ETV Bharat / international

ভোটৰ পৱিত্ৰতা ৰক্ষাৰ স্বাৰ্থত প্ৰতিবাদৰ আহ্বান পাকিস্তান তেহৰিক-এ-ইনছাফৰ

Pakistan parliamentary election, 2024: দেওবাৰৰ দুপৰীয়া 2:00 বজাত পাকিস্তানত ‘শান্তিপূৰ্ণ প্ৰতিবাদ’ অনুষ্ঠিত কৰাৰ কথা ঘোষণা পাকিস্তান তেহৰিক-এ-ইনছাফৰ ৷ ভোটৰ পৱিত্ৰতা ৰক্ষাৰ স্বাৰ্থত এই আহ্বান জনায় পিটিআয়ে ৷ বৃহস্পতিবাৰে দেশখনত অনুষ্ঠিত হৈছিল সাধাৰণ নিৰ্বাচন ৷

pakistan election 2024
ভোটৰ পৱিত্ৰতা ৰক্ষাৰ স্বাৰ্থত প্ৰতিবাদৰ আহ্বান পাকিস্তান তেহৰিক-এ-ইনছাফৰ
author img

By ANI

Published : February 11, 2024 at 9:53 AM IST

2 Min Read
Choose ETV Bharat

ইণ্টাৰনেশ্যনেল ডেস্ক, 11 ফেব্ৰুৱাৰী: পাকিস্তানৰ নিৰ্বাচনী ফলাফল ঘোষণাত পলম হোৱাৰ বাবে পাকিস্তান তেহৰিক-এ-ইনছাফে ভোটৰ পৱিত্ৰতা ৰক্ষাৰ বাবে দেওবাৰে দেশজুৰি প্ৰতিবাদৰ আহ্বান জনাইছে ৷ কাৰণ নিৰ্দলীয় প্ৰাৰ্থীয়ে 100 খন আসনেৰে আগবাঢ়ি আছে । স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, দলটোৰ মূল সমিতিৰ বৈঠক অনুষ্ঠিত হোৱাৰ পিছতে দেওবাৰে দুপৰীয়া 2:00 বজাত সমগ্ৰ দেশতে ‘শান্তিপূৰ্ণ প্ৰতিবাদ’ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে ।

সভাখনত নিৰ্বাচনৰ ফলাফল আৰু ভৱিষ্যতৰ কাৰ্যপন্থা সন্দৰ্ভতো আলোচনা কৰা হয় । মূল সমিতিখনে নিৰ্দিষ্ট ৰাজনৈতিক দলৰ সৈতে সংযোগ সম্পৰ্কীয় বিষয়সমূহো আলোচনা কৰে । এই বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়, যি সিদ্ধান্ত পাকিস্তান তেহৰিক-এ-ইনছাফৰ প্ৰতিষ্ঠাপক ইমৰাণ খানৰ সৈতে আলোচনাৰ অন্তত কাৰ্যকৰী কৰা হ’ব বুলি দলটোৱে কয় ।

পাকিস্তান তেহৰিক-এ-ইনছাফে কয় যে জনসাধাৰণে শান্তিপূৰ্ণ আৰু সাংবিধানিকভাৱে নিজৰ ৰায় দিছে । সংবাদ মাধ্যমে জানিবলৈ দিয়া মতে, নিৰ্বাচন অনুষ্ঠিত হোৱা মুঠ 265 টা ৰাষ্ট্ৰীয় বিধানসভা সমষ্টিৰ ভিতৰত 257 টা সমষ্টিৰ ফলাফল ঘোষণা কৰা হৈছিল, যিয়ে সামগ্ৰিকভাৱে 100 খন আসনেৰে নিৰ্দলীয় প্ৰাৰ্থীসকলক আগবাঢ়ি থকা দেখা গৈছে । পিএমএল-এন আৰু পিপিপিয়ে ক্ৰমে 73 আৰু 54 খন আসন লাভ কৰিছে ।

মুত্তাহিদা কৌমী আন্দোলনে 17 খন আসন লাভ কৰাৰ বিপৰীতে পিএমএল-কিউৱে 3 খন আসন লাভ কৰিছিল । জুই-এফ আৰু ইষ্টেহকাম-আই-পাকিস্তান পাৰ্টিয়ে ক্ৰমে তিনিখন আৰু দুখন আসন লাভ কৰিছিল । এম ডব্লিউ এম আৰু বি এন পিয়ে এখনকৈ আসন দখল কৰিছিল।

  • " class="align-text-top noRightClick twitterSection" data="">

পাকিস্তান তেহৰিক-এ-ইনছাফৰ সৈতে জড়িত নিৰ্দলীয় প্ৰাৰ্থীসকলেও পিপি-164 আৰু এনএ-118 ৰ ফলাফলক প্ৰত্যাহ্বান জনাই লাহোৰ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল, য’ত পিতৃ-পুত্ৰ ক্ৰমে শ্বেহবাজ শ্বৰীফ আৰু হামজা শ্বেহবাজে বিজয় লাভ কৰে ।

আনহাতে, লাহোৰৰ এন এ-130 সমষ্টিত প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ জয়ক লাহোৰ উচ্চ ন্যায়ালয় (এল এইচ চি)ত প্ৰত্যাহ্বান জনাইছিল ড০ ইয়াছমীন ৰছিদে ।

লগতে পঢ়ক: ভোটগণনাৰ অন্তিম পৰ্যায়; আগবাঢ়ি আছে কাৰাবন্দী ইমৰাণ খানৰ পাকিস্তান তেহৰিক-এ-ইনছাফ