ETV Bharat / international

পাপুৱা নিউ গিনিত জাতিগত সংঘৰ্ষ, ৬৪ গৰাকী লোকৰ মৃত্যু

author img

By ANI

Published : Feb 19, 2024, 10:40 AM IST

Papua New Guinea violence: পাপুৱা নিউ গিনিৰ ইংগা প্ৰদেশত অভাৱনীয় পৰিৱেশে বিৰাজ কৰিছে । জাতিগত সংঘৰ্ষৰ ফলত অঞ্চলটোত ৬৪ গৰাকী লোকৰ মৃত্যু হৈছে । অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ শোকপ্ৰকাশ ।

Papua New Guinea
পাপুৱা নিউ গিনিত জাতিগত সংঘৰ্ষ

ইণ্টাৰনেশ্যনেল ডেস্ক,১৯ ফেব্ৰুৱাৰী: পাপুৱা নিউ গিনিত ভয়ংকৰ জাতিগত সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছে । দেশখনৰ নৰ্ডান হাইলেণ্ডত সংঘটিত এই হিংসাত্মক ঘটনাত প্ৰায় ৬৪ গৰাকী লোক নিহত হৈছে । সূত্ৰৰ মতে দেওবাৰে পুৱা ইংগা প্ৰদেশৰ ৱাপেনামাণ্ডা জিলাত এই হিংসাত্মক ঘটনাৰ সূত্ৰপাত হয় । য'ত আম্বুলিন আৰু চিকিন জনজাতিৰ লগতে তেওঁলোকৰ নিজ নিজ মিত্ৰশক্তিৰ মাজত সংঘৰ্ষ হয় । আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি এই হিংসাত্মক ঘটনাত একে-৪৭ আৰু এম-৪ ৰাইফলৰ দৰে আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰা হয় । যাৰ ফলত সোমবাৰে পুৱালৈকে ৱাপেনামাণ্ডাৰ পথৰ দাঁতিত আৰু পাহাৰত ৬৪ টা মৃতদেহ উদ্ধাৰ হয় ।

দেশখনৰ আৰক্ষী বাহিনীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে এয়া অঞ্চলটোৰ এতিয়ালৈকে আটাইতকৈ ভয়ংকৰ হিংসাত্মক ঘটনা । তেওঁৰ মতে সম্ভৱত পাপুৱা নিউ গিনিৰ কোনো হাইলেণ্ডত এনে ঘটনা সংঘটিত হোৱা নাই । ইংগা প্ৰদেশত পূৰ্বেও একেটা জনজাতিৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হৈছিল, য'ত প্ৰায় ৬০ গৰাকী লোকৰ মৃত্যু হৈছিল । ফলস্বৰূপে অঞ্চলটোত অভাৱনীয় পৰিৱেশে বিৰাজ কৰিছে ।

আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে । ৰাজধানী পোৰ্ট মৰেছবিত প্ৰধানমন্ত্ৰী জেমছ মাৰা চৰকাৰৰ বিৰোধী দলসমূহে জৰুৰীভাৱে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে । প্ৰভাৱিত অঞ্চলটোত অতিৰিক্ত সেনা বাহিনী মোতায়েনৰ দাবী জনোৱা হৈছে । ইফালে হিংসাত্মক ঘটনাত অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰৰ বিষয়টোৰ সঠিক তদন্তৰো দাবী জনোৱা হৈছে ।

ইফালে, অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী এলবানিছে ঘটনাটোক লৈ উদ্বেগ প্ৰকাশ কৰিছে । তেওঁ সোমবাৰে এক ৰেডিঅ' সাক্ষাৎকাৰত মন্তব্য কৰে যে পাপুৱা নিউ গিনিৰ পৰা অহা এই খবৰ অতি উদ্বেগজনক । উল্লেখ্য যে অষ্ট্ৰেলিয়াই চুবুৰীয়া ৰাষ্ট্ৰখনক বিভিন্ন ধৰণে সমৰ্থন আগবঢ়াই আহিছে । বিশেষকৈ আৰক্ষী বিষয়াসকলক প্ৰশিক্ষণ দিয়া আৰু পাপুৱা নিউ গিনিত নিৰাপত্তা ব্যৱস্থা বৃদ্ধিত সক্ৰিয়ভাৱে জড়িত হৈ আছে ।

লগতে পঢ়ক :গাজাত মানৱীয় যুদ্ধবিৰতিৰ সমৰ্থনত মঙলবাৰে ভোটদান কৰিব ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.