ETV Bharat / health

শীতৰ সময়ছোৱাত শিশুসকলৰ ক্ষেত্ৰত ল'বলগীয়া সাৱধানতাসমূহ কি কি ?

author img

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 5:39 PM IST

Child Care: শীতৰ সময়ছোৱাত শিশুটিৰ স্বাস্থ্যৰ যতন কেনেদৰে ল'ব ? ভাইৰেল জ্বৰ হলে শিশুসকলৰ কি যতন ল’ব লাগে ? জ্বৰ হ’লে শিশুটিক কেনেধৰণৰ খাদ্য খুৱাব লাগে ৷ এই সম্পৰ্কে জনালে শিশুৰোগ বিশেষজ্ঞ ডাঃ য়াচিন আলীয়ে ৷

Child care
শীতৰ সময়ছোৱাত শিশুসকলৰ ক্ষেত্ৰত ল'বলগীয়া সাৱধানতাসমূহ কি কি ?
শিশুৰোগ বিশেষজ্ঞ ডাঃ য়াচিন আলী

গুৱাহাটী, 23 জানুৱাৰী: জলবায়ু পৰিৱৰ্তনৰ বাবে শিশুসকল ভিন্ন ৰোগত আক্রান্ত হোৱা দেখা যায় ৷ তাৰে ভিতৰত অন্যতম হৈছে জ্বৰ-চৰ্দি ৷ যিসকল শিশুৰ প্ৰৱণতা থাকে তেওঁলোকৰ অকমান ঠাণ্ডা পালেই এই জ্বৰ-চৰ্দি অকণমান বেছিকৈ হয় ৷ আনহাতে ক‘ভিডৰ পিচৰে পৰা এইসমূহ ভাইৰেল জ্বৰ বেছিকৈ হোৱা দেখা গৈছে ৷

জ্যেষ্ঠসকলতকৈ শিশুসকলৰ ইমিউনিটি কম, সেইবাবে শিশুসকল সহজে এইসমূহৰ ৰোগত আক্রান্ত হোৱা দেখা যায় ৷ সেয়ে এই সময়ছোৱাত শিশুসকলৰ স্বাস্থ্যৰ যতন লোৱাটো অতি আৱশ্যক ৷ এই সময়ছোৱাত শিশুসকলক গৰম কাপোৰ পৰিধান কৰাই ৰাখিব লাগে ৷

ইয়াৰোপৰি যদিহে শিশুটিৰ জ্বৰ, চৰ্দি বা কাঁহ হৈছে তেনেহ’লে পৰ্যাপ্ত পৰিমাণে পানীয়া খাদ্য খুৱাব লাগে ৷ যেনে-কুহুমীয়া গৰম পানী, ফলৰ ৰস আদি খুৱাব পাৰে ৷ জ্বৰৰ বাবে পেৰাচিটেমল খুওৱাব পাৰে ৷ যদিহে চৰ্দি-কাহ ৪-৫ দিনৰ ভিতৰত নকমে ৷ তেন্তে অনতি পলমে শিশু বিশেষজ্ঞৰ ওচৰত লৈ যাব ৷

লগতেই শিশুটিৰ খোৱা-বোৱাত যতন লোৱাটো আৱশ্যক ৷ শিশুটিয়ে খাব বিচৰা খাদ্য খুৱাব ৷ কিন্তু জোৰ কৰি একো নুখুৱাব ৷ জোৰকৈ খুৱাই দিয়াৰ ফলত শিশুটিৰ বমি হ'ব পাৰে ৷ পানীয়া খাদ্য যিমান পাৰে সিমান খুৱাব ৷

পৰাপক্ষত শিশুটিক বেছি মানুহৰ সমাগম হোৱা ঠাইলৈ লৈ নাযাব ৷ কাৰণ মানুহৰ সমাগম যিমানেই হ'ব সিমানেই সংক্ৰমণৰ আশংকা বৃদ্ধি পাব ৷ সেয়ে সেইসমূহ ঠাইৰ পৰা শিশুটিক দূৰত ৰাখিব ৷ ইয়াৰোপৰি শিশুৰ দিবলগীয়া ভেকচিনসমূহ সময়মতে দিব ৷ কাৰণ এই ভেকচিনসমূহে শিশুৰ হ'বলগীয়া ভিন্ন ৰোগৰ পৰা হাত সৰাত সহায় কৰে ৷

লগতে পঢ়ক: শীতকালত দূৰত্ব বজাই ৰাখক এইসমূহ খাদ্য সামগ্ৰীৰ পৰা অন্যথা হ’ব এই লোকচান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.