ETV Bharat / health

আপোনাৰ সঘনাই চাহ খোৱাৰ অভ্যাসে স্বাস্থ্যৰ পক্ষে মাতিব পাৰে বিপদ

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 5:23 PM IST

Side Effects of Tea: চাহ-কফিত বৃহৎ পৰিমাণৰ কেফেইন থাকে, যিয়ে শাৰীৰিক আৰু মানসিক স্বাস্থ্যত গুৰুতৰ প্ৰভাৱ পেলায় ৷ সঘনাই চাহ খাই থাকিলে ই আপোনাৰ শৰীৰৰ কিদৰে ক্ষতি কৰে,আজি জানো আহক-

What happens if you drink tea too much?
আপোনাৰ সঘনাই চাহ খোৱাৰ অভ্যাসে স্বাস্থ্যৰ পক্ষে মাতিব পাৰে বিপদ

ঠাণ্ডা দিনত শৰীৰ গৰম ৰাখিবলৈ অধিকাংশ লোকেই চাহ খুব ঘনাই খায় ৷ কোনোৱে যদি চাহ, কোনো আকৌ এই দিনকেইটাত কফিৰ প্ৰতি আসক্ত হৈ পৰে ৷ কিন্তু এই অভ্যাসৰ পৰিণতি খুবেই ভয়াৱহ ৷ হয়, চাহ-কফিত বৃহৎ পৰিমাণৰ কেফেইন থাকে, যিয়ে শাৰীৰিক আৰু মানসিক স্বাস্থ্যত গুৰুতৰ প্ৰভাৱ পেলায় ৷ সঘনাই চাহ খাই থাকিলে ই আপোনাৰ শৰীৰৰ কিদৰে ক্ষতি কৰে,আজি জানো আহক-

অনিদ্ৰা

যদি আপুনি ঠাণ্ডাৰ পৰা পৰিত্ৰাণ পাবলৈ অধিক চাহ আৰু কফি খায়, তেনেহ'লে ইয়াত থকা কেফেইনে মেলাটোনিন হৰমন উৎপাদনত প্ৰভাৱ পেলায় ৷ যাৰ বাবে নিদ্ৰাহীনতাৰ সমস্যা হয় ৷ অনিদ্ৰা পৰিহাৰ কৰিবলৈ নিশা চাহ বা কফি খোৱাৰ পৰা দূৰত থাকিব লাগে ৷যদি আপুনি বিচাৰে, তেতিয়া চাহ-কফিৰ সলনি গৰম গাখীৰ খাব পাৰে ৷

উদ্বেগ

বহুলোকে মুৰৰ বিষ উপশম কৰিবলৈ বা দিনটোৰ ভাগৰ আঁতৰাবলৈ চাহ বা কফিৰ আশ্ৰয় লয় ৷ একাপ চাহ-কফিত প্ৰায় ৬০ মিলিগ্ৰাম কেফেইন থাকে ৷ এই পৰিমাণত কেফেইন গ্ৰহণ কৰিলে আপোনাৰ উদ্বেগ হোৱাটো প্ৰায় নিশ্চিত ৷ চাহ বা কফিৰ সলনি আপুনি ভেষজ চাহ খাব পাৰে ৷

মেদবহুলতা

ঠাণ্ডাত অধিক চাহ-কফি খাই থকাৰ ফলত মেদবহুলতা হ'ব পাৰে ৷ গাখীৰ,চেনীৰে তৈয়াৰ কৰা চাহ-কফি স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক ৷ ইয়াৰ ফলত দ্ৰুত ওজন বৃদ্ধি হয় ৷ ডায়েবেটিচ ৰোগীসকলেও চাহ-কফি একেবাৰে পৰিহাৰ কৰিব লাগে ৷

কোষ্ঠকাঠিন্য, এচিডিটি

অত্যাধিক চাহ আৰু কফি খালে পাচন তন্ত্ৰৰ অৱনতি ঘটিব পাৰে ৷ অত্যাধিক কেফেইন সেৱন পাচন তন্ত্ৰৰ বাবে ভাল নহয় ৷ অত্যাধিক কেফেইন সেৱনৰ ফলত কোষ্ঠকাঠিন্য, এচিডিটি আৰু বদহজমৰ দৰে সমস্যা হ'ব পাৰে ৷

ডিহাইড্ৰেচন

যদি আপুনি ঠাণ্ডাত অধিক চাহ বা কফি খায়, তেনেহ'লে ডিহাইড্ৰেচনৰ সমস্যা হ'ব পাৰে ৷ ই ছালখন শুকান কৰি তোলাৰ লগতে শৰীৰটোক দুৰ্বল কৰি তোলে ৷ চাহ-কফিৰ সলনি ঠাণ্ডা দিনত আপুনি ভেষজ চাহ, গ্ৰীণ টি, ব্লেক কফি আৰু পানীৰ দৰে পানীয় গ্ৰহণ কৰিব পাৰে ৷

লগতে পঢ়ক: আপোনাৰ ৰাতি বহু দেৰিলৈকে টোপনি নাহে নেকি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.