ETV Bharat / international

গাজাত নিহত ২১ ইজৰাইলী সেনা; যুদ্ধক লৈ ইজৰাইলত সমালোচনা বৃদ্ধি

author img

By PTI

Published : Jan 23, 2024, 2:23 PM IST

Israel Attack on Hamas : ইজৰাইলী সেনাই মঙলবাৰে প্ৰকাশ কৰা অনুসৰি, যুদ্ধ আৰম্ভ হোৱাৰ পৰা এতিয়ালৈকে সংঘটিত ভয়ংকৰ আক্ৰমণত ২১ জন সেনা নিহত হয় । আনহাতে, হামাছৰ বিৰুদ্ধে ইজৰাইল চৰকাৰে প্ৰায় ৩ মাহ ধৰি চলাই থকা যুদ্ধৰ বাবে নিজ দেশতে সমালোচনা বৃদ্ধি পাইছে ।

গাজাত নিহত ২১ ইজৰাইলী সেনা
গাজাত নিহত ২১ ইজৰাইলী সেনা

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৩ জানুৱাৰী : গাজা ষ্ট্ৰিপত ইজৰাইলে আক্ৰমণ আৰম্ভ কৰাৰ পিছত ইজৰাইলী সেনাৰ ওপৰত হোৱা আটাইতকৈ ভয়ংকৰ আক্ৰমণ সংঘটিত হৈছে । ইজৰাইলী সেনাই মঙলবাৰে প্ৰকাশ কৰিছে যে যুদ্ধ আৰম্ভ হোৱাৰ পিছত হোৱা এই ভয়ংকৰ আক্ৰমণত ২১ জন সেনা নিহত হয় । আনহাতে, হামাছৰ বিৰুদ্ধে ইজৰাইল চৰকাৰে প্ৰায় ৩ মাহ ধৰি চলাই থকা যুদ্ধৰ বাবে নিজ দেশতে সমালোচনা বৃদ্ধি পাইছে ।

ইফালে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে পেলেষ্টাইনত শাসনাধিষ্ঠিত হামাছ সন্ত্ৰাসবাদী গোটটোক সম্পূৰ্ণভাৱে নিঃশেষ নকৰালৈকে আৰু গাজাত বন্দী হৈ থকা শতাধিক বন্দীক মুক্ত নকৰালৈকে ইজৰাইলে থমকি নৰয় বুলি ঘোষণা কৰিছে । কিন্তু ইজৰাইলীসকল এই প্ৰশ্নটোত ক্ৰমান্বয়ে বিভক্ত হৈ পৰিছে যে এইটো কৰা সম্ভৱ হ'বনে ।

উল্লেখ্য যে সোমবাৰে গাজাত বন্দী হৈ থকাসকলৰ পৰিয়ালৰ সদস্যসকলে ইজৰাইলৰ সংসদত এখন সমিতিৰ সভাত ব্যাঘাত জন্মায় । তাত তেওঁলোকে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰি চিঞৰি চিঞৰি কয় যে গাজাত তেওঁলোক মৃত্যুমুখত পৰিছে আৰু আপোনালোক ইয়াত বহি আছে ।

গাজা ষ্ট্ৰিপত ইজৰাইলৰ আক্ৰমণে সোমবাৰে দক্ষিণৰ খান ইউনুছ চহৰত প্ৰৱেশ কৰে । ইয়াৰ ফলত হাজাৰ হাজাৰ পেলেষ্টাইনী পুনৰ দক্ষিণলৈ পলাই যাবলৈ বাধ্য হয় । ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা অনুসৰি, এই যুদ্ধৰ ফলত গাজাৰ ২.৩ নিযুত বাসিন্দাৰ প্ৰায় ৮৫ শতাংশ লোক স্থানচ্যুত হৈছে । আনহাতে, এই লোকসকলৰ প্ৰতি চাৰিজনৰ ভিতৰত এজনে অনাহাৰত আছে ।

আনহাতে, গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে কয় যে ৭ অক্টোবৰত গাজাৰ সন্ত্ৰাসবাদীয়ে দক্ষিণ ইজৰাইলত আক্ৰমণ কৰি প্ৰায় ১,২০০ লোকক হত্যা কৰা আৰু প্ৰায় ২৫০ জনক বন্দী কৰি অনাৰ ফলত সংঘটিত যুদ্ধত ২৫,০০০ তকৈও অধিক পেলেষ্টাইনী নিহত হৈছে ।

লগতে পঢ়ক :য়েমেনৰ হুথিৰ ঘাটিত পুনৰ আক্ৰমণ কৰিবলৈ সাজু আমেৰিকা, ব্ৰিটিছ সেনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.