ETV Bharat / health

পুৰুষসকলে এনেদৰে লওক নিজৰ ছালৰ যতন, মানি চলক এইসমূহ টিপছ

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 1:31 PM IST

Skin Care for Men: মহিলাৰ দৰে পুৰুষেও নিজৰ ছালৰ পৰ্যাপ্ত যত্ন লোৱাটো উচিত । পৰিৱৰ্তিত বতৰত ছালৰ যত্ন লোৱাটো আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰে । অন্যথা ছালৰ সৈতে জড়িত সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় । সেয়ে আজি আমি পুৰুষসকলৰ বাবে লৈ আহিছো সুস্থ ছালৰ বাবে কিছুমান বিশেষ টিপছ ।

Men should take care of their skin like this, follow these tips
পুৰুষসকলে এনেদৰে লওক নিজৰ ছালৰ যতন, মানি চলক এইসমূহ টিপছ

মহিলাসকলে প্ৰায়ে নিজৰ ছালৰ বাবে চিন্তিত হয় যদিও পুৰুষেও নিজৰ ছালৰ পৰ্যাপ্ত যত্ন লোৱাটো উচিত ৷ নাৰী আৰু পুৰুষৰ ছালৰ ধৰণ বেলেগ বেলেগ হয়৷ এনে পৰিস্থিতিত দুয়োজনে বিভিন্ন ধৰণে ছালৰ যত্ন ল’ব লগা হয় ৷ বহু সময়ত ছালৰ যত্ন নোলোৱাৰ বাবে পুৰুষে দাগ, ব্ৰণ, ক’লা দাগ, বলিৰেখা আদি সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় ৷ যদি পুৰুষসকলে যদি ছালৰ যত্নৰ টিপছৰ সন্ধান কৰি আছে, তেন্তে এই টিপছসমূহ আপুনি অনুসৰণ কৰিব পাৰে৷ ই আপোনাৰ মুখমণ্ডল আৰু অধিক আকৰ্ষণীয় আৰু গ্লোয়িং কৰি তোলাত সহায় কৰিব পাৰে ৷ তেন্তে জানো আহক পুৰুষে কেনেদৰে নিজৰ ছালৰ যতন ল’ব পাৰে ৷

পৰিষ্কাৰ কৰা

ছালৰ যত্নৰ ৰুটিনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ হৈছে চাফাই ৷ ই দীঘলীয়া দিনৰ অন্তত ছালত জমা হোৱা মলি আঁতৰোৱাত সহায় কৰে ৷ আপোনাৰ ছালখন পৰিষ্কাৰ কৰাৰ অতি প্ৰয়োজন ৷ সপ্তাহত এবাৰ ভাল স্ক্ৰাবেৰেও ছালখন এক্সফোলিয়েট কৰিব লাগে ৷

শ্বেভিং টিপছ

পুৰুষৰ ছাল আৰু মহিলাৰ ছালৰ প্ৰধান পাৰ্থক্য হ’ল মুখৰ দাড়ি ৷ পুৰুষে মুখৰ চুলিৰ যত্ন ল’ব লাগে ৷ তেওঁলোকৰ ছালৰ যত্নৰ এইটো এটা গুৰুত্বপূৰ্ণ অংশ ৷ শ্বেভিং কৰাৰ আগতে শ্বেভিং জেল ব্যৱহাৰ কৰক ৷ ই আপোনাৰ মুখৰ চুলিক ফেনতকৈ ভালকৈ কোমল কৰে ৷ ছালখনক কিছু আৰ্দ্ৰতা দিবলৈ আফটাৰশ্বেভ ব্যৱহাৰ কৰিবলৈ নাপাহৰিব ৷ এলকহল ভিত্তিক আফটাৰশ্বেভ পৰিহাৰ কৰক কাৰণ ইয়াৰ ফলত ৰেজাৰ বাৰ্ন হ’ব পাৰে ৷

ছানস্ক্ৰীণ

ছানস্ক্ৰীণ অন্যতম সাধাৰণ সামগ্ৰী ৷ আপুনি ছানস্ক্ৰীণ ব্যৱহাৰ কৰি ছালখনক UV ৰশ্মিৰ পৰা ৰক্ষা কৰিব পাৰে ৷ ৰ’দত ওলাই যোৱাৰ আগতে মুখ আৰু ডিঙিত ছানস্ক্ৰীণ লগাব লাগে ৷ ইয়াৰ দ্বাৰা আপোনাক ক্ষতিকাৰক UV ৰশ্মিৰ পৰা ৰক্ষা কৰিবলৈ কাম কৰিব ৷

আপোনাৰ ছাল অনুসৰি ছালৰ যত্নৰ সামগ্ৰী বাছি লওক

পুৰুষে মুখত ব্যৱহাৰ কৰা সামগ্ৰীৰ প্ৰতি বিশেষ গুৰুত্ব নিদিয়ে ৷ ইয়াৰ ফলত ছালৰ লগত জড়িত সমস্যা হ’ব পাৰে ৷ ব্ৰণ আৰু ৰঙা পৰা বা ফোঁহা আদি ছালৰ সমস্যাৰ পৰা হাত সাৰিবলৈ আপোনাৰ ছালৰ ধৰণ অনুসৰি সৌন্দৰ্য সামগ্ৰী বাছি লওক ৷ এই টিপচ্ সমূহে আপোনাৰ ছালখনক সুস্থ কৰি তোলাত সহায় কৰিব ৷

ইয়াৰ উপৰিও সুস্থ ছালৰ বাবে স্বাস্থ্যসন্মত আহাৰ গ্ৰহণ কৰাটোও গুৰুত্বপূৰ্ণ ৷ ই আপোনাৰ ছালখনক গভীৰভাৱে পুষ্টি প্ৰদান কৰে ৷ ইয়াৰ উপৰিও উজ্জ্বল ছালৰ বাবে বহু ধৰণৰ ঘৰতে তৈয়াৰ কৰা ফেচ মাস্ক ব্যৱহাৰ কৰিব পাৰে ৷

লগতে পঢ়ক: কিয় প্ৰতিবছৰে পালন কৰা হয় মহিলাৰ যৌনাংগ বিকৃতকৰণৰ বিৰুদ্ধে শূন্য সহনশীলতা আন্তঃৰাষ্ট্ৰীয় দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.