ETV Bharat / international

কাৰাবন্দী প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ দললৈ জনতাৰ ব্যাপক সঁহাৰি

author img

By ANI

Published : Feb 9, 2024, 7:50 AM IST

Updated : Feb 9, 2024, 8:52 AM IST

Pakistan parliamentary election, 2024: পাকিস্তানৰ সাধাৰণ নিৰ্বাচনৰ ভোট গণনা হৈ থকাৰ মাজতে ইমৰাণ খানৰ পাকিস্তান তেহৰিক-ই-ইনছাফে 154 খন আসনত আগবাঢ়ি আছিল । নিজকে আন্তঃৰাষ্ট্ৰীয় থিংক টেংকৰ উপ-সঞ্চালক বুলি পৰিচয় দিয়া এজন পাকিস্তানী নেটিজেনে ভোট গণনা চলি থকাৰ মাজতে প্ৰাৰম্ভিক ধাৰাসমূহ পোষ্ট কৰি দেখুৱাইছে যে কাৰাগাৰত থকা প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানে প্ৰতিষ্ঠা কৰা দল তথা নিৰ্দলীয় দলটোৱে 150 খনতকৈও অধিক আসনত আগবাঢ়ি আছে ৷ 7 ফেব্ৰুৱাৰীত এক ভিডিঅ’ ভাষণত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় ৰাইজক ভোট দিবলৈ ওলায় আহিবলৈ আহ্বান জনায় ৷

Imran's party leading i
কাৰাবন্দী প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ দললৈ জনতাৰ ব্যাপক সহাঁৰি

ইণ্টাৰনেশ্যনেল ডেস্ক, 9 ফেব্ৰুৱাৰী: পাকিস্তানত বৃহস্পতিবাৰে সাধাৰণ নিৰ্বাচনৰ বাবে ভোটদান আৰম্ভ হোৱাৰ পিচৰে পৰা দেশখনৰ নিৰ্বাচনে লাভ কৰিছে বিশেষ চৰ্চা ৷ এক বৃহৎ ৰাজনৈতিক উত্তাল পৰিস্থিতিৰ সূচনা কৰিব পৰা পৰিস্থিতিত সাধাৰণ নিৰ্বাচনৰ ভোট গণনা হৈ থকাৰ মাজতে ইমৰাণ খানৰ পাকিস্তান তেহৰিক-ই-ইনছাফে 154 খন আসনত আগবাঢ়ি আছিল ।

নিজকে আন্তঃৰাষ্ট্ৰীয় থিংক টেংকৰ উপ-সঞ্চালক বুলি পৰিচয় দিয়া এজন পাকিস্তানী নেটিজেনে ভোট গণনা চলি থকাৰ মাজতে প্ৰাৰম্ভিক ধাৰাসমূহ পোষ্ট কৰি দেখুৱাইছে যে কাৰাগাৰত থকা প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানে প্ৰতিষ্ঠা কৰা দল তথা নিৰ্দলীয় দলটোৱে 150 খনতকৈও অধিক আসনত আগবাঢ়ি আছে ৷

পোষ্টটোৰ মতে, পিটিআই সমৰ্থিত প্ৰাৰ্থীসকলে 154 খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে পাকিস্তান পিপলছ পাৰ্টি (পিপিপি) আৰু পাকিস্তান মুছলিম লীগ-নৱাজ (পিএমএল-এন)ক 47 খন আসনত আগবাঢ়ি থকা বুলি দেখুওৱা হৈছে ৷ আনহাতে, 4 খনকৈ আসনত আগবাঢ়ি আছিল মুত্তাহিদা কোৱামি আন্দোলন (এমকিউএম) আৰু জমিয়ত উলেমা-ই-ইছলাম (এফ)। পিটিআইৰ অধ্যক্ষ বেৰিষ্টাৰ গোহৰ আলী খানেও দাবী কৰে যে তেওঁৰ দলটোৱে 150 খনতকৈও অধিক আসনত আগবাঢ়ি আছে বুলি এ আৰ ৱাই নিউজে প্ৰকাশ কৰিছে ।

এতিয়াও দেশখনৰ অন্যতম জনপ্ৰিয় নেতা হিচাপে গণ্য কৰা ইমৰাণ বৰ্তমান একাধিক গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত আদিয়ালা কাৰাগাৰত বন্দী হৈ আছে ৷ চাইফাৰ গোচৰত 10 বছৰৰ কাৰাদণ্ড, টোছাখানা গোচৰত 14 বছৰৰ কাৰাদণ্ডৰ শাস্তি লাভ কৰাৰ পিছত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে অযোগ্য ঘোষণা কৰা হয় এসময়ৰ ক্ৰিকেটাৰ তথা বৰ্তমানৰ ৰাজনীতিবিদগৰাকীক । ইয়াৰোপৰি ইছলাম ধৰ্ম অনুসৰি বিয়া নপতাৰ শাস্তিও তেওঁক প্ৰদান কৰা হৈছে ।

ইয়াৰ উপৰিও পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে পাকিস্তানৰ নিৰ্বাচন আয়োগে দলটোৰ চিনাকি ‘বেট’ চিহ্ন বাতিল কৰাৰ সিদ্ধান্তক সমৰ্থন কৰে । অৱশ্যে ইমৰাণে তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো গোচৰ ‘ৰাজনৈতিকভাৱে প্ৰৰোচিত’ বুলি কৈছে ৷ নিজৰ অফিচিয়েল X ত পোষ্ট কৰা ভিডিঅ’ মেছেজত খানে সমৰ্থকসকলক ওলাই আহি বৃহৎ সংখ্যক ভোটদান কৰিবলৈ আহ্বান জনায় । যোৱা 7 ফেব্ৰুৱাৰীত এক ভিডিঅ’ ভাষণত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "কাইলৈ নিৰ্বাচন । মই বিচাৰো যে আপুনি ওলাই অহাৰ লগতে যিমান মানুহক পৰা যায় সিমান মানুহক উলিয়াই আনিব । কাৰণ আপুনি নিজৰ লগতে নিজৰ সন্তানৰ ভাগ্যও সলনি কৰিব এই নিৰ্বাচনৰ জৰিয়তে ।"

সাধাৰণ নিৰ্বাচন বৰ্জন কৰা বুলি প্ৰকাশ পোৱা বাতৰি খাৰিজ কৰে পিটিআইয়ে । বৃহস্পতিবাৰে ডনে প্ৰকাশ কৰা অনুসৰি ৰিগিং আৰু চেলুলাৰ আৰু ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ অভিযোগৰ মাজতে পাকিস্তানত সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণৰ অন্ত পৰে । সাধাৰণ নিৰ্বাচনৰ সময়ত আইন-শৃংখলাৰ পৰিস্থিতি বজাই ৰাখিবলৈ সমগ্ৰ পাকিস্তানত মোবাইল ফোন আৰু ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়ে।

পুৱা 8 বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া সন্ধিয়া 5 বজালৈকে চলে । ইয়াৰ পূৰ্বে পাকিস্তানৰ নিৰ্বাচন আয়োগে কয় যে ইতিমধ্যে ভোট কেন্দ্ৰৰ ভিতৰত থকা লোকসকলৰ বাবেহে ব্যতিক্ৰম কৰা হ’ব।

বৃহস্পতিবাৰে এ আৰ ৱাই নিউজে প্ৰকাশ কৰা অনুসৰি স্বাবি জিলাৰ এন এ-20 ৰ এখন গাঁৱৰ মহিলা ভোটাৰক ভোটদানৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে । স্বাবি জিলাৰ আদীনা গাঁৱত স্থানীয় ৰাইজে মহিলাসকলক ভোটাধিকাৰ প্ৰয়োগ কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ অভিযোগ উত্থাপন হৈছে । খবৰ অনুসৰি ভোটগ্ৰহণ কেন্দ্ৰত নিৰ্বাচনী কৰ্মচাৰী উপস্থিত থকাৰ বিপৰীতে কম সংখ্যক মহিলা ভোটাৰক দেখা পোৱা গৈছিল ।

আন এক ঘটনাত ৱাছবুদ পাঞ্জগুৰত ভোটগ্ৰহণ কেন্দ্ৰৰ সমীপত সংঘটিত বিস্ফোৰণত কমেও দুটা শিশুৰ মৃত্যু হোৱা বুলি ARY News য়ে প্ৰকাশ কৰিছে।

লগতে পঢ়ক: পাকিস্তানৰ নিৰ্বাচনত ৫১ টা সন্ত্ৰাসবাদী আক্ৰমণ; নিহত কমেও ১২

Last Updated : Feb 9, 2024, 8:52 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.