ETV Bharat / international

গাজাৰ খান ইউনিছৰ আল-আমাল হাস্পতালত ইজৰাইলী বাহিনীৰ আক্ৰমণ

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 10:20 AM IST

Israel Palestine conflict: মঙলবাৰে ইজৰাইলী বাহিনীয়ে দক্ষিণ গাজা ষ্ট্ৰিপৰ খান ইউনিছৰ আল-আমাল হাস্পতালত আক্ৰমণ চলায় । ইজৰাইলী বাহিনীয়ে চিকিৎসালয়খনৰ বাহিৰৰ দেৱাল ভাঙি পেলোৱাৰ লগতে স্থানচ্যুত লোক আৰু চিকিৎসা কৰ্মীসকলক তৎকালীনভাৱে হাস্পতালখন খালী কৰিবলৈ কয় ।

Al Amal Hospital In Gaza
Al Amal Hospital In Gaza

ইণ্টাৰনেশ্যনেল ডেস্ক, 31 জানুৱাৰী: অব্যাহত হামাছ-ইজৰাইল সংঘাত ৷ চৰকাৰী পেলেষ্টাইন টিভিৰ বাতৰি অনুসৰি, মঙলবাৰে ইজৰাইলী বাহিনীয়ে দক্ষিণ গাজা ষ্ট্ৰিপৰ খান ইউনিছৰ আল-আমাল হাস্পতালত আক্ৰমণ চলায় । ইজৰাইলী বাহিনীয়ে চিকিৎসালয়খনৰ বাহিৰৰ দেৱাল ভাঙি পেলোৱাৰ লগতে স্থানচ্যুত লোক আৰু চিকিৎসা কৰ্মীসকলক তৎকালীনভাৱে হাস্পতালখন খালী কৰিবলৈ কয় বুলি পেলেষ্টাইন ৰেড ক্ৰেচেণ্ট ছ’চাইটিয়ে এক বিবৃতিযোগে জনায় ।

উল্লেখ কৰা প্ৰয়োজন যে, বিগত দিনত চিকিৎসালয়খনৰ আশে-পাশে ইজৰাইলৰ তীব্ৰ গুলীচালনাৰ ফলত কেবাডজন লোকৰ মৃত্যু আৰু আহত হোৱাৰ লগতে শ শ পেলেষ্টাইনী লোক উক্ত অঞ্চলটোৰ পৰা স্থানান্তৰিত হৈছে । ইজৰাইলে গোলাবৰ্ষণ চলায় থকাৰ ফলত আল-আমাল হাস্পতালত খান ইউনিছৰ বিভিন্ন অঞ্চলৰ লোকে তাত আশ্ৰয় লৈছিল বুলি জানিব পৰা গৈছে ।

অৱশ্যে ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে এই প্ৰতিবেদন অস্বীকাৰ কৰে । IDF ৰ এগৰাকী মুখপাত্ৰই এক বিবৃতিযোগে কয়, "আল-আমাল চিকিৎসালয়খনত কোনো ধৰণৰ আক্ৰমণ চলোৱা হোৱা নাই ৷ বন্দুকৰ গুলীৰ ভয় দেখুৱাই কাকোৱেই ইয়াত প্ৰৱেশ বা মানুহক ওলাই যাবলৈ কোনো নিৰ্দেশ দিয়া হোৱা নাই ।"

ইফালে, গাজা ষ্ট্ৰিপত চলি থকা যুদ্ধৰ মাজতে মঙলবাৰে ৰেড ক্ৰছৰ আন্তঃৰাষ্ট্ৰীয় কমিটীয়ে সাধাৰণ নাগৰিকৰ সুৰক্ষাৰ আহ্বান জনায় ।

জিনহুয়ালৈ প্ৰেৰণ কৰা বিবৃতিযোগে তেওঁলোকে কয়, "চিকিৎসালয়ৰ আশে-পাশে থকা অঞ্চলকে ধৰি ঘন জনবসতিপূৰ্ণ চহৰ অঞ্চলত চলি থকা সংঘৰ্ষৰ ফলত চিকিৎসা দল, ৰোগী, আহত লোক, শিশু, বিশেষভাৱে সক্ষম লোক, বৃদ্ধ আদিৰ দৰে অতি দুৰ্বল গোটৰ জীৱন বিপদাপন্ন হৈ পৰিছে ।"

হামাছৰ দ্বাৰা পৰিচালিত স্বাস্থ্য মন্ত্ৰণালয়ে মঙলবাৰে জনোৱা মতে, 2023 চনৰ 7 অক্টোবৰত হামাছে ইজৰাইলৰ ওপৰত সীমা অতিক্ৰম কৰি আকস্মিক আক্ৰমণ চলাই প্ৰায় 1200 লোকৰ মৃত্যু হোৱাৰ পিছত গাজা ষ্ট্ৰিপত অব্যাহত ইজৰাইলৰ আক্ৰমণত পেলেষ্টাইনীৰ মৃত্যুৰ সংখ্যা 26,751 লৈ বৃদ্ধি পাইছে ৷

লগতে পঢ়ক: গাজা চিকিৎসালয়ত ১৫০ জন লোক নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.