ETV Bharat / international

ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা; ৰাম ভক্তিত বিলীন প্ৰবাসী ভাৰতীয়

author img

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 1:22 PM IST

Ram Mandir Celebration in Foreign : মেক্সিকো, মৰিচাছ, ব্ৰিটেইনৰ পৰা অষ্ট্ৰেলিয়ালৈকে ৰাম ভক্তসকল সোমবাৰে দুপৰীয়া ৰামলালালৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত বুৰ যায় । অনুষ্ঠানটো উদযাপন কৰিবলৈ উক্ত দেশবোৰত শ শ মন্দিৰ সুসজ্জিত কৰা হয় । মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবিন্দ জগনাথ হৈছে ছ'চিয়েল মিডিয়াত আনন্দ প্ৰকাশ কৰা প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ।

ৰাম ভক্তিত বিলীন প্ৰবাসী ভাৰৰতীয়
ৰাম ভক্তিত বিলীন প্ৰবাসী ভাৰৰতীয়

ইণ্টাৰনেচনেল ডেস্ক, ২২ জানুৱাৰী : অযোধ্যাত আয়োজিত ৰাম মন্দিৰৰ বৃহৎ অনুষ্ঠানৰ বাবে সমগ্ৰ দেশৰ মন্দিৰসমূহ সাজু হোৱাৰ সমান্তৰালভাৱে ব্ৰিটেইনতো ইয়াৰ প্ৰাণৱন্ত উদযাপন পৰিলক্ষিত হয় । অযোধ্যাত ৰাম মন্দিৰৰ 'প্ৰাণ প্ৰতিষ্ঠা' অনুষ্ঠান উদযাপনৰ বাবে সাজু হোৱাৰ মুহূৰ্তত ব্ৰিটেইনৰ সকলো হিন্দু মন্দিৰত অতি উৎসাহ পৰিলক্ষিত হয় । উল্লেখ্য যে ব্ৰিটেইনত প্ৰায় ২৫০ টা হিন্দু মন্দিৰ আছে ।

ব্ৰিটেইনৰ প্ৰবাসী ভাৰতীয়সকলে লণ্ডনত এক কাৰ ৰেলীৰো আয়োজন কৰে । এই সমদলটোৰ সময়ত অংশগ্ৰহণকাৰীসকলে 'জয় শ্ৰীৰাম' ধ্বনি দিয়ে আৰু ভগৱান ৰামৰ প্ৰশংসাসূচক গান বজায় । আনহাতে, অষ্ট্ৰেলিয়াত ৰাম মন্দিৰৰ অনুষ্ঠানক লৈ বৰ্ধিত উল্লাসৰ প্ৰকাশ দেখা গৈছে । তাত শ শ মন্দিৰত কেইবাটাও অনুষ্ঠানৰ পৰিকল্পনা কৰা হয় ।

ইফালে মেক্সিকোত এগৰাকী আমেৰিকান পুৰোহিতৰ দ্বাৰা মেক্সিকান আয়োজক আৰু ভাৰতৰ পৰা নিয়া এটি মূৰ্তিৰে 'প্ৰাণ প্ৰতিষ্ঠা' অনুষ্ঠান ৰূপায়ণ কৰা হয় । এই পৰিৱেশটো এক 'ঐশ্বৰিক শক্তি'ৰে ভৰি পৰে । কিয়নো প্ৰবাসী ভাৰতীয়সকলে গোৱা ভজন আৰু গীতবোৰ সমগ্ৰ অনুষ্ঠানটোত প্ৰতিধ্বনিত হয় ।

  • The ‘Pran Pratishtha’ ceremony was performed by an American Priest with Mexican hosts & the idols brought from India. The atmosphere was filled with divine energy as the hymns & songs sung by the Indian diaspora reverberated throughout the hall. 2/2#RamMandir pic.twitter.com/1gsu4Zb086

    — India in México (@IndEmbMexico) January 21, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

এক্সৰ এটা পোষ্টত মেক্সিকোত থকা ভাৰতীয় মিছনে কৈছে, "মেক্সিকোৰ প্ৰথম ভগৱান ৰাম মন্দিৰ ! অযোধ্যাত 'প্ৰাণ প্ৰতিষ্ঠা' অনুষ্ঠানৰ প্ৰাকমুহূৰ্তত মেক্সিকোৰ কুৱেৰেটাৰো চহৰে প্ৰথম ভগৱান ৰামৰ মন্দিৰ লাভ কৰে । কুৱেৰেটাৰোৱে মেক্সিকোৰ প্ৰথম ভগৱান হনুমান মন্দিৰৰো আয়োজন কৰে ।"

একেদৰে ডেনমাৰ্ক, নিউজীলেণ্ড, টাইৱান আৰু চিচিলিৰ দৰে দেশতো প্ৰবাসী ভাৰতীয়সকলে ৰাম মন্দিৰ উদ্বোধন উদযাপন কৰে । মৰিচাছতো ইয়াৰ উল্লাস দেখা যায় ।

ৰাম মন্দিৰ মুকলি হোৱাত আনন্দ প্ৰকাশ কৰি মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবিন্দ জগনাথে কয়, "শ্ৰীৰাম অযোধ্যালৈ উভতি অহাৰ লগে লগে আমি আনন্দিত হওঁ আহক । তেওঁৰ আশীৰ্বাদ আৰু শিক্ষাই শান্তি আৰু সমৃদ্ধিৰ দিশত আমাৰ পথ উজলাই থাকক । জয় হিন্দ ! জয় মৰিচাছ ।" দেওবাৰে প্ৰবিন্দ জগনাথক অযোধ্যা ৰাম মন্দিৰৰ পৰা হালধি আৰু ঘিঁউৰ সৈতে মিশ্ৰিত চাউলৰ শস্য পবিত্ৰ 'অক্ষত' দিয়া হয় ।

ইফালে ভাৰতৰ মৰিচাছৰ উচ্চায়ুক্ত হাইমাণ্ডোয়াল ডিলুমে কয় যে ভগৱান ৰামৰ জন্মস্থান অযোধ্যাত ভগৱান ৰামৰ মূৰ্তি স্থাপনে মৰিচাছৰ জনসাধাৰণৰ বাবে যথেষ্ট আধ্যাত্মিক, ঐতিহাসিক আৰু সাংস্কৃতিক গুৰুত্ব বহন কৰে । এইটো এনেকুৱা হৈছে যেন ভগৱান ৰাম নিৰ্বাসনৰ পিছত ঘূৰি আহিছে ।

মৰিচাছত পূজা আৰু যজ্ঞৰ সৈতে প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানো উদযাপন কৰা হয় । আনহাতে, সোমবাৰে পূজাত অংশগ্ৰহণ কৰিবলৈ মৰিচাছৰ হিন্দু সম্প্ৰদায়ৰ লোকসকলক কামৰ পৰা দুঘণ্টাৰ বিৰতি দিয়া হৈছে ।

লগতে পঢ়ক :বহু প্ৰত্যাশিত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা, জানক দিনটোৰ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.