ETV Bharat / international

গ্ৰীক মালিকানাধীন জাহাজত হুথি বিদ্ৰোহীৰ আক্ৰমণ

author img

By ANI

Published : Feb 13, 2024, 11:56 AM IST

Houthi attack: লোহিত সাগৰ আৰু এডেন উপসাগৰত বাণিজ্যিক জাহাজৰ ওপৰত য়েমেন ভিত্তিক হুথি বিদ্ৰোহীৰ আক্ৰমণ অব্যাহত আছে । এইবাৰ আল-মাণ্ডেব ষ্ট্ৰেইটৰ ফালে হুথি বিদ্ৰোহীৰ মিছাইল নিক্ষেপ । ব্ৰাজিলৰ পৰা যাত্ৰা কৰা মাকৈ কঢ়িওৱা জাহাজৰ ওপৰত এই আক্ৰমণ ।

Houthi attack
গ্ৰীক মালিকানাধীন জাহাজত হুথি বিদ্ৰোহীৰ আক্ৰমণ

ইণ্টাৰনেশ্যনেল ডেস্ক,১৩ ফেব্ৰুৱাৰী : ইৰাণ সমৰ্থিত হুথি বিদ্ৰোহীৰ আক্ৰমণ অব্যাহত আছে । আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ডে জনোৱা মতে শেহতীয়াকৈ য়েমেনৰ হুথি নিয়ন্ত্ৰিত অঞ্চলৰ পৰা বিদ্ৰোহীয়ে বাব আল-মাণ্ডেব ষ্ট্ৰেইটৰ ফালে দুটা মিছাইল নিক্ষেপ কৰিছে । দুয়োটা মিছাইল সোমবাৰে ব্ৰাজিলৰ পৰা মাকৈ কঢ়িওৱা লোহিত সাগৰলৈ যোৱা গ্ৰীক মালিকানাধীন মাৰ্শ্বেল দ্বীপপুঞ্জৰ পতাকাযুক্ত মালবাহী জাহাজ এমভি ষ্টাৰ আইৰিছৰ ফালে উৎক্ষেপণ কৰা হৈছিল ।

বাব আল মাণ্ডেব হৈছে আৰৱ উপদ্বীপৰ য়েমেন আৰু আফ্ৰিকাৰ হৰ্ণৰ জিবুতিৰ মাজৰ এক প্ৰণালী । তদুপৰি, ই লোহিত সাগৰক এডেন উপসাগৰৰ সৈতে আৰু সম্প্ৰসাৰণৰ দ্বাৰা ভাৰত মহাসাগৰৰ সৈতে সংযোগ কৰে ।

জানিব পৰা মতে এই আক্ৰমণত কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই । অৱশ্যে, জাহাজখনৰ সামান্য ক্ষতি হোৱাৰ খবৰ পোৱা গৈছে । লক্ষণীয়ভাৱে, আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ডে উল্লেখ কৰিছে যে এমভি ষ্টাৰ আইৰিছ জাহাজৰ গন্তব্য স্থান হৈছে ইৰাণৰ বান্দাৰ ইমান খোমেনি । প্ৰতিবেদন অনুসৰি ১২ ফেব্ৰুৱাৰীৰ পৰা পুৱা ৩:৪৫ বজালৈ (ছানা সময়মতে) ইৰাণ সমৰ্থিত হুথি বিদ্ৰোহীয়ে বাব আল-মাণ্ডেবৰ ফালে মিছাইল কেইটা নিক্ষেপ কৰে ।

ইৰাণ সমৰ্থিত হুথি বিদ্ৰোহীসকলে নৱেম্বৰৰ পৰা লোহিত সাগৰ আৰু এডেন উপসাগৰত বাণিজ্যিক জাহাজসমূহক প্ৰায়ে লক্ষ্য কৰি আহিছে । ইজৰাইলে গাজা ষ্ট্ৰিপত হামাছ সন্ত্ৰাসবাদী গোটৰ বিৰুদ্ধে স্থল আক্ৰমণ চলোৱাৰ বিৰুদ্ধে হুথিয়ে এই আক্ৰমণ কৰি আছে । হুথিসকলে কৈছে যে ইজৰাইলে গাজাত আক্ৰমণ বন্ধ নকৰালৈ তেওঁলোকেও এনে আক্ৰমণ বন্ধ নকৰে ।

যোৱা সপ্তাহৰ আৰম্ভণিতে আমেৰিকাই একাধিক হুথি মিছাইলৰ বিৰুদ্ধে নতুনকৈ আক্ৰমণ চলাইছিল । আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ডৰ মতে দুখন ভ্ৰাম্যমাণ মানৱবিহীন পৃষ্ঠজাহাজ (ইউএছভি), ৪ খন ভ্ৰাম্যমাণ এণ্টি-শিপ ক্ৰুজ মিছাইল আৰু এখন ভ্ৰাম্যমাণ ভূমি আক্ৰমণ ক্ৰুজ মিছাইল (এলএচিএম)ৰ বিৰুদ্ধে আমেৰিকাই আক্ৰমণ চলাইছিল ।

লগতে পঢ়ক : গাজাৰ ৰাফা চহৰত ইজৰাইলী আক্ৰমণত নিহত ১৩

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.