ডায়েবেটিছ ৰোগৰ পৰা হাত সাৰিবলৈ দৈ সেৱন কৰক - Health benefits of yoghurt

author img

By ETV Bharat Assamese Team

Published : Apr 15, 2024, 1:01 PM IST

Health benefits of yoghurt

Health benefits of yoghurt : আমেৰিকা যুক্তৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ প্ৰশাসন এফ.ডি.এ. য়ে দাবী কৰিছে যে দৈ খালে ডায়েবেটিছ হ্ৰাস কৰাত সহায়ক হয় । দৈৰ ইনচুলিন প্ৰতিৰোধ কৰিব পৰা ক্ষমতা আছে ।

এতিয়া গৰমৰ দিন ৷ গৰমৰ দিনত প্ৰায়সকল লোকেই ঘৰত দৈ ব্যৱহাৰ কৰে ৷ এই দৈ স্বাস্থ্যৰ বাবে কিমান উপকাৰী জানেনে ? দৈ নিয়মীয়া খালে ডায়েবেটিছ ৰোগৰ আশংকা হ্ৰাস বহু পৰিমাণে হ্ৰাস হয় ৷ লগতে ইনচুলিন প্ৰতিৰোধ হ্ৰাস কৰে ৷ দৈয়ে দীৰ্ঘদিন ধৰি হৈ থকা ডায়েবেটিছ ৰোগ প্ৰতিহত কৰাত সহায় কৰে ৷

চলিত বৰ্ষৰ মাৰ্চ মাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ প্ৰশাসন – এফ.ডি.এ.-য়ে প্ৰথমবাৰৰ বাবে দাবী কৰে যে প্ৰতি সপ্তাহত কমেও তিনিবাৰ দৈ খালে সাধাৰণ লোকৰ হ’ব পৰা ডায়েবেটিছ (Type-2 Diabetes - T2D) ৰোগৰ পৰা হোৱা বিপদাশংকা হ্ৰাস কৰিব পাৰে ৷

অৱশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলে উল্লেখ কৰা অনুসৰি দৈয়ে T2D থকা লোকসকলক আৰোগ্য বা চিকিৎসা নকৰে ৷

আইএএনএছৰ সৈতে বাৰ্তালাপ কৰি ছাৰ গংগা ৰাম চিকিৎসালয়ৰ অধ্যক্ষা তথা ডায়েটিচিয়ান বন্দনা বাৰ্মাই কয় যে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণৰ বাবে দৈ অতি প্ৰয়োজনীয় । দৈয়ে অন্ত্ৰৰ মাইক্ৰোবায়োমে গ্লুকোজ বিপাক আৰু ইনচুলিন সংবেদনশীলতা নিয়ন্ত্ৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ যি ৰক্ত শৰ্কৰা প্ৰৱন্ধনৰ বাবে অত্যাৱশ্যকীয় । দৈত থকা প্ৰ'বায়োটিক ডায়েবেটিছ থকা ব্যক্তিসকলৰ বাবে বহুতো উপকাৰী ।

অৱশ্যে সকলো দৈ একে নহয় । কিছুমান দৈত প্ৰ'বায়োটিক নাথাকে ৷ অথবা কিছু দৈত শৰ্কৰা যোগ কৰাও থাকিব পাৰে ৷ যি স্বাস্থ্যৰ বাবে থকা গুণগুণ হ্ৰাস কৰে ৷ দৈত চেনি যোগ কৰি খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী হ’ব পাৰে ৷ ইয়াৰ উপৰিও ফল, পাচলি, সম্পূৰ্ণ শস্য আৰু কম পৰিমাণৰ প্ৰ'টিনযুক্ত আহাৰত দৈ মিহলি কৰি খালে ভাল, নিয়মীয়া ব্যায়ামৰ পিচত দৈ খাওক ৷ ই ডায়েবেটিছ ৰোগীৰ বাবে যথেষ্ট উপকাৰী বুলি ডায়েটিচিয়ানগৰাকীয়ে জানিবলৈ দিয়ে ৷

দৈত উচ্চ পুষ্টি, প্ৰ'টিন, ভিটামিন আৰু খনিজ পদাৰ্থৰ লগতে উপকাৰী জীৱাণুৰ থাকে । ইয়াৰ উপৰিও দৈয়ে গেষ্ট্ৰোইনটেষ্টিনেল ট্ৰেক্ট (জিআইটি)ৰ মাইক্ৰ'বায়োটা আৰু পৰিৱেশ তন্ত্ৰ সলনি কৰাত সহায় কৰে । দৈয়ে ডায়েবেটিছৰ বিৰুদ্ধে যুঁজ দিয়াৰ উপৰিও, দৈত থকা লেক্টোবেচিলাছ কেচি, ষ্ট্ৰেপ্টোকক্কাছ থাৰ্মোফিলাছ আৰু বাইফিডোবেক্টেৰিয়াই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, মেদবহুলতা হ্ৰাস কৰে আৰু যকৃত স্বাস্থ্যৱান ৰাখে ।

এই মেটাবলাইটবোৰ আইএল-1 আৰু আইএল-6 সংশোধন কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা সলনি কৰিব পাৰে । দৈয়ে নতুনকৈ ডায়েবেটিচ ৰোগত আক্ৰান্তৰ সংখ্যা কম কৰে বুলি দিল্লীৰ চিকে বিৰলা চিকিৎসালয়ৰ আভ্যন্তৰীণ ঔষধৰ সঞ্চালক ডাঃ ৰাজীৱ গুপ্তাই (আৰ) জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: বিশ্ব চাগাছ ৰোগ দিৱস : ভাৰতত ইয়াৰ সজাগতাৰ প্ৰয়োজন - World Chagas Disease Day

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.