ETV Bharat / health

গেষ্ট্ৰাইটিছৰ সমস্যাৰ পৰা বাছি থাকিবলৈ কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে ? - Gastritis

Gastritis : গেষ্ট্ৰাইটিছ কি ? কি কাৰণত এই সমস্যা হয় ? ইয়াৰ লক্ষণসমূহ কি কি এই সন্দৰ্ভত জনালে গেষ্ট্র'লজিষ্ট ডাঃ ছবুৰ উদ্দিন আহমেদে ৷

gastritis
গেষ্ট্ৰাইটিছৰ সমস্যাৰ পৰা বাছি থাকিবলৈ কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে ? (SOURCE: GETTY IMAGES)
author img

By ETV Bharat Assamese Team

Published : May 3, 2024 at 6:05 PM IST

|

Updated : May 4, 2024 at 12:39 PM IST

2 Min Read
Choose ETV Bharat
গেষ্ট্ৰাইটিছৰ সমস্যাৰ পৰা বাছি থাকিবলৈ কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে ? (ETV BHARAT ASSAM)

গুৱাহাটী, 3 মে’: আজিকালি প্ৰায়ভাগ মানুহৰে গেছট্ৰিকৰ সমস্যা ৷ যিমানেই আধুনিক জীৱন যাপন কৰিবলৈ ধৰিছে, সিমানে এনে সমস্যাই গা কৰি উঠিছে ৷ আগতে বয়স্ক লোকসকলে এনে সমস্যাৰ সন্মুখীন হৈছিল যদিও এতিয়া কম-বেছি পৰিমাণে সৰু সৰু লৰা-ছোৱালীও আক্ৰান্ত হোৱা দেখা যায় ৷

বহুতো লোকে দীৰ্ঘসময় ধৰি এনে সমস্যাত ভূগি থাকিলেও চিকিৎসকৰ ওচৰলৈ নাযায় ৷ ফাৰ্মাচীৰ পৰা এণ্টাচিট আদি খাই থাকে ৷ ফলত পৰৱৰ্তী সময়ত এনে লোকৰ সমস্যাই জটিল ৰূপ ধাৰণ কৰে ৷ আনকি কেতিয়াবা নিজৰ বিপদ নিজেই মাতি আনে ৷ পাকস্থলীৰ প্ৰদাহ হ'লে আমি গেষ্ট্ৰাইটিছ বুলি কওঁ ৷

ইয়াৰ কাৰণ সমূহ কি কি ?

১) গেষ্ট্ৰাইটিছ ভিন্ন কাৰণৰ ভিতৰত প্ৰধান কাৰণ হৈছে মানুহ জীৱনশৈলীৰ ধাৰণাৰ লগতে খাদ্যাভ্যাস ৷

২) অদৰকাৰী কিছু ঔষধ গ্ৰহণ কৰিলে বা বিষৰ ঔষধ বেছিকৈ খালেও এই সমস্যা হ'ব পাৰে ৷

ইয়াৰ লক্ষণসমূহ কি কি?

১) গেষ্ট্ৰাইটিছ সমস্যা হ’লে পেটৰ বিষ হ'ব পাৰে ৷ বিশেষকৈ বুকুৰ তলত আৰু পেটৰ ওপৰৰ ভাগত বিষ অনুভৱ হ'ব ৷

২) বমি অনুভৱ হ'ব পাৰে বা বমি হ'ব পাৰে ৷

৩) ভোক নালাগিব পাৰে ৷

৪) পেটটো ফুলি থকা যেন অনুভৱ হ'ব পাৰে ৷

৫) বদহজমৰ সমস্যা হ'ব পাৰে ৷

এই সমস্যাটোক বহুতে প্ৰথম অৱস্থাত অৱহেলা কৰা পৰিলক্ষিত হয় ৷ বহুতে আকৌ গেষ্ট্ৰাইটিছ আৰু এচিডিটিৰ মাজত থকা পাৰ্থক্য বুজি নোপোৱাৰ ফলত কেৱল নিজেই কিনি অনা এণ্টাচিদ আদি গ্ৰহণ কৰি উপশম পোৱাৰ চেষ্টা কৰে বা ঘৰুৱা পদ্ধতিৰে কিছু খাদ্য খাই উপশম কৰাৰ চেষ্টা কৰে ৷ ভুলতেও এনে নকৰিব ৷ কাৰণে এনে কৰাৰ ফলত সমস্যাটো বাঢ়ি গৈ গৈ আলচাৰ হ'ব পাৰে ৷ কেতিয়াবা এই আলচাৰৰ বাবে কেঞ্চাৰ হোৱাও দেখা যায় ৷

কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে ?

১) চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো ঔষধ প্ৰয়োগ কৰিব নালাগে ৷

২) কোনো উপসৰ্গ দেখা দিলে চিকিৎসকৰ পৰামৰ্শ শীঘ্ৰে লোৱা উচিত ৷

৩) এনে সমস্যা হ’লে কোনো কাৰণতে অৱহেলা কৰিব নালাগে ৷

৪) জধে মধে এণ্টাচিদ খাব নালাগে ৷

লগতে পঢ়ক: Covid ৰ নতুন ভেৰিয়েন্ট FLiRT য়ে বঢ়াইছে জনসাধাৰণৰ চিন্তা, ইয়াৰ বিষয়ে জানো আহক - Covid Flirt Variant

Last Updated : May 4, 2024 at 12:39 PM IST