ETV Bharat / health

এয়াই হৈছে Cervical Cancer প্ৰধান লক্ষণসমূহ; এই ৰোগৰ পৰা কেনেকৈ কৰিব নিজক সুৰক্ষিত

author img

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 4:07 PM IST

Cervical Cancer: পুনম পাণ্ডেৰ মৃত্যুৰ খবৰ ভুৱা আছিল যদিও বৰ্তমান ছাৰ্ভাইকেল কেন্সাৰে সকলোৰে মাজত চৰ্চা লাভ কৰিছে ৷ একে সময়তে দ্বিতীয় স্থানত আছে ছাৰ্ভাইকেল কেন্সাৰ ৷ কেন্সাৰ ধৰা পৰা ১৭%তকৈ অধিক মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰ হয়, ইয়াৰে ১১% মহিলাৰ মৃত্যু হয় ৷ সেয়ে এতিয়াই জানি লওক ইয়াৰ প্ৰধান লক্ষণসমূহ তথা এই ৰোগৰ পৰা কেনেকৈ নিজক সুৰক্ষিত কৰি ৰাখিব পাৰি-

Questions and Answers about Cervical Cancer HPV and the Vaccine
এয়াই হৈছে Cervical Cancer প্ৰধান লক্ষণসমূহ; এই ৰোগৰ পৰা কেনেকৈ কৰিব নিজক সুৰক্ষিত

পুনম পাণ্ডেৰ মৃত্যুৰ খবৰ ভুৱা আছিল যদিও বৰ্তমান ছাৰ্ভাইকেল কেন্সাৰে সকলোৰে মাজত যথেষ্ট চৰ্চা লাভ কৰিছে ৷ এই কৰ্কট ৰোগৰ ওপৰত আৰু কেনেধৰণৰ সাৱধানতা অৱলন্বন কৰা উচিত সেই বিষয়েও সামাজিক মাধ্যম, বাতৰি আদিত আলোচনা কৰা হৈছে ৷

শেহতীয়াকৈ ডব্লিউ এইচ অ’ই প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি ২০২২ চনত ভাৰতত মুঠ কৰ্কট ৰোগীৰ সংখ্যা প্ৰায় ১৪ লাখ ১৩ হাজাৰ হ’ব ৷ ইয়াৰে ৯ লাখ ১৬ হাজাৰ লোকৰ মৃত্যু হয় ৷ বৰ্তমান ভাৰতত মুঠ কৰ্কট ৰোগীৰ সংখ্যা প্ৰায় ৩৩ লাখ ৷ স্তন কেন্সাৰৰ এক নম্বৰ ৰোগী মহিলাৰ ক্ষেত্ৰত পোৱা যায় ৷ ভাৰতত মহিলাৰ মুঠ কৰ্কট ৰোগৰ ভিতৰত ২৬ শতাংশই স্তন কেন্সাৰ ৰোগী ৷ একে সময়তে দ্বিতীয় স্থানত আছে ছাৰ্ভাইকেল কেন্সাৰ ৷ কেন্সাৰ ধৰা পৰা ১৭%তকৈ অধিক মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰ হয়, ইয়াৰে ১১% মহিলাৰ মৃত্যু হয় ৷

ছাৰ্ভাইকেল কেন্সাৰৰ লক্ষণসমূহ কি কি ?

যদি মহিলাৰ জৰায়ুত কোনো ধৰণৰ ক্লট গঠন হৈছে বা মাহেকীয়া শেষ হোৱাৰ পিছতো তেজ জমা হোৱাৰ সমস্যা হয় বা যৌন সম্পৰ্কৰ পিছত তেজ ওলোৱাৰ সমস্যা হয় তেন্তে তেওঁলোকৰ তৎক্ষণাত পৰীক্ষা কৰা উচিত ৷ এইটোৱেই হ’ব পাৰে ছাৰ্ভাইকেল কেন্সাৰৰ প্ৰথম লক্ষণ ৷ প্ৰায়ে তৃতীয় বা চতুৰ্থ পৰ্যায়ত ছাৰ্ভাইকেল কেন্সাৰ ধৰা পৰে ৷ তেতিয়ালৈকে চিকিৎসা কঠিন হৈ পৰে ৷ যৌন সম্পৰ্ক সক্ৰিয় হৈ থাকিলে প্ৰতি তিনি বছৰৰ মূৰে মূৰে পেপ স্মিয়ৰ টেষ্ট কৰি কেন্সাৰ ধৰা পেলাব পাৰি ৷

ভেকচিনে ছাৰ্ভাইকেল কেন্সাৰৰ পৰা ৰক্ষা কৰিব পাৰে

ছাৰ্ভাইকেল কেন্সাৰ প্ৰতিৰোধৰ ভেকচিন আছে ৷ গুৱাৰ্ডাচিল (Guardasil ) নামৰ ভেকচিন আমেৰিকাৰ পৰা আমদানি কৰা হয় ৷ ইয়াৰ দুটা সংস্কৰণ আছে ৷ এটা হ’ল গাৰ্ডাচিল, যাৰ প্ৰতিটো ড’জ ৪ হাজাৰ টকা ৷ আনহাতে, দ্বিতীয়টো হৈছে গুৱাৰ্ডাচিল-৯, যাৰ প্ৰতিটো ড’জৰ দাম ৯ হাজাৰ টকা ৷ মহিলাগৰাকীৰ বয়স যিমান কম হ’ব সিমানেই কম মাত্ৰাৰ প্ৰয়োজন হয়৷

কোন বয়সৰ বাবে কিমান ড’জ ?

৯ৰ পৰা ১৪ বছৰ -০২ ড’জ

১৫ৰ পৰা ২৬ বছৰ -০৩ ড’জ

বয়স ২৭-৪৫ - এই ভেকচিন গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ নিশ্চয়কৈ গ্ৰহণ কৰাটো উচিত৷

দেশত প্ৰস্তুত হৈছে ছাৰ্ভাইকেল কেন্সাৰৰ ভেকচিন

শেহতীয়াকৈ ফাৰ্মা কোম্পানী ছিৰাম ইনষ্টিটিউটে ভাৰতত চাৰ্ভাভেক নামেৰে ছাৰ্ভাইকেল কেন্সাৰৰ ভেকচিন প্ৰস্তুত কৰিছে ৷ এই ভেকচিনৰ মূল্য প্ৰতি ড’জ ২ হাজাৰ টকা ৰখা হৈছে ৷ বাজেটৰ এদিন পূৰ্বে চৰকাৰে ৯-১৪ বছৰ বয়সৰ কিশোৰীক এই ভেকচিন বিনামূলীয়াকৈ প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে ৷

লগতে পঢ়ক: পাব্লিচিটি ষ্টান্টৰ বাবেই মৃত্যুৰ নাটক ৰচিলে পুনমে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.