ETV Bharat / health

ৰেষ্টুৰেন্টৰ দৰে সোৱাদ পাবলৈ এনেদৰে তৈয়াৰ কৰক পাউ ভাজি মচলা

author img

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 3:19 PM IST

Pav Bhaji Masala Recepie: যদি আপুনি ঘৰতে পাউভাজি তৈয়াৰ কৰাৰ পিচতো ৰেষ্টুৰেন্টৰ দৰে সোৱাদ পাবলৈ সক্ষম নহয় তেন্তে চিন্তাৰ কোনো কাৰণ নাই ৷ মাষ্টাৰ শ্বেফ বিকাশ খান্নাৰ এই ৰেচিপিৰ সহায়ত ঘৰতে তৈয়াৰ কৰক পাউ ভাজি মচলা আৰু বৃদ্ধি কৰক আপোনাৰ পাউ ভাজিৰ সোৱাদ ৷

Master Chef Vikas Khanna reveals the secret of Pav Bhaji Masala, get restaurant like taste at home
ৰেষ্টুৰেন্টৰ দৰে সোৱাদ পাবলৈ এনেদৰে তৈয়াৰ কৰক পাউ ভাজি মচলা

প্ৰায়ে আমি যেতিয়াই বাহিৰত, হোটেলত বা ৰাস্তাত পাউ ভাজি খাওঁ তেতিয়াই আমি ঘৰতে একে সোৱাদৰ সৈতে বনাবলৈ চেষ্টা কৰোঁ ৷ কিন্তু কেতিয়াবা আমি বিচৰা ধৰণে ফলাফল পাবলৈ সক্ষম নহওঁ ৷ আপোনাৰ লগতো হয়তো এনেকুৱা হয় নেকি ? ইউটিউবত ৰেচিপি চোৱাৰ পিছতো যদি আপুনি বনোৱা পাউ ভাজিৰ সোৱাদ হোটেলৰ দৰে নহয়, তেন্তে চিন্তাৰ কোনো প্ৰয়োজন নাই ৷ যদি আপুনি নিজৰ পাউ ভাজিত শ্বেফে বনোৱা পাউ ভাজিৰ সোৱাদ আনিব বিচাৰে তেন্তে আজিৰ এই প্ৰতিবেদন আপোনাৰ বাবে ৷ এই প্ৰতিবেদনত আমি আপোনালোকক শ্বেফ বিকাশ খান্নাই আগবঢ়োৱা পাউ ভাজি মছলাৰ ৰেচিপিৰ বিষয়ে জনাইছো ৷ তেন্তে চাও আহক সম্পূৰ্ণ ৰেচিপি ৷

প্ৰয়োজনীয় উপাদানসমূহ

  • ৫ টা শুকান ৰঙা জলকীয়া
  • এক চতুৰ্থাংশ কাপ গোটা ধনীয়া
  • ৬ টা লং
  • ১ চামুচ জিৰা
  • ১/৫ চামুচ চফ
  • ৪ টা ডাঙৰ ইলাচি
  • ২ ইঞ্চি ডালচেনি
  • ১ চামুচ হালধি
  • আমৰ গুড়ি ২ চামুচ
  • ১ চামুচ জালুকৰ গুড়ি
  • ১ চামুচ ৰঙা জলকীয়াৰ গুড়ি
  • ১ চামুচ ক'লা নিমখ

এইদৰে পাউ ভাজি মছলা প্ৰস্তুত কৰক

  • প্ৰথমে কেৰাহীখন কম জুইত গেছত ৰাখিব ৷
  • এতিয়া শুকান ৰঙা জলকীয়াখিনি গুটি আঁতৰোৱাৰ পিছত কেৰাহীত অলপ পুৰি লওক ৷
  • এতিয়া আন এটা কেৰাহীত গোটা ধনীয়া, লং, জিৰা, চফগুটি আৰু ইলাচি ওপৰত উল্লেখিত পৰিমাণ অনুসৰি ভালদৰে মিহলাই শুকানকৈ ভাজি লওক ৷
  • ইয়াৰ পিছত ভজা মছলাখিনি আৰু উল্লেখিত উপাদানৰ পৰা বাকী থকা সকলো মছলা মিক্সাৰত দি ভালদৰে পিচি লওক ৷
  • ইয়াৰ পিছতে চেফ বিকাশ খান্নাৰ পাউ ভাজি মছলা সাজু হৈ গৈছে ৷
  • এতিয়া যেতিয়াই পাউ ভাজি বনাবলৈ আপুনি ইচ্ছা কৰে তেতিয়াই এই মছলাবিধ ব্যৱহাৰ কৰিব পাৰে ৷

এই মছলাৰ উপকাৰিতা

  • বজাৰৰ পৰা অহা মিশ্ৰিত মছলাতকৈ ঘৰতে বনোৱা পাউ ভাজি মছলা বহুগুণে পৰিষ্কাৰ হয় ৷
  • এই মছলা তৰকাৰীত যোগ কৰিলে আপুনি কোনো অতিৰিক্ত মছলা দিয়াৰ প্ৰয়োজন নাই ৷
  • চেফ বিকাশ খান্নাই আগবঢ়োৱা এই পাউ ভাজি মছলাত সকলো ধৰণৰ মছলাৰ মিশ্ৰণ আছে যিটো আমাৰ স্বাস্থ্যৰ বাবেও উপকাৰী ৷
  • আন যিকোনো তৰকাৰী বা ভাজিত এই মছলা মিহলাইও সোৱাদ বৃদ্ধি কৰিব পাৰে ৷

লগত পঢ়কে: থ্ৰেডিং কৰাৰ পিচত ভুলতো নকৰিব এই কাম অন্যথা হ’ব ডাঙৰ লোকচান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.