ETV Bharat / international

বিশ্বৰ আটাইতকৈ বয়সস্থ ব্যক্তি: বেছি দিন জীয়াই থকাৰ কাৰণ কি ? - Worlds oldest man

author img

By ETV Bharat Assamese Team

Published : Apr 7, 2024, 8:48 PM IST

Worlds oldest man
বিশ্বৰ আটাইতকৈ বয়সস্থ ব্যক্তি

Worlds oldest man: শেহতীয়াকৈ গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছে ইংলেণ্ডৰ জন আলফ্ৰেড টিনিছউডক বিশ্বৰ আটাইতকৈ বয়সস্থ ব্যক্তি হিচাপে স্বীকৃতি দিছে । এই স্বীকৃতি লাভ কৰাৰ পিচতে তেওঁ উল্লেখ কৰিছে ইমান দিন জীয়াই থকাৰ ৰহস্য কি ? তেওঁ কেনে খাদ্য গ্ৰহণ কৰিছিল ?

ইণ্টাৰনেশ্যনেল,৭ এপ্ৰিল : বৰ্তমান পৃথিৱীৰ আটাইতকৈ বয়সস্থ ব্যক্তিজনে তেওঁৰ এই দীৰ্ঘ জীৱনৰ ৰহস্য ফাদিল কৰিছে । তেওঁৰ মতে ভাগ্য, সংযম আৰু প্ৰতি শুকুৰবাৰে মাছ আৰু চিপছ ইয়াৰ অন্যতম কাৰণ ।

১১১ বছৰীয়া ইংৰাজ জন আলফ্ৰেড টিনিছউডক গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছে বৰ্তমান আটাইতকৈ বয়সস্থ ব্যক্তি হিচাপে নিশ্চিত কৰিছে । এই মাহত ১১৪ বছৰ বয়সত ভেনিজুৱেলাৰ আটাইতকৈ বয়সস্থ জুয়ান ভিচেণ্ট পেৰেজৰ মৃত্যু হয় । পৰৱৰ্তী দীৰ্ঘম্যাদী জাপানৰ গিচাবুৰো চোনোবেৰ ৩১ মাৰ্চত ১১২ বছৰ বয়সত মৃত্যু হৈছিল ।

টিনিছউডক বৃহস্পতিবাৰে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছে উত্তৰ-পশ্চিম ইংলেণ্ডৰ চাউথপোৰ্টত তথা তেওঁৰ কেয়াৰ হোমত বিশ্বৰ আটাইতকৈ বয়সস্থ হিচাপে এখন প্ৰমাণপত্ৰ প্ৰদান কৰে । টাইটানিক ডুব যোৱাৰ কেইমাহমান পিচতে অৰ্থাৎ ১৯১২ চনৰ ২৬ আগষ্টত লিভাৰপুলত জন্মগ্ৰহণ কৰা টিনিছউডে দ্বিতীয় বিশ্বযুদ্ধত ব্ৰিটিছ আৰ্মি পে কৰ্পছত সেৱা আগবঢ়াইছিল ।

  • " class="align-text-top noRightClick twitterSection" data="">

অৱসৰপ্ৰাপ্ত একাউণ্টেণ্টগৰাকীয়ে কয় যে সংযম এক স্বাস্থ্যৱান জীৱনৰ মূল চাবিকাঠি । তেওঁ কেতিয়াও ধূমপান কৰা নাই । কেতিয়াবাহে মদ্যপান কৰে । সপ্তাহত এবাৰ নিশাৰ আহাৰত মাছ আৰু চিপছ গ্ৰহণ কৰাৰ বাহিৰে তেওঁ আৰু কোনো বিশেষ আহাৰ গ্ৰহণ নকৰে ।

টিনিছউডে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছক কয়, "যদি আপুনি অত্যাধিক সুৰাপান কৰে বা আপুনি অত্যাধিক খায় বা আপুনি অত্যাধিক খোজ কাঢ়ে - যদি আপুনি ইয়াৰে ভিতৰত কোনো এটাও অত্যাধিক কৰে - আপুনি ইয়াৰ পৰিণাম ভুগিব লাগিব ।" তেওঁ কয়, "এয়া ভাগ্যৰ কথা । আপুনি বেছি দিন জীয়াই থাকিবও পাৰে আৰু কম দিনো জীয়াই থাকিব পাৰে । এই ক্ষেত্ৰত আপুনি বিশেষ একো কৰিব নোৱাৰে ।"

লগতে পঢ়ক :পুনৰ আমেৰিকাত মৃত্যু ভাৰতীয় ছাত্ৰৰ; পোহৰলৈ অহা নাই মৃত্যুৰ কাৰণ - Indian Student Death In US

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.