ETV Bharat / health

শৰীৰত ইউৰিক এচিড বেছি হৈছে নেকি ? তেন্তে এয়া লওক সমাধান - Uric Acid Control Tips In Ayurveda

author img

By ETV Bharat Assamese Team

Published : May 4, 2024, 5:10 PM IST

Uric Acid Control Tips In Ayurveda: শৰীৰত ইউৰিক এচিড বেছি হ’লে কেনেধৰণৰ সমস্যাই দেখা দিব পাৰে ? শৰীৰত ইয়াৰ পৰিমান বেছি হ’লে আমি কি কৰা উচিত আজি এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক...

uric acid control tips in ayurveda in Telugu leaves to eat for uric acid control here you know
শৰীৰত ইউৰিক এচিড বেছি হৈছে নেকি ? তেন্তে এয়া লওক সমাধান (Image source Etv Bharat Telugu)

ইউৰিক এচিড সকলোৰে দেহতে থাকে ৷ যদিহে ইয়াৰ পৰিমাণ প্ৰয়োজনীতকৈ বেছি হয় তেনে শৰীৰত বিভিন্ন লক্ষণে দেখা যায় ৷ ইউৰিক এচিডৰ এটা মূল কাৰণ হৈছে Oxidative Stress, যাৰ বাবে ইউৰিক এচিড বৃদ্ধি হয় ৷ কোষৰ ক্ষয় ক্ষতিৰ উপৰিও আন বিভিন্ন কাৰণত ইউৰিক এচিড বৃদ্ধি পায় ৷ প্ৰচুৰ পৰিমাণে পিউৰিন যুক্ত খাদ্য গ্ৰহণ কৰিলেও ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পাব পাৰে ৷ লগতেই ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি হলে প্ৰ’টিন জাতীয় খাদ্য যিমান পাৰে কমাই খাব লাগে ৷

শৰীৰত ইউৰিক এচিড বৃদ্ধি হোৱাৰ বাবে ফুলা, বিষ, গাঁঠিৰ সমস্যা, বৃক্কত পাথৰ আদি বিভিন্ন সমস্যাৰ সৃষ্টি হয় ৷ যদিও ইউৰিক এচিড কমোৱাৰ বাবে বজাৰত বহু ধৰণৰ ঔষধ পোৱা যায়, তথাপিও আয়ুৰ্বেদিক ঔষধৰ দ্বাৰা ইয়াক প্ৰাকৃতিকভাৱে হ্ৰাস কৰিব পাৰি ৷ এতিয়া ইউৰিক এচিড নিয়ন্ত্ৰণত সহায়ক হোৱা কিছুমান পাতৰ বিষয়ে জনাওক ৷

আয়ুৰ্বেদৰ মতে কিছু পাত খালে শৰীৰত থকা পেলনীয়া পদাৰ্থ ইউৰিক এচিড নিয়ন্ত্ৰণত থাকে ৷ এই ঔষধি সামগ্ৰীয়ে ইউৰিক এচিড কমোৱাই নহয় শৰীৰৰ বিভিন্ন সমস্যাও পৰীক্ষা দূৰ কৰাত সক্ষম তেনেহ’লে ইয়াৰ বিষয়ে জানো আহক-

১) তুলসী:

ভাৰতীয়সকলে পবিত্ৰ উদ্ভিদ বুলি গণ্য কৰা তুলসীৰ ঔষধি গুণৰ বাবেও জনাজাত ৷ ইয়াৰ এন্টি-ইনফ্লেমেটৰী আৰু এন্টিঅক্সিডেন্ট গুণ আছে যিয়ে ইউৰিক এচিড হ্ৰাস কৰাত সহায় কৰে ৷ নিয়মিতভাৱে তুলসী পাত সেৱন কৰিলে শৰীৰ জলসিঞ্চিত হৈ থাকে ৷ ইউৰিক এচিড শৰীৰত জমা হোৱাত বাধা দিয়ে ৷

২) নিম:

শৰীৰৰ পৰা ক্ষতিকাৰক বিষাক্ত পদাৰ্থ বাহিৰ কৰি পেলোৱাৰ বাবে নিমে ভাল ঔষধ হিচাপে কাম কৰে ৷ তেজ বিশুদ্ধকৰণতো ইহঁতে ভাল ভূমিকা পালন কৰে ৷ নিমত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে যিয়ে শৰীৰত জমা হোৱা ইউৰিক এচিড আৰু অন্যান্য বিষাক্ত পদাৰ্থবোৰ বাহিৰ কৰি পেলোৱাৰ ক্ষমতা ৰাখে ৷

৩) ধনীয়া পাত:

আয়ুৰ্বেদত ধনীয়াৰ পাত অত্যন্ত পছন্দ হয় ৷ ধনীয়াত প্ৰচুৰ যৌগ থাকে যিয়ে শৰীৰৰ প্ৰদাহ আৰু ফুলা কমোৱাত সহায় কৰে ৷ দৈনিক খাদ্যত ইয়াক সেৱন কৰিলে ইউৰিক এচিডকে ধৰি ক্ষতিকাৰক বিষাক্ত পদাৰ্থবোৰ বাহিৰ কৰি পেলোৱাত সহায় হয় ৷

৪) ত্ৰিফলা:

নাম অনুসৰি তিনিটা ফলৰ সংমিশ্ৰণ ত্ৰিফলা ৷ আমলখি শিলিখা আৰু ভোমোৰা ৷ আয়ুৰ্বেদৰ মতে.. ইহঁতৰ প্ৰদাহ নিবাৰণকাৰী গুণৰ বাবে জনাজাত যিয়ে ইউৰিক এচিড হ্ৰাস কৰাত সহায় কৰে ৷ অন্ত্ৰৰ ফুলা আৰু প্ৰদাহ কমোৱাত ই অতি সহায়ক ৷

৫) গিলয়:

আয়ুৰ্বেদত গিলয় এবিধ প্ৰখ্যাত বনৌষধি ৷ ইয়াৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা গুণ আছে ৷ তেজত ইউৰিক এচিডৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি গাঁঠিৰ বিষ, ফুলা আৰু বৃক্কৰ পাথৰ হ্ৰাস কৰাত গিলয় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷

লগতে পঢ়ক: High Uric Acid: এইবিধ পানীয়ে তেজৰ পৰা বাহিৰ কৰিব ইউৰিক এচিড; আজিয়েই খালী পেটত খাবলৈ আৰম্ভ কৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.