ETV Bharat / international

ৰাছিয়াৰ আক্ৰমণত ইউক্ৰেইনৰ খাৰকিভত ৮ জনৰ মৃত্যু - Strikes on Ukraine Kharkiv

author img

By ANI

Published : Apr 7, 2024, 9:28 AM IST

ৰাছিয়াৰ আক্ৰমণত ইউক্ৰেইনৰ খাৰকিভত ৮ জনৰ মৃত্যু
ৰাছিয়াৰ আক্ৰমণত ইউক্ৰেইনৰ খাৰকিভত ৮ জনৰ মৃত্যু

Russian Ukraine War : ৰাছিয়াৰ আক্ৰমণত ইউক্ৰেইনৰ খাৰকিভত কমেও ৮ জন লোক নিহত হোৱাৰ লগতে ১০ জন আহত হৈছে । আঞ্চলিক বিষয়াসকলৰ উদ্ধৃতি দি আল জাজিৰাই প্ৰকাশ কৰিছে এই তথ্য ৷ এই আক্ৰমণ ড্ৰ’ণেৰে সংঘটিত কৰা হৈছে বুলি জানিব পৰা গৈছে ।

ইন্টাৰনেশ্যনেল ডেস্ক, ৭ এপ্ৰিল : ইউক্ৰেইনৰ দ্বিতীয় বৃহত্তম চহৰ খাৰকিভত ৰাছিয়াৰ আক্ৰমণত কমেও ৮ জন লোক নিহত হোৱাৰ লগতে ১০ জন আহত হয় । আঞ্চলিক বিষয়াসকলৰ উদ্ধৃতি দি আল জাজিৰাই এই তথ্য প্ৰদান কৰিছে । আঞ্চলিক বিষয়াসকলে কয় যে ৰাছিয়াৰ বাহিনীয়ে বোমা আৰু মিছাইল ব্যৱহাৰ কৰিছিল । ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় আৰক্ষীয়ে দাবী কৰিছে যে এই আক্ৰমণ ড্ৰ’ণেৰে সংঘটিত কৰা হৈছে ।

ইতিমধ্যে আৰক্ষী আৰু স্থানীয় কৰ্তৃপক্ষই চহৰখনৰ ৰাজপথ আৰু বহু অট্টালিকাৰ কাষত জ্বলি থকা জুইৰ ছবি প্ৰকাশ কৰে । খাৰকিভ অঞ্চলৰ গৱৰ্ণৰ অলেহ চিনিহুবভে কয় যে খাৰকিভ চহৰত নিশাৰ ভিতৰতে ক্ষেপণাস্ত্ৰ আক্ৰমণত ছয়জন লোক নিহত হৈছে । অৱশ্যে পিচত মৃত্যুৰ সংখ্যা আঠলৈ বৃদ্ধি হয় । ইফালে খাৰকিভৰ মেয়ৰ ইগ’ৰ টেৰেখভে সেই পৰিসংখ্যা নিশ্চিত কৰি কয় যে আৰু দহজন লোক এই দুৰ্ঘটনাত আহত হৈছে ।

আল জাজিৰাৰ মতে, টেৰেখভে কয় যএ আৱাসিক অঞ্চলক লক্ষ্য কৰি এই আক্ৰমণ চলোৱা হৈছিল । এই আক্ৰমণত কমেও ৯ টা ওখ অট্টালিকা, তিনিটা ছাত্ৰাবাস, কেইবাটাও প্ৰশাসনিক ভৱন, এখন দোকান, এটা পেট্ৰ’ল পাম্প, এটা চাৰ্ভিচ ষ্টেচন আৰু বহু গাড়ীৰ ক্ষতিসাধন হয় । ইউক্ৰেইনৰ সেনাই ফেচবুকত জনোৱা মতে, প্ৰতিশোধৰ বাবে ৰাছিয়াৰ ছটা ক্ষেপণাস্ত্ৰৰ ভিতৰত তিনিটা আৰু ৩২টা ড্ৰ’ণৰ ভিতৰত ২৮টা ড্ৰ’ণ নিক্ষেপ কৰি এই আক্ৰমণ সংঘটিত কৰে ।

আল জাজিৰাৰ বাতৰি অনুসৰি, মাজনিশাৰ আক্ৰমণৰ পিচত খাৰকিভ আৰু ৰাজধানী কিয়েভকে ধৰি দেশৰ বহু অংশত কেইবাঘণ্টা ধৰি বিমান আক্ৰমণৰ সতৰ্কবাণী চলি আছিল । খাৰকিভ ৰাছিয়াৰ সীমান্তৰ পৰা মাত্ৰ ৩০ কিলোমিটাৰ দূৰত্বত অৱস্থিত । ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত মস্কোৱে আক্ৰমণ আৰম্ভ কৰাৰ পিচৰে পৰা এই বোমা বিস্ফোৰণ অব্যাহত আছে । যোৱা কেইসপ্তাহমানৰ পৰা এই আক্ৰমণ তীব্ৰতৰ হৈ পৰিছে । বুধবাৰে মহানগৰীত ড্ৰ’ণ আক্ৰমণত চাৰিজন লোক নিহত হোৱাৰ লগতে এপাৰ্টমেণ্ট বিল্ডিঙৰ ব্যাপক ক্ষতিসাধন হয় ।

লগতে পঢ়ক : গাজাত সাহায্য কৰ্মীৰ ওপৰত মাৰাত্মক ড্ৰোন আক্ৰমণৰ বাবে ২ জন ইজৰাইলী বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত - STRIKES ON AID WORKERS IN GAZA

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.