ETV Bharat / international

পাকিস্তানক সুস্থ নেতৃত্বৰ প্ৰয়োজন : পাকিস্তানৰ সেনা প্ৰধান

author img

By ANI

Published : Feb 10, 2024, 1:13 PM IST

Pakistan Chief of Army Staff: পাকিস্তানৰ সাধাৰণ নিৰ্বাচনৰ ভোট গণনা চলি আছে । তাৰ মাজতে পাকিস্তানৰ সেনা প্ৰধান জেনেৰেল অসীম মুনিৰৰ গুৰুত্বপূৰ্ণ মন্তব্য । দেশখনৰ সুস্থ নেতৃত্বৰ প্ৰয়োজন ।

Pakistan Army Chief
পাকিস্তানক সুস্থ নেতৃত্বৰ প্ৰয়োজন

ইণ্টাৰনেশ্যনেল ডেস্ক,১০ ফেব্ৰুৱাৰী : পাকিস্তানৰ সেনা প্ৰধান জেনেৰেল অসীম মুনিৰৰ আন এক মন্তব্যই বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ প্ৰকাশ কৰিছে । মুনিৰৰ মতে দেশখনক সুস্থ নেতৃত্বৰ প্ৰয়োজন । তেওঁ লগতে কয় যে সকলো গণতান্ত্ৰিক শক্তিৰ একত্ৰিত চৰকাৰে পাকিস্তানৰ বিবিধ ৰাজনৈতিক আৰু বহুত্ববাদী দৃশ্যপটক পৰ্যাপ্তভাৱে প্ৰতিনিধিত্ব কৰিব ।

তেওঁ কয় যে আন্তঃ-সেৱা জনসম্পৰ্ক (আইএছপিআৰ)ৰ মতে নিৰ্বাচন আৰু গণতন্ত্ৰ হৈছে পাকিস্তানৰ জনসাধাৰণৰ সেৱা কৰাৰ উপায় । মুনিৰৰ মতে অৰাজকতা আৰু মেৰুকৰণৰ ৰাজনীতিৰ পৰা আগবাঢ়িবলৈ ৰাষ্ট্ৰক সুস্থ নেতৃত্বৰ আৰু আৰোগ্যকাৰী স্পৰ্শৰ প্ৰয়োজন ।

তেওঁৰ মতে নিৰ্বাচনৰ জয় আৰু পৰাজয় একমাত্ৰ প্ৰতিযোগিতা নহয় । ই জনসাধাৰণৰ আদেশ নিৰ্ধাৰণ কৰাৰ এক অনুশীলন । ৰাজনৈতিক নেতৃত্ব আৰু তেওঁলোকৰ কৰ্মীসকলে স্বাৰ্থৰ উৰ্ধত থাকি জনসাধাৰণক শাসন আৰু সেৱা কৰাৰ প্ৰচেষ্টাক সহজ কৰি তুলিব লাগে যিটো সম্ভৱতঃ গণতন্ত্ৰক কাৰ্যকৰী আৰু উদ্দেশ্যপূৰ্ণ কৰাৰ একমাত্ৰ উপায় ।

আইএছপিআৰৰ দ্বাৰা জাৰি কৰা এক বিবৃতিত মুনিৰে নিৰ্বাচন সম্পূৰ্ণ হোৱাৰ পিচত তত্ত্বাৱধায়ক চৰকাৰ, পাকিস্তানৰ নিৰ্বাচন আয়োগ আৰু ৰাজনৈতিক দলসমূহকো প্ৰশংসা কৰে । অৱশ্যে নিৰ্বাচনৰ ফলাফলৰ বাবে অপেক্ষা কৰি থকা হৈছে ।

ইফালে অসীম মুনিৰে ৰাজনৈতিক দলবোৰৰ বাবে ৰাজনৈতিক পৰিপক্কতাৰ সৈতে প্ৰতিদান দিয়াটো কিমান গুৰুত্বপূৰ্ণ সেয়াও উল্লেখ কৰে । তেওঁৰ মতে যিহেতু পাকিস্তানৰ জনসাধাৰণে পাকিস্তানৰ সংবিধানৰ ওপৰত বিশ্বাস দেখুৱাইছে । এতিয়া সকলো ৰাজনৈতিক দলৰ ওপৰত ৰাজনৈতিক পৰিপক্কতা আৰু ঐক্যৰ সৈতে ইয়াৰ প্ৰতিদান দিয়াটো দায়বদ্ধ বুলিও তেওঁ উল্লেখ কৰে ।

ইফালে ২৬৬ খন আসনৰ ভিতৰত ২৪১ খন আসনৰ অনানুষ্ঠানিক অস্থায়ী ফলাফল অনুসৰি পাকিস্তান তেহৰিক-ই-ইনচাফ (পিটিআই)ৰ সমৰ্থিত প্ৰাৰ্থীসকলে ৯৭ খন আসন লাভ কৰি নেতৃত্ব দিছে । আনহাতে একক সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰা পাকিস্তান মুছলিম লীগ-নাৱাজ (পিএমএল-এন)য়ে ৭২ খন আসন লাভ কৰিছে, আনহাতে পাকিস্তান পিপলছ পাৰ্টিয়ে (পি) ৫২ খন আসন লাভ কৰিছে ।

একেদৰে মুত্তাহিদা কৌমি আন্দোলন-পাকিস্তান (এমকিউএম-পি), জমিয়ত-ই-উলামি-ফাইজাল (জেইউআই-এফ) আৰু বেলুচিস্তান নেচনেল পাৰ্টী (বি এন পি)য়ে ক্ৰমান্বয়ে ১৫, ৩ আৰু ২ খন আসন লাভ কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :ভোটগণনাৰ অন্তিম পৰ্যায়; আগবাঢ়ি আছে কাৰাবন্দী ইমৰাণ খানৰ পাকিস্তান তেহৰিক-এ-ইনছাফ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.