ETV Bharat / health

AC কুলাৰৰ অবিহনে এনেদৰে ঠাণ্ডা কৰক আপোনাৰ ঘৰ - Summer cooling tips

author img

By ETV Bharat Assamese Team

Published : May 3, 2024, 4:49 PM IST

Summer cooling tips: ৰ’দৰ উত্তাপ আৰু গৰমৰ বতাহৰ ফলত কেৱল মানুহেই নহয়, জীৱ-জন্তুৱেও যথেষ্ট অসুবিধাৰ সন্মূখীন হৈছে ৷ তেন্তে ইয়াৰ পৰা সকাহ লাভ কৰাৰ উপায় জানো আহক-

Keep the house cool in this way without AC or cooler, the room will remain cool even in extreme heat
AC কুলাৰৰ অবিহনে এনেদৰে ঠাণ্ডা কৰক আপোনাৰ ঘৰ (SOURCE: Getty Images)

এইবাৰ যেন মাৰ্চ মাহৰ পৰাই গ্ৰীষ্মকাল আৰম্ভ ৷ কেৱল ঘৰৰ বাহিৰতেই নহয়, এতিয়া ঘৰৰ ভিতৰতো সূৰ্যৰ উত্তাপ আৰু গৰম বতাহৰ বাবে জনসাধাৰণে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৷ কেৱল মানুহেই নহয়, জীৱ-জন্তুৱেও ৰ’দৰ উত্তাপ আৰু গৰমৰ বতাহৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৷

এনে পৰিস্থিতিত মানুহে ইতিমধ্যে ঘৰত এচি আৰু কুলাৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে ৷ বজাৰত এচি, কুলাৰ, ফেন বিক্ৰী কৰা দোকানবোৰতো মানুহে দীঘলীয়া শাৰী পাতিছে ৷ যিসকলৰ ঘৰত ফেন চলি থাকে, তেওঁলোকৰ বাবে ডাঙৰ সমস্যাটো হ’ল ঘৰত বতাহ আছে যদিও ইমান গৰম যে ঘৰৰ ভিতৰত গৰমৰ ঢৌ-ৰ দৰে হয় আৰু কোঠাতো মানুহ হিট ষ্ট্ৰ’কত ভূগিবলগীয়া হ’ব পাৰে ৷

বতৰ বিজ্ঞান বিভাগে অহৰহ জাননী জাৰি কৰি আহিছে যে, এইবাৰ গ্ৰীষ্মকাল বেছি দিন থাকিব আৰু তাপমাত্ৰাও বৃদ্ধি পাব ৷ এনে পৰিস্থিতিত ঘৰত এচি আৰু কুলাৰ লগোৱাৰ বাজেট নথকা লোকসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব পাৰে ৷

সেয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে আমি আপোনালোকক এনে কিছুমান ঘৰুৱা উপায় বা টিপচৰ বিষয়ে কৈছো, যাৰ সহায়ত আপুনি এচি আৰু কুলাৰ নোহোৱাকৈও আপোনাৰ ঘৰটো ঠাণ্ডা কৰি ৰাখিব পাৰে ৷ কেনেকৈ জানো আহক-

ঘৰখন শীতল কৰি ৰাখিবলৈ ঘৰুৱা উপায়

ছাদত পানী ঢালি ৰাখিব:

গৰমৰ দিনত সন্ধিয়াৰ পিছত ঘৰৰ ছাদত পানী ঢালি ৰাখিলে চাদখন ঠাণ্ডা হ’ব আৰু ৰাতি ফেনখন চলালে গৰম বতাহৰ সলনি ঠাণ্ডা বতাহ কোঠাটোলৈ আহিব ৷ দৰাচলতে গোটেই দিনটো ৰ’দৰ তাপত ছাদখন গৰম হৈ পৰে আৰু ইয়াৰ বাবে ফেন চলিলে বতাহ গৰম হয় ৷

বেলকনিত গছ-গছনি ৰোপণ কৰক

ঘৰৰ বেলকনিত যিমানেই সেউজীয়া আৰু ঘন গছ-গছনি ৰোপণ কৰিব, ঘৰৰ ভিতৰত সিমানেই সকাহ পাব ৷ এনে পৰিস্থিতিত বেলকনিৰ বাহিৰেও গ্ৰীষ্মকালত নিজৰ কোঠাত গছ-গছনি ৰাখিব পাৰে ৷ ইয়াৰ বাহিৰেও সন্ধিয়াৰ পিছত আপোনাৰ গছ-গছনিবোৰত প্ৰচুৰ পৰিমাণে পানী দি জীপাল কৰি ৰাখক যাতে সেয়া শুকাই নাযায় আৰু ঘৰখন ঠাণ্ডা কৰি ৰাখিব পৰা যায় ৷

POC ৰ কাম কৰক

ঘৰবোৰক আধুনিক ৰূপ দিবলৈ আজিকালি POC বহুত ব্যৱহাৰ কৰা হয়, যিয়ে আচলতে কোঠাটো ঠাণ্ডা কৰি ৰখাৰ কাম কৰে ৷ এইক্ষেত্ৰত আপুনি আপোনাৰ ঘৰতে POC কৰিব পাৰে ৷

খিৰিকী বন্ধ কৰি ৰাখক

গ্ৰীষ্মকালত দিনটো পাৰ হৈ যোৱাৰ লগে লগে ঘৰৰ খিৰিকী বন্ধ কৰি ৰাখিব আৰু গধুৰ কপাহী পৰ্দা ব্যৱহাৰ কৰিব লাগে ৷ ইয়াৰ বাবে গৰম বতাহ আৰু সূৰ্যৰ পোহৰ কোঠাটোত নাহে আৰু ঘৰটোও গৰম নহয় ৷

খিৰিকীবোৰত ক’লা টেপ লগাই দিব

যদি আপোনাৰ ঘৰৰ খিৰিকীবোৰ কাঁচৰ হয়, তেন্তে তাত ক’লা টেপ বা কাগজ লগাব পাৰে ৷ ইয়াৰ দ্বাৰা সূৰ্যৰ পোহৰ আপোনাৰ কোঠালৈ নাহে আৰু কোঠাটো গৰম নহয় ৷

ঠাণ্ডা বস্তু টেবুল ফেনৰ সন্মুখত ৰাখক

যদি আপুনি গ্ৰীষ্মকালত টেবুল ফেন ব্যৱহাৰ কৰে, তেন্তে বৰফৰ টুকুৰা এটা পাত্ৰত থৈ ফেনৰ সন্মুখত ৰাখক ৷ চেষ্টা কৰক যে, বতাহ সেই পাত্ৰটোত খুন্দা মাৰি কোঠাটোত বিয়পি পৰে ৷ ইয়াৰ উপৰিও তিতা কাপোৰ ব্যৱহাৰ কৰিব পাৰে ৷ কোনো পাতল কাপোৰ তিয়াই আপুনি ব্যৱহাৰ কৰিব পাৰে ৷

লগতে পঢ়ক: Covidৰ নতুন ভেৰিয়েন্ট FLiRT য়ে বঢ়াইছে জনসাধাৰণৰ চিন্তা, ইয়াৰ বিষয়ে জানো আহক - Covid Flirt Variant

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.