ETV Bharat / health

এই ৫টা টিপছৰ সহায়ত নিমিষতে চাফা কৰক আপোনাৰ বাচন-বৰ্তন

Kitchen Tips: বহুবাৰ এনে হয় যে ভালদৰে চোৱাৰ পিছতো আমাৰ খাদ্য জ্বলি যায় আৰু বাচনত লাগি ধৰে তাৰ পিছত বাচন-বৰ্তন ধোৱাটো বৰ কষ্টকৰ হৈ পৰে ৷ সেয়ে কেনেকৈ ইয়াক সহজে চাফা কৰিব পাৰি আজিৰ এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক

Your Steel Cookware Having Burnt Stains? Then follow these easy tips
এই ৫টা টিপছৰ সহায়ত নিমিষতে চাফা কৰক আপোনাৰ বাচন-বৰ্তন
author img

By ETV Bharat Assamese Team

Published : February 23, 2024 at 4:39 PM IST

|

Updated : February 23, 2024 at 11:01 PM IST

2 Min Read
Choose ETV Bharat

জ্বলি যোৱা পাত্ৰ পৰিষ্কাৰ কৰাটো কেতিয়াবা অতি কঠিন হৈ পৰে ৷ বহুবাৰ এনে হয় যে আমি ভালদৰে চোৱা-চিতা কৰাৰ পিছতো আমাৰ খাদ্য জ্বলি যায় আৰু বাচনত লাগি ধৰে তাৰ পিছত বাচন-বৰ্তন ধোৱাটো বৰ কষ্টকৰ হৈ পৰে ৷ সেয়ে কেনেকৈ ইয়াক সহজে চাফা কৰিব পাৰি আজিৰ এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক-

  • চাফা কৰিবলৈ নেমু এটুকুৰা লৈ তাৰ পিছত তাৰ ৰসেৰে ভালদৰে চাফা কৰিব লাগে ৷ প্ৰায় এক মিনিট মান সময়লৈকে চাফা কৰিব লাগিব ৷
  • লেতেৰা বাচন-বৰ্তন পৰিষ্কাৰ কৰাত নিমখ আৰু ভিনেগাৰ দুয়োবিধেই অতি সহায়ক ৷ ১ চামুচ নিমখ, ২ চামুচ ভিনেগাৰ আৰু বাচন ধোৱা চাবোন মিহলাই ১৫ মিনিট ভালদৰে পৰিষ্কাৰ কৰিব লাগে ৷ পেষ্টৰ সৈতে ভালদৰে ঘঁহিলে দাগ আৰু জ্বলি যোৱা ঠাইখিনি তৎক্ষণাত পৰিষ্কাৰ কৰিব পৰা যায় ৷
  • বেকিং চোডাও ব্যৱহাৰ কৰিব পাৰে ৷ আপুনি ইয়াক জ্বলা বাচন-বৰ্তন পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে, ই অতি সহজে জ্বলি যোৱা বাচন-বৰ্তন পৰিস্কাৰ কৰাত অতি সহায়ক বুলি প্ৰমাণিত হয় ৷ ২০ মিনিটৰ পিছত স্ক্ৰাবাৰৰ সহায়ত ১০ মিনিট ঘঁহিলে অতি সহজে পৰিস্কাৰ কৰিব পৰা যায় ৷
  • জ্বলি যোৱা বাচনত নেমু আৰু বেকিং চোডা একেলগে লগালেও ভাল ফলাফল পাব ৷ ৩০ মিনিট ভালদৰে চাফা কৰিব লাগে ৷ তেতিয়া চাওক, আপোনাৰ পাত্ৰটো উজ্জ্বলভাৱে জিলিকি উঠিব ৷
  • জ্বলা বাচন পৰিষ্কাৰ কৰাত ভিনেগাৰ আৰু পিয়াঁজৰ পানী অতি উপযোগী ৷ ইয়াৰ বাবে ১ কাপ ভিনেগাৰৰ সৈতে পিয়াঁজৰ সৈতে ইয়াক মিহলাই প্ৰয়োগ কৰক ৷ ইয়াৰ লগে লগে আপোনাৰ বাচন-বৰ্তনবোৰ ক্ষন্তেকতে পৰিষ্কাৰ হৈ যাব ৷ লগতে আপুনি ইয়াক ব্ৰাছৰ সহায়তো সহজে ঘঁহিব চাফা কৰিব পাৰে ৷

লগতে পঢ়ক: উজ্জ্বল তথা নিমজ ছালৰ গৰাকী হ’বলৈ খাওক এই ৪বিধ বিশেষ চাহ

Last Updated : February 23, 2024 at 11:01 PM IST