সংসদীয় নিৰ্বাচনত বৃহৎ জয় পিপ’লছ নেচনেল কংগ্ৰেছৰ - Muizzu’s Party wins Maldivian Polls

author img

By ETV Bharat Assamese Team

Published : Apr 22, 2024, 10:53 AM IST

সংসদীয় নিৰ্বাচনত বৃহৎ জয় পিপ’লছ নেচনেল কংগ্ৰেছৰ
সংসদীয় নিৰ্বাচনত বৃহৎ জয় পিপ’লছ নেচনেল কংগ্ৰেছৰ ()

Muizzu’s Party wins Maldivian Polls: মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজজুৰ দল পিপ’লছ নেচনেল কংগ্ৰেছৰ বৃহৎ জয় ৷ সংখ্যাগৰিষ্ঠ সংখ্যাতকৈ 19 খন অধিক আসন লাভ কৰিছে দলটোৱে ৷ সাতখন আসনৰ ফলাফল এতিয়াও ঘোষণা কৰা হোৱা নাই ৷

ইণ্টাৰনেশ্যনেল ডেস্ক, 22 এপ্ৰিল: শেহতীয়াকৈ সমাপ্ত পৰিছে মালদ্বীপৰ সংসদীয় নিৰ্বাচন ৷ দেওবাৰে ঘোষণা কৰা সমীক্ষাৰ ফলাফলত দেখা গৈছে যে মালদ্বীপৰ চীন সমৰ্থক ৰাষ্ট্ৰপতি মহম্মদ মুইজজুৰ দলে দেশৰ সংসদীয় নিৰ্বাচনত নিৰপেক্ষ সংখ্যাগৰিষ্ঠতাৰে জয়লাভ কৰিছে । 93 জনীয়া সদনৰ বাবে অনুষ্ঠিত নিৰ্বাচনত পিপ’লছ নেশ্যনেল কংগ্ৰেছে ঘোষণা কৰা 86 খন আসনৰ ভিতৰত 66 খন আসন নিশ্চিত কৰিছে বুলি দেশখনৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে ।

বাকী সাতখন আসনৰ ফলাফল এতিয়াও ঘোষণা কৰা হোৱা নাই যদিও ইতিমধ্যে 47 খন আসনৰ বাবে মুইজজুৰ পিএনচিয়ে সংখ্যাগৰিষ্ঠ 19 খনতকৈ অধিক আসন লাভ কৰিছে । মুইজজুৰ দলৰ এই বৃহৎ জয়ৰ অৰ্থ হ’ল ৰাষ্ট্ৰপতিগৰাকীয়ে দেশবাসীৰ পৰা সমৰ্থন লাভ কৰিছে । যোৱা ছেপ্টেম্বৰ মাহত প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল্লা য়ামিনৰ প্ৰক্সি হিচাপে নিৰ্বাচিত হোৱা ৰাষ্ট্ৰপতি মুইজজুৱে দেশখনৰ প্ৰতিৱেশী দেশৰ সৈতে সম্পৰ্কজনিত সংকটত পৰি দেশখনৰ "ভাৰত প্ৰথম" নীতি দূৰ কৰাৰ প্ৰতিশ্ৰুতি দিছিল ।

চীন সমৰ্থক আন এজন নেতা আব্দুল্লা য়ামিনক যোৱা সপ্তাহত আদালতে দুৰ্নীতিৰ অভিযোগত 11 বছৰৰ শাস্তি বাতিল কৰি দিয়াৰ পাচত মুকলি কৰি দিয়া হৈছিল । মালেত ভোটদান কৰাৰ পাচত ৰাষ্ট্ৰপতি মুইজজুৱে কয় যে সকলো নাগৰিকে সোনকালে ওলাই আহি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব লাগে ।

মুইজুৰ ৰাষ্ট্ৰপতি পদত দেওবাৰৰ ভোটৰ কোনো প্ৰভাৱ পৰা নাছিল ।

মুইজুৰ চীনৰ প্ৰতি আগ্ৰহ, ‘ইণ্ডিয়া আউট’ নীতি

মুইজজু চীনৰ সৈতে ঘনিষ্ঠতাৰ বাবে পৰিচিত । মাৰ্চ মাহত মালদ্বীপ আৰু চীনে “মালদ্বীপ গণৰাজ্যক চীনে সামৰিক সাহায্য প্ৰদানৰ” চুক্তিত স্বাক্ষৰ কৰিছিল ৷ যাৰ ফলত ৰাষ্ট্ৰপতি মহম্মদ মুইজজুৰ চৰকাৰৰ অধীনত মালে ভাৰতৰ পৰা আঁতৰি থকাৰ ইংগিত দিছিল ।

এই পদক্ষেপে মালদ্বীপৰ বাবে ভূ-ৰাজনৈতিক সংহতিৰ এক উল্লেখযোগ্য পৰিৱৰ্তন সাধন কৰিছে । ইয়াৰ উপৰিও ভাৰত মহাসাগৰ অঞ্চলত নিজৰ সামৰিক উপস্থিতি বৃদ্ধিৰ বাবে চীনক আন এক সুযোগ প্ৰদান কৰা হয় । এই চুক্তিখনে ইংগিত দিয়ে যে মুইজজু চৰকাৰে চীনৰ প্ৰতি সহায় আগবঢ়াবলৈ পূৰ্বৰ চৰকাৰতকৈ অধিক আগ্ৰহী আৰু দৃঢ় হৈ আছে ।

ইয়াৰ পাচত কি হ’ব

মালদ্বীপত সংসদীয় নিৰ্বাচনৰ ফলাফলে ৰাষ্ট্ৰৰ বৈদেশিক নীতিৰ ওপৰত বিশেষকৈ ভাৰত আৰু চীনৰ সৈতে সম্পৰ্কত উল্লেখযোগ্য প্ৰভাৱ পেলাইছে । মুইজজুৰ এই জয়ে চীনৰ সৈতে অধিক ঘনিষ্ঠ মিত্ৰতাৰ পথ প্ৰশস্ত কৰাৰ সম্ভাৱনা আছে ৷ যিয়ে ভাৰত মহাসাগৰ অঞ্চলৰ কৌশলগত ভাৰসাম্য ৰক্ষাত প্ৰভাৱ পেলাব পাৰে ।

লগতে পঢ়ক: ভাৰত-মালদ্বীপ সংঘৰ্ষ, নতুন ঘাটি স্থাপনৰ পৰিকল্পনা ভাৰতীয় নৌসেনাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.