ETV Bharat / health

হাৰ্ট এটাক-ষ্ট্ৰোকৰ পূৰ্বে শৰীৰত দেখা দিয়ে এইসমূহ লক্ষণ; WHO এ টুইট কৰিছে লক্ষণৰ তালিকা

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 6:55 PM IST

Heart attack symptoms: দিনক দিনে বাঢ়িছে হাৰ্ট এটাকৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা । এই সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাই টুইট কৰিছে । য’ত হাৰ্ট এটাকৰ পূৰ্বে দেখা দিয়া লক্ষণসমূহৰ সম্পূৰ্ণ তালিকা প্ৰকাশ কৰিছে ।

These symptoms occur before heart attack-stroke, WHO tweeted the list of symptoms
হাৰ্ট এটাক-ষ্ট্ৰোকৰ পূৰ্বে শৰীৰত দেখা দিয়ে এইসমূহ লক্ষণ,WHO এ টুইট কৰিছে লক্ষণৰ তালিকা

বৰ্তমান সময়ত হাৰ্ট এটাক এক সাধাৰণ কথা হৈ পৰিছে । ভাৰতত যোৱা তিনি বছৰত হাৰ্ট এটাকত মৃত্যু হোৱা লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে । দেশৰ পৰিস্থিতি ইমানেই বেয়া যে আজি যিজন ব্যক্তি হাঁহি-ফূৰ্তিকৈ কথা পাতি আছে, কাইলৈ খবৰ আহে যে সেইজন ব্যক্তিৰ হঠাৎ হাৰ্ট এটাক হৈ মৃত্যু হৈছে । কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে হাৰ্ট এটাক এক গুৰুতৰ সমস্যাত পৰিণত হৈছে । আনকি যিকোনো সময়ত হাৰ্ট এটাক হ’ব পাৰে, কেতিয়াবা জিমত, নৃত্য কৰি থকা সময়ত, ৱৰ্কআউট কৰা বা খেলাৰ সময়ত মানুহৰ হাৰ্ট এটাক হোৱা দেখা যায় ।

WHOএ হাৰ্ট এটাক আৰু ষ্ট্ৰোকৰ লক্ষণৰ বিষয়ে টুইট কৰিছে

অৱশ্যে হাৰ্ট এটাকৰ আঁৰৰ কাৰণবোৰ প্ৰায়ে চিকিৎসকে বুজাই দিয়া দেখা যায়, যেনে- বেয়া জীৱনশৈলী, বেয়া খাদ্যাভ্যাস, টোপনিৰ অভাৱ, পাৰিবাৰিক ইতিহাস । চিকিৎসকৰ মতে হাৰ্ট এটাক বা ষ্ট্ৰোকৰ এমাহ আগতে শৰীৰত কিছুমান বিশেষ ধৰণৰ লক্ষণ দেখা দিয়ে, যিটো আমি সাধাৰণ সমস্যা বুলি বিবেচনা কৰি প্ৰায়ে আওকাণ কৰো । এতিয়া ‘বিশ্ব স্বাস্থ্য সংস্থা’ই হাৰ্ট এটাক আৰু ষ্ট্ৰোকৰ আগৰ লক্ষণসমূহৰ বিষয়ে টুইট কৰিছে । এই টুইটত এখন সম্পূৰ্ণ তালিকা প্ৰকাশ কৰা হৈছে য’ত হাৰ্ট এটাক বা ষ্ট্ৰোকৰ পূৰ্বে শৰীৰত কি হয় সেই বিষয়ে কোৱা হৈছে ।

হাৰ্ট এটাক কিয় হয় ?

আচলতে এজন ব্যক্তিৰ হাৰ্ট এটাক হয় যেতিয়া হৃদযন্ত্ৰত তেজৰ সোঁত কমি যায়, বা তেজৰ গোট গঠন হ’বলৈ আৰম্ভ কৰে । যেতিয়া তেজ সঠিকভাৱে হৃদযন্ত্ৰত নপৰে তেতিয়া হাৰ্ট এটাক হয় । তেজৰ যোগানৰ অভাৱৰ বাবে হৃদযন্ত্ৰৰ কলাত অক্সিজেনৰ অভাৱ হয় । যাৰ বাবে হাৰ্ট এটাকৰ সম্ভাৱনা বৃদ্ধি পায় ।

হাৰ্ট এটাকৰ লক্ষণ

বুকুৰ বিষ, ডিঙি আৰু কঁকালৰ বিষ, পিঠি আৰু বাহুত অদ্ভুত বিষ আৰু জঠৰতা, বিষ, লগতে ভাগৰুৱা অনুভৱ কৰা, মূৰ ঘূৰোৱা, হৃদস্পন্দন বৃদ্ধি ৷ অৱশ্যে পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত লক্ষণ কিছু বেলেগ হ’ব পাৰে ।

এন চি আৰ বিৰ প্ৰতিবেদনে কি কয় ?

এন চি আৰ বিৰ প্ৰতিবেদন অনুসৰি যোৱা বছৰৰ হঠাৎ মৃত্যুৰ পৰিসংখ্যাৰ বিষয়ে যদি আমি কওঁ তেন্তে ইয়াৰে ১৪ শতাংশই কেৱল হাৰ্ট এটাকৰ বাবেই হৈছিল । আনহাতে ২০২২ চনত ৫৬ হাজাৰ লোকৰ হঠাৎ মৃত্যু হৈছিল । ইয়াৰে ৫৭ শতাংশ লোকৰ হাৰ্ট এটাকৰ ফলত মৃত্যু হৈছে । কৰ্কট ৰোগত মৃত্যু হোৱা লোকৰ তুলনাত এই সংখ্যা বহু বেছি । ২০২২ চনত হাৰ্ট এটাকৰ ফলত ৩২ হাজাৰ ১৪০ জন লোকৰ মৃত্যু হৈছিল । যিটো ২০২১ চনৰ তুলনাত বহু বেছি আছিল । মহাৰাষ্ট্ৰ হৈছে ভাৰতৰ সেই ৰাজ্য য’ত অধিকাংশ লোকে হাৰ্ট এটাকত মৃত্যুবৰণ কৰে । মহাৰাষ্ট্ৰত মৃত্যুৰ সংখ্য হৈছে ১২,৫৯১ জন । আনহাতে কেৰালাত ৩৯৯৩ জন আৰু গুজৰাটত ২৮৫৩ জন লোকৰ মৃত্যু হৈছে হাৰ্ট এটাকৰ ফলত ।

মহিলাতকৈ পুৰুষৰ হাৰ্ট এটাকৰ ভয় বেছি

হাৰ্ট এটাকৰ ফলত মৃত্যু হোৱা পুৰুষৰ সংখ্যা ২৮ হাজাৰ, আনহাতে মহিলাৰ সংখ্যা প্ৰায় ২২ হাজাৰ । একে সময়তে স্বাস্থ্য বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে যে অত্যধিক ৱৰ্কআউট নকৰিব, কাৰণ ইয়াৰ ফলত হাৰ্ট এটাক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

লগতে পঢ়ক: কাঠবাদাম উপকাৰী; কিন্তু ভুল ধৰণে খালে হ’ব পাৰে আপোনাৰ শৰীৰৰ ক্ষতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.