ETV Bharat / international

হংকঙক অতিক্ৰমি চতুৰ্থ সৰ্ববৃহৎ শ্বেয়াৰ বজাৰত পৰিণত ভাৰত

author img

By ANI

Published : Jan 23, 2024, 2:22 PM IST

Stock Exchange of India : ভাৰতৰ শ্বেয়াৰ বজাৰৰ মূলধনে যোৱা বছৰ 5 ডিচেম্বৰত প্ৰথমবাৰৰ বাবে 4 ট্ৰিলিয়ন আমেৰিকান ডলাৰ অতিক্ৰম কৰে । ইয়াৰে প্ৰায় আধা বিগত চাৰি বছৰত আহিছে বুলি জানিব পৰা গৈছে । উল্লেখ্য যে বিশ্বৰ শীৰ্ষ তিনিটা শ্বেয়াৰ বজাৰ হৈছে আমেৰিকা, চীন আৰু জাপান ।

চতুৰ্থ সৰ্ববৃহৎ শ্বেয়াৰ বজাৰত পৰিণত ভাৰত

ইণ্টাৰনেচনেল ডেস্ক, ২৩ জানুৱাৰী : শ্বেয়াৰ বজাৰত ভাৰতৰ ঈৰ্ষণীয় সফলতা । বিশ্ব শ্বেয়াৰ বজাৰত চতুৰ্থ স্থানলৈ উন্নীত হৈছে ভাৰত । ব্লুমবাৰ্গে জনোৱা অনুসৰি, ভাৰতীয় শ্বেয়াৰ বজাৰে হংকংক চেৰপেলাই বিশ্বজুৰি চতুৰ্থ সৰ্বোচ্চ ইকুইটি বজাৰত পৰিণত হৈছে । ব্লুমবাৰ্গে প্ৰকাশ কৰা তথ্য অনুসৰি, সোমবাৰৰ ব্যৱসায়ৰ সমাপ্তিৰ সময়ত ভাৰতীয় এক্সচেঞ্জত তালিকাভুক্ত শ্বেয়াৰৰ সন্মিলিত মূল্য 4.33 ট্ৰিলিয়ন আমেৰিকান ডলাৰত উপনীত হৈছে । আনহাতে, ইয়াৰ বিপৰীতে হংকঙৰ শ্বেয়াৰ মূল্য হৈছে 4.29 ট্ৰিলিয়ন আমেৰিকান ডলাৰ ।

ভাৰতৰ শ্বেয়াৰ বজাৰৰ মূলধনে যোৱা বছৰ 5 ডিচেম্বৰত প্ৰথমবাৰৰ বাবে 4 ট্ৰিলিয়ন আমেৰিকান ডলাৰ অতিক্ৰম কৰে । ইয়াৰে প্ৰায় আধা বিগত চাৰি বছৰত আহিছে বুলি জানিব পৰা গৈছে । উল্লেখ্য যে বিশ্বৰ শীৰ্ষ তিনিটা শ্বেয়াৰ বজাৰ হৈছে আমেৰিকা, চীন আৰু জাপান ।

সামগ্ৰিকভাৱে বিগত 12 মাহ ভাৰতীয় ষ্টকত ধন বিনিয়োগ কৰা বিনিয়োগকাৰীসকলৰ বাবে সুন্দৰ সময় আছিল । কিছু অস্থিৰতা থাকিলেও ২০২৩ কেলেণ্ডাৰ বৰ্ষই শ্বেয়াৰ বজাৰৰ বিনিয়োগকাৰীসকলক সুন্দৰ আৰ্থিক লভ্যাংশ প্ৰদান কৰে । 2023 চনত ছেনচেক্স আৰু নিফটিয়ে এক সংগ্ৰহমূলক ভিত্তিত 17-18 শতাংশ লাভ কৰে । এই দুয়োটাই ২০২২ চনত মাত্ৰ ৩-৪ শতাংশ লাভ অৰ্জন কৰিছিল ।

হংকঙৰ বেঞ্চমাৰ্ক হেং চেং সূচক বিগত বছৰত 32-33 শতাংশ হ্ৰাস পোৱা বুলি তথ্যই দেখুৱাইছে । সুদৃঢ় জিডিপি বৃদ্ধিৰ পূৰ্বানুমান, নিয়ন্ত্ৰণযোগ্য স্তৰত মুদ্ৰাস্ফীতি, কেন্দ্ৰীয় চৰকাৰৰ পৰ্যায়ত ৰাজনৈতিক স্থিৰতা আৰু বিশ্বৰ কেন্দ্ৰীয় বেংকবোৰে তেওঁলোকৰ মুদ্ৰা নীতি কঠোৰ কৰাৰ সৈতে সম্পূৰ্ণ হোৱাৰ লক্ষণবোৰে ভাৰতৰ বাবে এক উজ্জ্বল ছবি অংকন কৰিছে- যাক বহুতো সংস্থাই দ্ৰুতগতিত বিকশিত মুখ্য অৰ্থনীতি বুলি অভিহিত কৰিছে ।

শেহতীয়াকৈ বিদেশী প'ৰ্টফলিঅ' বিনিয়োগকাৰীৰ (এফপিআই) পৰা পুঁজিৰ শক্তিশালী প্ৰবাহেও ষ্টকবোৰক সৰ্বকালৰ উচ্চতাৰ দিশে আগবাঢ়ি যোৱাত সহায় কৰিছে । লক্ষণীয়ভাৱে, বিদেশী প'ৰ্টফলিঅ' বিনিয়োগকাৰীসকলে পুনৰ ভাৰতৰ প্ৰতি তেওঁলোকৰ দৃষ্টি নিক্ষেপ কৰিছে । তেওঁলোক দেশৰ শ্বেয়াৰ বজাৰত সৰ্বমুঠ ক্ৰেতা হৈ পৰিছে । এই প্ৰক্ৰিয়াটোত ই ভাৰতীয় বেঞ্চমাৰ্ক ষ্টক সূচকবোৰক শেহতীয়াকৈ সৰ্বকালৰ উচ্চতাত উপনীত হোৱাত সহায় কৰিছে ।

ব্লুমবাৰ্গৰ প্ৰতিবেদনত কোৱা হৈছে যে বিগত বছৰ আটাইতকৈ জনবহুল দেশ হিচাপে পৰিগণিত হোৱা ভাৰতে চীনৰ বিকল্প হিচাপে নিজকে স্থান দিছে । দেশখনৰ স্থিৰ ৰাজনৈতিক পৰিস্থিতি আৰু ব্যৱহাৰ-চালিত অৰ্থনীতিৰ বাবে বিশ্বজুৰি বিনিয়োগকাৰী আৰু কোম্পানীবোৰৰ পৰা নতুন মূলধন আকৰ্ষণ কৰিছে । লগতে ভাৰত মুখ্য ৰাষ্ট্ৰসমূহৰ দ্ৰুততম বিকাশশীল দেশৰ ভিতৰত আছে ।

ভাৰতীয় ষ্টকবোৰে অগ্ৰগতি লাভ কৰাৰ লগে লগে ই হংকঙত এক ঐতিহাসিক মন্দাৱস্থাৰ ফালে ঠেলি দিছে । ইয়াত চীনৰ কিছুমান প্ৰভাৱশালী আৰু অভিনৱ প্ৰতিষ্ঠান তালিকাভুক্ত কৰা হৈছে । বাতৰি প্ৰতিবেদন অনুসৰি, কঠোৰ কোভিড-19 বিৰোধী নিয়ন্ত্ৰণ, নিগমসমূহৰ ওপৰত নিয়ামক অভিযান, সম্পত্তি খণ্ডৰ সংকট আৰু পশ্চিমৰ সৈতে ভূ-ৰাজনৈতিক উত্তেজনাই বিশ্বৰ বিকাশৰ ইঞ্জিন হিচাপে চীনৰ গুৰুত্ব কমাবলৈ একত্ৰিত হৈছে ।

প্ৰকাশিত বাতৰিৰ প্ৰতিবেদন অনুসৰি, হংকঙত বিনিয়োগৰ নতুন তালিকা প্ৰায় নোহোৱা হৈ গৈছে । এছিয়াৰ বিত্তীয় কেন্দ্ৰটোৱে প্ৰাৰম্ভিক ৰাজহুৱা প্ৰস্তাৱৰ (আইপিঅ') বাবে বিশ্বৰ অন্যতম ব্যস্ত স্থান হিচাপে নিজৰ মৰ্যাদা হেৰুৱাইছে ।

লগতে পঢ়ক :বিনিয়োগৰ বাবে কৰ্পৰেট কৰ হ্ৰাস কৰাটো প্ৰয়োজনীয়ঃ সুব্ৰমণিয়াম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.