ETV Bharat / health

বিশ্ব টীকাকৰণ সপ্তাহ কিয় উদযাপন কৰা হয় ? জানো আহক... - World Immunization Week

author img

By ETV Bharat Assamese Team

Published : Apr 23, 2024, 1:37 PM IST

world immunization week 2024: প্ৰতিজন লোকৰ বাবে নিজৰ জীৱনটো মূল্যবান ৷ কিন্তু আমাৰ হাতত প্ৰতিগৰাকী লোকক জীয়াই ৰখা অথবা স্বাস্থ্যবান কৰি ৰখাৰ উপায় নাথাকে ৷ আমি সুস্থ হৈ থাকিবলৈ বহু প্ৰাণঘাতী ৰোগৰ বাবে ভেকছিন উপলব্ধ হয় ৷ বহু লোকে এই টীকাকৰণ অৱহেলা কৰে, সেইবাবে লোকসকলক সজাগ কৰাৰ লক্ষ্যৰে পালন কৰা হয় টীকাকৰণ সপ্তাহ ৷

World Immunization Week
বিশ্ব টীকাকৰণ সপ্তাহ কিয় উদযাপন কৰা হয় ? জানো আহক...

প্ৰতি বছৰে এপ্ৰিলৰ শেষ সপ্তাহত বিশ্ব টীকাকৰণ সপ্তাহ পালন কৰা হয় । এই বৰ্ষত অহা ২৪ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈকে টীকাকৰণ সপ্তাহ উদযাপন কৰা হ'ব । টীকাকৰণ সপ্তাহৰ মুখ্য উদ্দেশ্য হৈছে সকলো বয়সৰ লোকক জীৱনৰ প্ৰতি ভাবুকিপূৰ্ণ ৰোগৰ পৰা সুৰক্ষিত কৰাৰ বাবে টীকাকৰণৰ গুৰুত্বৰ বিষয়ে সজাগ কৰা ৷ লগতে ভেকছিন বা প্ৰতিশেধক গ্ৰহণ কৰিবলৈ সামূহিকভাৱে অনুপ্ৰাণিত কৰা ।

টীকাকৰণৰ সম্প্ৰসাৰিত কাৰ্যসূচীয়ে 1974 চনত সকলো শিশুক শৈশৱকালত 6 টা ৰোগৰ পৰা সুৰক্ষিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল । কিন্তু আজি সেই সংখ্যা হৈছে বৃদ্ধি হৈ সাৰ্বজনীনভাৱে 13 টা ভেকছিনলৈ উন্নীত হৈছে । নিৰ্দিষ্ট অঞ্চল আৰু ৰোগৰ ওপৰত নিৰ্ভৰ কৰি অতিৰিক্ত ভেকছিনৰ সংখ্যা 17 লৈ বৃদ্ধি কৰা হৈছে ।

জীৱনজোৰা টীকাকৰণ কাৰ্যসূচীৰ সম্প্ৰসাৰণৰ পিচত এতিয়া আমি টীকাকৰণৰ বাবে অত্যাৱশ্যকীয় কাৰ্যসূচী বুলি কওঁ । বিশ্ব স্বাস্থ্য সংস্থাই ভেকছিন আৰু টীকাকৰণৰ মূল্যৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ বিশ্বৰ বিভিন্ন দেশৰ সৈতে কাম কৰি আহিছে ৷ ই লগতে চৰকাৰী উচ্চ মানদণ্ডৰ টীকাকৰণ কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰে ৷

এই বছৰৰ বিশ্ব টীকাকৰণ সপ্তাহত টীকাকৰণৰ ওপৰত সম্প্ৰসাৰিত কাৰ্যসূচীৰ 50 বছৰ উদযাপন কৰা হ'ব । ভেকছিন-প্ৰতিৰোধযোগ্য ৰোগৰ পৰা বহু জীৱন ৰক্ষা কৰিবৰ বাবে সামূহিক প্ৰচেষ্টাৰ স্বীকৃতিস্বৰূপে, দেশসমূহক পৰৱৰ্তী প্ৰজন্মৰ সুৰক্ষাৰ বাবে টীকাকৰণ কাৰ্যসূচীত বিনিয়োগ বৃদ্ধি কৰিবলৈ আহ্বান জনোৱা হৈছে ।

মাত্ৰ 5 দশকত, আমি এনে এখন পৃথিৱীলৈ ধাৱমান হৈছো ৷ য'ত প্ৰতিটো শিশুক টীকাকৰণ কৰাৰ লগতে জীৱন জীয়াবলৈ আৰু উন্নতি কৰিবলৈ সুযোগ লাভ কৰিব ৷ ক’ভিড মহামাৰীৰ পিচত সমগ্ৰ বিশ্বতে টীকাকৰণ অভিযান অধিকমাত্ৰাত অব্যাহত আছে । ২০২১ চনৰ তুলনাত ২০২২ চনত ৪ মিলিয়নতকৈও অধিক শিশুক টীকা প্ৰদান কৰা হৈছিল ।

তথাপিও এতিয়াও লাখ লাখ শিশু আছে, যিয়ে এতিয়ালৈ এটাও ভেকচিন লোৱা নাই । ইয়াৰ ফলত বহুতো শিশুৰ জীৱন বিপদাপন্ন হৈছে ৷ ইয়াৰ প্ৰভাৱত বিশ্বজুৰি ডিপথেৰিয়া আৰু সৰু আইৰ ৰোগৰ হঠাৎ প্ৰাদুৰ্ভাৱ দেখা গৈছে ।

লগতে পঢ়ক : লিভাৰটো সুস্থ কৰি ৰখা আৰু নিয়মিতভাৱে পৰীক্ষা কৰাটো কিয় গুৰুত্বপূৰ্ণ ? - WORLD LIVER DAY

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.