ETV Bharat / health

কেৱল কুঁহিয়াৰ পৰাই নহয়, এইসমূহ সামগ্ৰীৰ পৰাও প্ৰস্তুত কৰা হয় গুড় - Jaggery Health Benefits

author img

By ETV Bharat Assamese Team

Published : May 12, 2024, 3:34 PM IST

Jaggery Health Benefits : গুড় আমাৰ সকলোৰে পৰিচিত খাদ্য ৷ গুড় খোৱাটো স্বাস্থ্যৰ বাবে অতিকৈ উপকাৰী ৷ আপুনি জানেনে কিমান প্ৰকাৰৰ গুড় আছে ? প্ৰতিদিনে গুড় খালে আমাৰ শৰীৰত কি কি উপকাৰ হ’ব পাৰে ?

Jaggery Health Benefits
কেৱল কুঁহিয়াৰৰ পৰাই নহয়, এইসমূহ সামগ্ৰীৰ পৰাও প্ৰস্তুত কৰা হয় গুড় (ETV BHARAT ASSAM)

গুড়ৰ বহুতো উপকাৰিতা আছে । চিকিৎসক আৰু বিশেষজ্ঞসকলে কোৱা অনুসৰি, প্ৰতিদিনে অলপকৈ গুড় খোৱাটো স্বাস্থ্যৰ বাবে অতিকৈ উপকাৰী ৷ দৈনন্দিন বজাৰত বিভিন্ন প্ৰকাৰৰ গুড় উপলব্ধ হয় । এই ভিন্ন প্ৰকাৰৰ গুড়ৰ ভিন্ন লাভালাভ আছে ৷ আজি আমি আপোনালোকলৈ লৈ আহিছো আমাৰ দৈনন্দিন বজাৰত কেই প্ৰকাৰৰ গুড় কেইপ্ৰকাৰৰ উপলব্ধ হয় ?

গুড়ৰ স্বাস্থ্য সম্বলিত গুণাগুণ:

পুষ্টিৰ খনি : গুড় লো, মেগনেছিয়াম, পটাছিয়ামৰ দৰে খনিজ পদাৰ্থৰ উৎস । গুড়ত ভিটামিন বি আৰু এণ্টিঅক্সিডেণ্টো থাকে, যিবোৰ শৰীৰৰ বাবে অত্যাৱশ্যকীয়।

শক্তি বৃদ্ধি কৰে: কাৰ্বহাইড্ৰেটসমৃদ্ধ গুড়ে শৰীৰক প্ৰাকৃতিক শক্তি প্ৰদান কৰে । ই ভাগৰ আৰু অলসতাৰ পৰা আমাৰ শৰীৰক তাৎক্ষণিকভাৱে সকাহ প্ৰদান কৰে ।

হজম শক্তি উন্নত কৰে: আহাৰৰ পিচত গুড় সেৱনে পাচন তন্ত্ৰ স্বাস্থ্যকৰ কৰি ৰাখে । গুড়ে কোষ্ঠ-কাঠিন্য আৰু বদহজমৰ দৰে সমস্যা হ্ৰাস কৰে আৰু হজম প্ৰক্ৰিয়া উন্নত কৰে ৷

ডিটক্সিফিকেশ্যন: ডিটক্সিফিকেশ্যন গুড়ে আমাৰ যকৃতক ডিহাইড্ৰেটেড হোৱাৰ পৰা সুৰক্ষিত কৰে । গুড়ে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ উলিয়াই তেজ বিশুদ্ধ কৰাত সহায় কৰে ।

শ্বাস-প্ৰশ্বাসৰ সমস্যাত সকাহ: কাহ আৰু চৰ্দিৰ দৰে শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ চিকিৎসাৰ বাবে গুড় অতি উপযোগী । গুড়ৰ সৈতে অলপ আদা মিহলি কৰি খালে শীঘ্ৰেই শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ পৰা সকাহ পোৱা যায় ৷

ৰক্তহীনতা প্ৰতিৰোধ: গুড়ত থকা লোৰ উপাদানে ৰক্তহীনতা প্ৰতিৰোধক হিচাপে কাম কৰে । গুড়ে লোৰ অভাৱ আৰু ৰক্তহীনতাৰ চিকিৎসা কৰাৰ লগতে লোহিত ৰক্ত কণিকা আৰবিচি উৎপাদনত সহায় কৰে ।

ওজন নিয়ন্ত্ৰণ: ওজন হ্ৰাস কৰিব বিচৰা লোকসকলে পৰিশোধিত চেনিৰ সলনি গুড় ব্যৱহাৰ কৰিব পাৰে । এই গুড়ত কম কেলৰি, স্বাস্থ্যকৰ মিঠা থাকে ৷ ই শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷

ছালৰ বাবে অতিকৈ প্ৰয়োজনীয় : গুড়ত থকা এণ্টিঅক্সিডেণ্টে ছালৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে । সৌন্দৰ্য বিশেষজ্ঞসকলে কয় যে, ছালত বয়স বৃদ্ধিৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ আপুনি দৈনন্দিন কিছু গুড় খোৱা উচিত ।

গুড়ৰ প্ৰকাৰ :

কুঁহিয়াৰৰ গুড় : কুঁহিয়াৰৰ পৰা তৈয়াৰ কৰা গুড় হৈছে সচৰাচৰ আমি ব্যৱহাৰ কৰা গুড় ৷ আচলতে, গুড় যিমানেই গাঢ় হয়, সিমানেই ভাল । কুঁহিয়াৰৰ গুড়ৰ বহুতো লাভালাভ আছে । দৈনিক কুঁহিয়াৰৰ গুড় খালে খাদ্য হজম হোৱাত উন্নত হয় আৰু ই অত্যাৱশ্যকীয় পুষ্টিসমৃদ্ধ ।

তালৰ গুড় :

তালৰ ৰসৰ পৰা তৈয়াৰ কৰা গুড়ত উচ্চ পৰিমানৰ লোৰ উপাদান থাকে । শাৰীৰিক বিকাশত লো যথেষ্ট সহায়ক।

খেজুৰৰ গুড় :

খেজুৰ গছৰ পাতৰ ৰসৰ পৰা গুড় প্ৰস্তুত কৰিব পাৰি ৷ ইয়াৰ খেজুৰৰ গুড় বুলিও কোৱা হয় । এই গুড় খনিজ আৰু এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ । এইবিধ গুড় বহুতো ব্যঞ্জনত ব্যৱহাৰ কৰা হয় ।

নাৰিকলৰ গুড় :

নাৰিকলৰ পৰা তৈয়াৰ কৰা নাৰিকল গুড় পটাছিয়ামৰ এক উৎকৃষ্ট উৎস। ইয়াৰ সোৱাদ কেৰামেলৰ দৰে হয় । কুঁহিয়াৰৰ গুড়তকৈ নাৰিকলৰ পৰা তৈয়াৰী গুড় বেছি উপকাৰী ।

ক'লা গুড় :

পৰম্পৰাগত আয়ুৰ্বেদিক ঔষধত ক'লা গুড় ব্যৱহাৰ কৰে । ইয়াৰ বহুতো ঔষধি গুণ আছে । বিভিন্ন বনৌষধি আৰু মচলা প্ৰস্তুত কৰোতেও ক'লা গুড় বহুলভাৱে ব্যৱহাৰ কৰা হয়।

তিলৰ গুড় :

ভজা তিলৰ পৰা তৈয়াৰ কৰা গুড়ৰ বহুতো উপকাৰিতা আছে । তিলৰ গুড়ত থকা কেলচিয়ামে শৰীৰৰ হাড় মজবুত কৰে ৷

লগতে পঢ়ক : বাৰে বাৰে উশাহ ফুলাৰ সমস্যা আছে নেকি ? খাবলৈ আৰম্ভ কৰক এই খাদ্য - Shortness of Breath

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.