ETV Bharat / international

নিৰ্বাচনৰ পূৰ্বে পাকিস্তানৰ আৰক্ষী থানাত ভয়ংকৰ আক্ৰমণ, ১০ গৰাকী বিষয়া নিহত

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 2:08 PM IST

Militants attack in Pakistan: অহা ৮ ফেব্ৰুৱাৰীত পাকিস্তানত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব । তাৰ পূৰ্বে উত্তৰ-পশ্চিম পাকিস্তানৰ আৰক্ষী থানাত সন্ত্ৰাসবাদীৰ আক্ৰমণ । আক্ৰমণত ১০ গৰাকী বিষয়া নিহত আৰু ৬ গৰাকী বিষয়া আহত ।

Militants attack in Pakistan
নিৰ্বাচনৰ পূৰ্বে পাকিস্তানৰ আৰক্ষী থানাত ভয়ংকৰ আক্ৰমণ

ইণ্টাৰনেশ্যনেল ডেস্ক, ৫ ফেব্ৰুৱাৰী : পাকিস্তানৰ সাধাৰণ নিৰ্বাচনলৈ মাজত মাত্ৰ ২ দিন বাকী আছে । তাৰ প্ৰাকক্ষণত উত্তৰ-পশ্চিম পাকিস্তানত ভয়ংকৰ ঘটনা । সূত্ৰৰ মতে সোমবাৰে পুৱা দেশখনৰ উত্তৰ-পশ্চিমত পাকিস্তানী তালিবানৰ এটা পূৰ্বৰ দুৰ্গৰ আৰক্ষী থানাত ৰকেট, বন্দুক আৰু গ্ৰেণেডৰে সজ্জিত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে । এই আক্ৰমণত ১০ গৰাকী বিষয়া নিহত হয় ।

আফগানিস্তানৰ সীমান্তৱৰ্তী খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ ডেৰা ইছমাইল খানত হোৱা এই বছৰৰ আটাইতকৈ ভয়ংকৰ আক্ৰমণটোত আন ৬ গৰাকী বিষয়া আহত হোৱাৰ খবৰ পোৱা গৈছে । অৱশ্যে এতিয়ালৈ কোনো সংগঠনে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰা নাই । জিলাখনৰ শীৰ্ষ আৰক্ষী বিষয়াই জনোৱা মতে সুৰক্ষা বাহিনীয়ে আক্ৰমণকাৰীসকলৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ।

শেহতীয়াকৈ ডিচেম্বৰ মাহত একেখন জিলাতে অনুৰূপ আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল । এখন আৰক্ষী থানাৰ বাহিৰত এজন আত্মঘাতি বোমাৰুৱে বিস্ফোৰক ভৰ্তি বাহন বিস্ফোৰণ কৰাৰ ফলত প্ৰায় ২৩ গৰাকী সেনা নিহত হৈছিল আৰু আন ৩২ গৰাকী আহত হৈছিল ।

সেই আক্ৰমণটো নতুনকৈ গঠন হোৱা সন্ত্ৰাসবাদী সংগঠন তেহৰিক-ই-জিহাদ পাকিস্তানে সংঘটিত কৰা বুলি দাবী কৰিছিল । যিটো পাকিস্তানী তালিবানৰ এটা শাখা বুলি বিশ্বাস কৰা হয় । ৫ ডিচেম্বৰত ডেৰা ইছমাইল খানত হোৱা এই আক্ৰমণৰ পিচত সামৰিক বাহিনী আৰু স্থানীয় আৰক্ষী বিষয়াসকলে নিৰন্তৰ অভিযান চলাইছিল । তেনে একাধিক অভিযানৰ সময়ত নিৰাপত্তা বাহিনীয়ে ২৭ বিদ্ৰোহীক হত্যা কৰিছিল ।

প্ৰায় এসপ্তাহ পূৰ্বে দক্ষিণ-পশ্চিম বালুচিস্তান প্ৰদেশত নিৰাপত্তা বাহিনীৰ ওপৰত আক্ৰমণ হৈছিল । ফলত সুৰক্ষা বাহিনীৰ ৪ গৰাকী জোৱানসহ ৬ জন লোক নিহত হৈছিল । নিষিদ্ধ বালুচিস্তান লিবাৰেচন আৰ্মীয়ে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল ।

ডেৰা ইছমাইল খান দক্ষিণ ৱাজিৰিস্তানৰ সমীপত অৱস্থিত । যাক সন্ত্ৰাসবাদীৰ পূৰ্বৰ দুৰ্গ হিচাপে জনা যায় । ২০১৪ চনত সেনা পৰিচালিত এখন বিদ্যালয়ত হোৱা আক্ৰমণত ১৫০ জনৰো অধিক লোক নিহত হোৱাৰ পিচত পাকিস্তানৰ সেনাই তাত একাধিক অভিযান চলাইছিল ।

লগতে পঢ়ক :পাকিস্তানত ২৮ টা নমুনাত ধৰা পৰিছে পলিঅ' ভাইৰাছৰ প্ৰকাৰ ১ৰ অৱস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.