ETV Bharat / international

ছিডনীৰ শ্বপিং চেণ্টাৰত আততায়ীৰ ছুৰীকাঘাটত নিহত ৬, আৰক্ষীৰ গুলিত নিহত আক্ৰমণকাৰী - Sydney mall stabbing

author img

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 8:33 PM IST

Sydney mall stabbing: ছিডনীৰ শ্বপিং চেণ্টাৰত শনিবাৰে আতংকৰ সৃষ্টি কৰা এজন ব্যক্তিক আৰক্ষীয়ে গুলীয়াই হত্যা কৰে ৷ লোকজনৰ ছুৰীকাঘাটত ছয়জন লোক নিহত হোৱাৰ লগতে আহত হয় আন কেইবাজনো লোক ৷

Sydney mall stabbing
ছিডনী শ্বপিং চেণ্টাৰত আততায়ীৰ ছুৰিকাঘাটত নিহত ৬

ইন্টাৰনেশ্যনেল ডেস্ক, ১৩ এপ্ৰিল: ছিডনীৰ এটা ব্যস্ত শ্বপিং চেণ্টাৰত শনিবাৰে এজন লোকে ছয়জন লোকক ছুৰীৰে আঘাত কৰি হত্যা কৰে । এই আক্ৰমণত এটা সৰু শিশুকে ধৰি একাধিক লোক আহত হয় । নিউ চাউথ ৱেলছৰ সহকাৰী আৰক্ষী আয়ুক্ত এণ্টনি কুকে সাংবাদিকৰ আগত জনোৱা মতে, চহৰখনৰ পূব উপকণ্ঠ অঞ্চলৰ বণ্ডি জংচনৰ ৱেষ্টফিল্ড শ্বপিং চেণ্টাৰত এই ঘটনা সংঘটিত হৈছে । আততায়ীজনে ৯ জন লোকক ছুৰীৰে আঘাত কৰে আৰু ইয়াৰে ৬ গৰাকী লোকৰ মৃত্যু হয় ।

এই ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিচত আৰক্ষী সেই স্থানত উপস্থিত হৈ আক্ৰমণকাৰীৰ ওপৰত গুলীচালনা কৰে । আৰক্ষীৰ গুলীত এজন আক্ৰমণকাৰীৰ ঘটনাস্থলীতেই মৃত্যু হয় । ইফালে আহতসকলৰ অৱস্থা সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমান পৰ্যন্ত কোনো বিশেষ তথ্য লাভ কৰা নাই । আৰক্ষী আয়ুক্তগৰাকীৰ মতে, সন্দেহযুক্ত লোকজনে অকলে এই আক্ৰমণ সংঘটিত কৰিছিল ৷

অৱশ্যে আততায়ীজনৰ পৰিচয় তথা এই কাণ্ড সংঘটিত কৰাৰ আঁৰৰ কাৰণ বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই বুলি আৰক্ষী আয়ুক্তগৰাকীয়ে লগতে জানিবলৈ দিয়ে । তেওঁ কয় যে এই ঘটনা সংঘটিত কৰাৰ আঁৰৰ কোনো তথ্য বৰ্তমান পৰ্যন্ত ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰিব পৰা হোৱা নাই ৷ ইফালে এই আক্ৰমণৰ আঁৰত সন্ত্ৰাসবাদী জড়িত থাকিব পাৰে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নক নুই কৰা নাই আৰক্ষীয়ে ৷

সম্প্ৰতি ঘটনাস্থলীত পেৰামেডিকেলৰ লোকে আহতসকলৰ চিকিৎসা প্ৰদান কৰি আছে । এণ্টনি কুকিয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা অনুসৰি, আততায়ীটোৱে স্থানীয় সময় অনুসৰি বিয়লি ৩.১০ বজাত মলটোত প্ৰৱেশ কৰে । ইয়াৰ পিচত তেওঁ কিছুসময় বাহিৰলৈ ওলাই আহিছিল আৰু তাৰ পিচত বিয়লি ৩.২০ বজাত (প্ৰায় ১০ মিনিটৰ ব্যৱধানৰ পিচত) পুনৰ মলটোত প্ৰৱেশ কৰি ৰাইজক আক্ৰমণ কৰিছিল । এই সময়ছোৱাত স্থানীয় লোকে কেইবাটাও গুলীৰ শব্দও শুনিবলৈ পাইছিল ।

লগতে পঢ়ক: বেলুচিস্তানত তীৰ্থযাত্ৰী ভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত, ১৮ জনৰ মৃত্যু - Pakistan truck accident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.