৈ অধিক উপাৰ্জন কৰা যুৱক-যুৱতীৰ এমএইচকিউ আছিল 24 । আনহাতে, একে উপাৰ্জন কৰা 45-54 বছৰীয়া লোকৰ এমএইচকিউ আছিল 94 ।

ভাৰতত শিশু আৰু কিশোৰৰ মানসিক স্বাস্থ্য উন্নত কৰাৰ বাবে উদয় প্ৰকল্প : উদয় হৈছে ভাৰতৰ কিশোৰ-কিশোৰীসকলৰ ওপৰত এনে ধৰণৰ প্ৰথম অধ্যয়ন । বিহাৰ আৰু উত্তৰ প্ৰদেশত কিশোৰ আৰু যুৱ প্ৰাপ্তবয়স্কসকলৰ জীৱন বুজা (উদয়) এই প্ৰকল্প হৈছে ভাৰতৰ কিশোৰসকলৰ ওপৰত এক বিস্তৃত গৱেষণা, যিয়ে কম বয়সীয়া (10-14) আৰু জ্যেষ্ঠ (15-19) কিশোৰৰ পৰিস্থিতিৰ স্তৰ, আৰ্হি আৰু প্ৰৱণতা প্ৰতিষ্ঠা কৰে । জনসংখ্যা পৰিষদে বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেচন আৰু ডেভিদ আৰু লুচিল পেকাৰ্ড ফাউণ্ডেচনৰ বিত্তীয় সমৰ্থনত উদয় প্ৰকল্প পৰিচালনা কৰি আছে ।

ৰাষ্ট্ৰীয় কিশোৰ স্বাস্থ্য কাৰ্যক্ৰম : ৰাষ্ট্ৰীয় কিশোৰ স্বাস্থ্য কাৰ্যক্ৰম হৈছে 2014 চনত আৰম্ভ কৰা এক ৰাষ্ট্ৰীয় কাৰ্যসূচী । ইয়াৰ উদ্দেশ্য হৈছে মানসিক স্বাস্থ্যকে ধৰি ভাৰতৰ কিশোৰসকলৰ স্বাস্থ্য আৰু সুস্থতা উন্নত কৰা ।

পিতৃ-মাতৃয়ে কেনেদৰে কিশোৰৰ মানসিক স্বাস্থ্য উন্নত কৰিব পাৰে - এক সন্তুলিত প্ৰতিপালন শৈলী ব্যৱহাৰ কৰক : পিতৃ-মাতৃৰ সৰ্বশ্ৰেষ্ঠ দায়িত্ব হৈছে সন্তানক লালন-পালনৰ সময়ত এক সন্তুলিত প্ৰতিপালন শৈলী ব্যৱহাৰ কৰা । কিয়নো প্ৰতিপালনৰ এই দৃষ্টিভংগীয়ে উন্নত মানসিক স্বাস্থ্যলৈ লৈ যায় । পিতৃ-মাতৃৰ এই শৈলীয়ে মৰম আৰু নিয়মৰ ভাৰসাম্য ৰাখে । সেয়েহে কিশোৰসকলে জানে যে তেওঁলোকে ভুল কৰিলেও তেওঁলোকৰ যত্ন লোৱা হয় ।

কিশোৰসকলক চাপৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে শিকাওক : আমি চাপৰ সৈতে কেনেদৰে মোকাবিলা কৰোঁ সেইটো অতি গুৰুত্বপূৰ্ণ বিষয় । যেতিয়া চাপ অত্যধিক হৈ পৰে, ইয়াৰ ফলত মানসিক স্বাস্থ্য দুৰ্বল হ'ব পাৰে । চাপ নিয়ন্ত্ৰণ কৰিবলৈ কিশোৰসকলক সঠিক টোপনি, পুষ্টি আৰু ব্যায়ামৰ প্ৰয়োজন ।

নিজৰ যত্নয়ে আদৰ্শ : নিজৰ যত্ন লোৱাটো প্ৰতিপালনৰ এক কৌশলগত কাৰ্য । কিয়নো ই আত্ম-যত্নৰ আৰ্হি প্ৰস্তুত কৰে । আপোনাৰ স্বাস্থ্য আৰু সুস্থতা বজাই ৰখাৰ বাবে ৰুচি উপভোগ কৰিবলৈ আৰু আৰাম কৰিবলৈ সময় লোৱাটো গুৰুত্বপূৰ্ণ ।

লক্ষণবোৰ জানক : যদিও আমাৰ কিশোৰ-কিশোৰীসকলে সচৰাচৰ চাপৰ সৈতে মোকাবিলা কৰাটো দেখা যায়, কিন্তু আমি সদায়ে এইটো অনুভৱ নকৰিব পাৰোঁ যে কেতিয়া ই অধিক হয় । কিশোৰসকলে প্ৰাপ্তবয়স্কসকলৰ ওপৰত নিৰ্ভৰ কৰে, যাতে তেওঁলোকে উদ্বেগ বা হতাশাৰ সৈতে মোকাবিলা কৰিব পাৰে আৰু তেওঁলোকক সহায়ৰ দিশে লৈ যাব পাৰে ।

পেছাদাৰী সহায় লওক : পেছাদাৰী সহায়ৰ বাবে আগবাঢ়ি যোৱাটো সবল লক্ষণ । কেতিয়াবা আমাৰ জীৱনৰ সমস্যাবোৰ ইমানেই অত্যধিক হৈ পৰে যে পৰামৰ্শ বা চিকিৎসাৰ বিশেষ প্ৰশিক্ষণ থকা কাৰোবাৰ পৰা আমাক সহায়ৰ প্ৰয়োজন হয় । তেওঁলোকেহে আমাৰ মোকাবিলা কৰাৰ সামৰ্থ্যক সমৰ্থন কৰিব পাৰে ।

লগতে পঢ়ক :World Compliment Day ত আপোনজনলৈ প্ৰেৰণ কৰক প্ৰশংসাৰে ভৰা এইসমূহ বাৰ্তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.