ETV Bharat / international

ন্যায় আৰু ধৰ্মৰ প্ৰতিমূৰ্তি ৰাম-সীতা, নেপালৰ বৈদেশিক মন্ত্ৰী

author img

By ANI

Published : Jan 23, 2024, 10:37 AM IST

Updated : Jan 23, 2024, 11:13 AM IST

Cultural civilizational linkage between India and Nepal: নেপালৰ বৈদেশিক মন্ত্ৰী এন পি সাউদে অযোধ্যাৰ ৰাম মন্দিৰত ৰাম লল্লাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানক ‘গৌৰৱৰ’ মুহূৰ্ত আখ্যা দিয়ে ৷ ভগৱান ৰাম আৰু দেৱী সীতাক সাহস, ত্যাগ, ন্যায় আৰু ধৰ্মৰ প্ৰতিমূৰ্তি বুলি কয় সাউদে ।

cultural civilizational linkage between India and Nepal
নেপালৰ বৈদেশিক মন্ত্ৰী

ইণ্টাৰনেশ্যনেল ডেস্ক, 23 জানুৱাৰী: নেপালৰ বৈদেশিক মন্ত্ৰী এন পি সাউদে অযোধ্যাৰ ৰাম মন্দিৰত ৰাম লল্লাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানক ‘গৌৰৱৰ’ মুহূৰ্ত আখ্যা দি কয় যে ভগৱান ৰাম আৰু দেৱী সীতা হৈছে সাহস, ত্যাগ, ন্যায় আৰু ধৰ্মৰ প্ৰতিমূৰ্তি ।

সাউদে আৰু কয় যে ভাৰত আৰু নেপালৰ মাজত থকা গভীৰ সাংস্কৃতিক আৰু সভ্যতামূলক সংযোগৰ প্ৰতীক ৰাম আৰু সীতা ।

সাউদে X যোগে কয়, “জয় শ্ৰী ৰাম ! মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী @narendramodi জীয়ে অযোধ্যাত উদ্বোধন কৰা ৰাম মন্দিৰ আৰু পবিত্ৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ সাফল্য আজি সনাতন ধৰ্মৰ সকলো অনুগামীৰ বাবে এক গৌৰৱৰ মুহূৰ্ত । মৰ্যাদা পুৰুষোত্তম শ্ৰীৰাম আৰু নেপালৰ কন্যা মাতা সীতা আছিল সাহস, ত্যাগ, ন্যায় আৰু ধাৰ্মিকতাৰ প্ৰতিমূৰ্তি ।"

তেওঁ লগতে কয়, "এইবোৰ হ’ল নেপাল আৰু ভাৰতৰ মাজত গভীৰ সাংস্কৃতিক আৰু সভ্যতামূলক সংযোগৰ প্ৰতীক । তেওঁলোকৰ গুণ আৰু আদৰ্শই আমাক মানৱতাৰ সেৱাত ব্ৰতী কৰাওক !”

ইফালে, অযোধ্যাত ৰাম মন্দিৰৰ মূৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান উদযাপনৰ বাবে দেৱী সীতাৰ গৃহ চহৰ জনকপুৰত সোমবাৰে সন্ধিয়া ভক্তসকলে 2.5 লাখ তেলৰ দীপ প্ৰজ্জলিত কৰে । অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা প্ৰদৰ্শনৰ সমান্তৰালকৈ প্ৰাচীন চহৰখনত ৰেলী আৰু উদযাপন অনুষ্ঠানৰো আয়োজন কৰা হয় ।

অযোধ্যাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত শ্ৰী ৰাম লাল্লাৰ মূৰ্তি উন্মোচন কৰা হয় । এই অনুষ্ঠানৰ সময়ত আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱত, উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ উপস্থিত থাকে । ক্ৰিকেট, চলচ্চিত্ৰ, সন্ত সমাজ, ৰাজনীতি, শিল্প, সাহিত্য, সংস্কৃতিকে ধৰি দেশৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: দেৱী সীতাৰ মাতৃগৃহ নেপালত অযোধ্যাৰ সমানে উৎসাহ-উদ্দীপনা

Last Updated : Jan 23, 2024, 11:13 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.